অসম

assam

Rashmika Mandanna : ৮০ লাখ টকাৰ প্ৰৱঞ্চনাক লৈ মৌনতা ভংগ কৰিলে ৰশ্মিকা মান্দানাই

By

Published : Jun 23, 2023, 2:15 PM IST

শেহতীয়াকৈ দক্ষিণৰ অভিনেত্ৰী ৰশ্মিকাৰ সন্দৰ্ভত এটা খবৰ পোৱা গৈছিল যে তেওঁৰ মেনেজাৰে তেওঁক ৮০ লাখ টকাৰ প্ৰৱঞ্চনা কৰিছে ৷ সম্প্ৰতি এই সন্দৰ্ভত নিজৰ মৌনতা ভংগ কৰিছে অভিনেত্ৰীগৰাকীয়ে ৷

Rashmika mandanna break silence over controversy on being dubed manager, see official statement
প্ৰৱঞ্চনাৰ সন্দৰ্ভত নিজৰ মৌনতা ভংগ কৰিছে ৰশ্মিকাই

চিটাৰা ডেস্ক, 23 জুন: দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ অন্যতম ধুনীয়া অভিনেত্ৰী ৰশ্মিকা মান্দানাক লৈ শেহতীয়াকৈ এক চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছিল । অভিনেত্ৰীগৰাকীক লৈ খবৰ আহিছিল যে তেওঁৰ মেনেজাৰে তেওঁক ৮০ লাখ টকাৰ প্ৰতাৰণা কৰিছে ৷ ইয়াৰ পিচত ৰশ্মিকাই আৰক্ষী থানাত কোনো গোচৰ ৰুজু নকৰাকৈয়ে তেওঁৰ মেনেজাৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল বুলিও খবৰ পোৱা গৈছিল ।

অৱশ্যে বিগত সময়ত এই খবৰটোৰ সন্দৰ্ভত এটা আপডেট আহিছিল, য’ত এই খবৰটোক মিছা বুলি অভিহিত কৰা হৈছিল ৷ এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে প্ৰথমে কোনো মন্তব্য দিয়া নাছিল যদিও সম্প্ৰতি এই গোটেই বিষয়টোৰ ওপৰত ৰশ্মিকা আৰু তেওঁৰ মেনেজাৰৰ অফিচিয়েল ষ্টেটমেন্ট আহিছে ।

প্ৰৱঞ্চনাৰ সন্দৰ্ভত নিজৰ মৌনতা ভংগ কৰিছে ৰশ্মিকাই

সংবাদ মাধ্যমৰ খবৰ অনুসৰি ৰশ্মিকা আৰু তেওঁৰ মেনেজাৰে প্ৰতাৰণা কৰাৰ বাতৰিক লৈ মৌনতা ভংগ কৰি আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিছে । এই বিবৃতিত কোৱা হৈছে যে দুয়োগৰাকীয়ে সহমত আৰু সৌহাৰ্দ্যপূৰ্ণভাৱে পৃথক হোৱাৰ সিদ্ধান্ত লৈছে ।

বিবৃতিত লিখা আছে, ৰশ্মিকা আৰু তেওঁৰ মেনেজাৰৰ মাজত কোনো শত্ৰুতা বা পাৰস্পৰিক শত্ৰুতা নাই আৰু তেওঁ এই প্ৰৱঞ্চনাৰ খবৰক অস্বীকাৰ কৰিছে । লগতে বিবৃতিটোত লিখা আছে, আমাৰ মাজত কোনো নেতিবাচকতা নাই, আমি সৌহাৰ্দ্যপূৰ্ণভাৱে বিচ্ছেদ হৈছো, এই উৰাবাতৰিৰ কোনো সত্যতা নাই আৰু এতিয়া আমি পৃথকে পৃথকে কামবোৰ কৰিম ।

ৰশ্মিকা মান্দানাৰ ৱৰ্ক ফ্ৰন্ট

ৰশ্মিকা মান্দানাক শেষবাৰৰ বাবে দেখা গৈছিল দুখন হিন্দী ছবি গুডবাই আৰু মিছন মাজনুত । গুডবাই আছিল ৰশ্মিকাৰ বলীউড ডেবিউ ছবি ৷ অৱশ্যে বক্স অফিচত ছবিখন এভাৰেজ ৰূপে পৰিগণিত হৈছে ৷ আনহাতে, ৰশ্মিকাক শেষবাৰৰ বাবে দেখা গৈছিল ৱাৰিছু ছবিখনত দক্ষিণৰ ছুপাৰষ্টাৰ বিজয়ৰ সৈতে । একে সময়তে এতিয়া পুষ্পা-২ ছবিখনৰ বাবে চৰ্চাত আছে ৰশ্মিকা ৷ এই ছবিখনত আকৌ এবাৰ আল্লু অৰ্জুনৰ বিপৰীতে শ্ৰীৱল্লীৰ চৰিত্ৰত দেখা যাব ৰশ্মিকাক ।

লগতে পঢ়ক:Adipurush: আদিপুৰুষৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই দিয়া হ’ল নেপালত, ইয়াৰ পিচত ক্ষুব্ধ মেয়ৰৰ সকীয়নি

ABOUT THE AUTHOR

...view details