ETV Bharat / entertainment

মহাদেৱ এপ গোচৰ: সময় বিচাৰিলে অভিনেত্ৰী তমান্না ভাটিয়াই - Tamannaah Bhatia

author img

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 10:21 PM IST

Tamannaah Bhatia Reacts To Summons in Illegal IPL Streaming Case Seeks More Time Report
মহাদেৱ এপ গোচৰ: সময় বিচাৰিলে অভিনেত্ৰী তমান্না ভাটিয়াই

Tamannaah Bhatia : মহাদেৱ অনলাইন গেমিং এপ গোচৰত অভিনেত্ৰী তমান্না ভাটিয়াক চমন জাৰি মহাৰাষ্ট্ৰৰ চাইবাৰ চেলৰ ৷ যদিও অভিনেত্ৰীগৰাকী মুম্বাইৰ বাহিৰত থকাত তেওঁ চাইবাৰ চেলত উপস্থিত থাকিব নোৱাৰি কিছু সময় বিচাৰিছে ৷

চিটাৰা ডেস্ক, 29 এপ্ৰিল : অবৈধভাৱে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ষ্ট্ৰীমিং গোচৰৰ সন্দৰ্ভত অভিনেত্ৰী তমান্না ভাটিয়াক মহাৰাষ্ট্ৰৰ চাইবাৰ চেলে তলব কৰিছিল । অভিনেত্ৰীগৰাকী ২৯ এপ্ৰিলত উপস্থিত হোৱাৰ কথা আছিল যদিও তেওঁ উপস্থিত নাথাকি অধিক সময় বিচাৰিছিল ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, সম্প্ৰতি তমান্না ভাটিয়া মুম্বাইৰ বাহিৰত আছে । সেইবাবে অভিনেত্ৰীগৰাকীয়ে চাইবাৰ চেলত উপস্থিত থাকিব নোৱাৰিলে ৷ অভিনেত্ৰীগৰাকীক এই গোচৰটোৰ সন্দৰ্ভত মুম্বাই চাইবাৰ চেলে 25 এপ্ৰিলত চমন জাৰি কৰিছিল ৷ এই চমন অনুসৰি অভিনেত্ৰীগৰাকী আজি তথা 29 এপ্ৰিলত হাজিৰ হ'ব লাগিছিল ।

ইতিমধ্যে এই ঘটনা সন্দৰ্ভত বিখ্যাত ৰেপাৰ বাদশ্বাহ আৰু অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজক সোধা-পোছা কৰা হৈছে । একে সময়তে, অভিনেতা ছাহিল খানকো এই গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে ৷ জানিব পৰা মতে অভিনেতা ছাহিলক 1 মে'লৈকে আৰক্ষীৰ জিম্মাত ৰাখিব ৷

ইয়াৰোপৰি আজি বলীউডৰ ছুপাৰষ্টাৰ সঞ্জয় দত্তও মহাদেৱ বেটিং এপ গোচৰত উপস্থিত হোৱাৰ কথা আছি ৷ কিন্তু দেশৰ বাহিৰত থকাৰ বাবে, তেওঁও কিছু সময় বিচাৰিছে।

2023 চনত, মহাদেৱ অনলাইন গেমিং এপত আই পি এল মেচ প্ৰচাৰ কৰা হৈছিল ৷ মহাদেৱ বেটিং এপটোৱে বিগত বছৰত বাতৰিৰ শিৰোনাম দখল কৰিছিল ৷ এই এপটোত অভিনেতা ৰণবীৰ কাপুৰ আৰু শ্ৰদ্ধা কাপুৰৰ দৰে অভিনেতা- অভিনেত্ৰীয়ে বিজ্ঞাপনত দিয়া দেখা গৈছিল ৷ ইতিমধ্যে তেওঁলোককো প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) সোধা-পোছাৰ বাবে মাতি পঠিয়াইছিল ।

মহাদেৱ অনলাইন বেটিং এপটো ডুবাইৰ সৌৰভ চন্দ্ৰকাৰ আৰু ৰবি উপপালে পৰিচালনা কৰিছিল । তেওঁলোক দুয়ো ছত্তীশগড়ৰ ভিলাইৰ ।

লগতে পঢ়ক: অভিনেতা ছাহিল খানক মহাদেৱ বেটিং এপ গোচৰত গ্ৰেপ্তাৰ - Actor Sahil Khan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.