ETV Bharat / entertainment

Adipurush: আদিপুৰুষৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই দিয়া হ’ল নেপালত, ইয়াৰ পিচত ক্ষুব্ধ মেয়ৰৰ সকীয়নি

author img

By

Published : Jun 23, 2023, 11:47 AM IST

নেপালত দক্ষিণ ছুপাৰষ্টাৰ প্ৰভাস আৰু কৃতি সেননৰ অভিনীত ছবি আদিপুৰুষৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱা হৈছে ।

Nepal lifts ban on Adipurush, Kathmandu Mayor says ready to face punishment
আদিপুৰুষ’ৰ পৰা বেন আঁতৰা দিয়া হ’ল নেপালত

চিটাৰা ডেস্ক, 23 জুন: সমগ্ৰ দেশতে প্ৰতিবাদৰ সন্মুখীন হোৱা আদিপুৰুষে চুবুৰীয়া দেশ নেপালৰ পৰা বৃহৎ সকাহ লাভ কৰিছে । এইখিনিতে উল্লেখ কৰিব লাগিব আদিপুৰুষ ছবিখনৰ বাবেই শেহতীয়াকৈ নেপালত বলীউডৰ ছবি নিষিদ্ধ কৰিছিল । নেপালত ছবিখনক লৈ সৃষ্টি হোৱা ক্ষোভ দেখি আদিপুৰুষৰ নিৰ্মাতাই নেপাল চৰকাৰলৈ ক্ষমা প্ৰাৰ্থনা পত্ৰ পঠিয়াইছিল ৷ শেহতীয়াকৈ পোৱা খবৰ অনুসৰি নেপাল আদালতে আদিপুৰুষৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে।

কিন্তু নেপালৰ এগৰাকী মেয়ৰে আদালতৰ এই সিদ্ধান্তত বিচলিত হৈ পৰিছে । আদালতৰ এই সিদ্ধান্তৰ পিচত মেয়ৰে প্ৰত্যাহ্বান জনায় যে তেওঁলোকে নিজকে শাস্তিৰ বাবে সাজু কৰিব লাগে। আপুনি জানেনে কিয় নেপালত আদিপুৰুষৰ বাবে বলীউডৰ ছবি নিষিদ্ধ কৰা হৈছিল ? ছবিখনৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱাৰ পিচত নেপালৰ এই মেয়ৰজন কিয় আন্দোলন কৰিছে ? জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

ছবিখনৰ সন্দৰ্ভত কি ক’লে আদালতে ?

আদিপুৰুষৰ ওপৰত নিষেধাজ্ঞা উঠাই লোৱাৰ সিদ্ধান্তত নেপাল আদালতে কৰ্তৃপক্ষক জনাইছে যে যেতিয়া দেশৰ চেন্সৰ ব’ৰ্ডে কোনো আপত্তি নোহোৱাকৈ ছবিখন গৃহীত কৰিছে তেতিয়া নিষেধাজ্ঞা আৰোপ কৰাৰ কোনো অৰ্থ নাই ৷ উল্লেখ্য যে, আদিপুৰুষ ছবিখন চাই নেপালৰ আদালতে লৈছে এই সিদ্ধান্ত । আদালতৰ এই সিদ্ধান্তক লৈ কাঠমাণ্ডুৰ মেয়ৰ বলেন্দ্ৰ শ্বাহে অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে প্ৰত্যাহ্বানো জনাইছে ।

মেয়ৰে কি ক’লে ?

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আদালতৰ এই সিদ্ধান্তত ক্ষুব্ধ হৈ মেয়ৰ বলেন্দ্ৰ শ্বাহে কয় যে মই ইয়াৰ বাবে যিকোনো শাস্তিৰ সন্মুখীন হ’বলৈ সাজু, কিন্তু ছবিখন চলিবলৈ নিদিওঁ । নেপাল আদালতৰ এই সিদ্ধান্তৰ পিচত কাঠমাণ্ডুৰ মেয়ৰে নেপাল চৰকাৰ আৰু আদালতক ভাৰতৰ দাস বুলিও ঘোষণা কৰিছে ।

আদিপুৰুষ আৰু বলীউডক কিয় নিষিদ্ধ কৰা হৈছিল নেপালত ?

উল্লেখ্য যে, আদিপুৰুষ ছবিখনত মাতৃ সীতাক ভাৰতৰ কন্যা বুলি অভিহিত কৰাত ক্ষুব্ধ হৈ পৰিছিল নেপাল ৷ যাৰ বাবে মেয়ৰে আদিপুৰুষৰ লগতে সকলো হিন্দী ছবি নিষিদ্ধ কৰিছিল । নেপালৰ মেয়ৰে কয় যে সীতাৰ জন্ম নেপালৰ জনকপুৰত আৰু সীতা নেপালৰ কন্যা । এই বিতৰ্কিত সংলাপ ছবিখনৰ পৰা আঁতৰাই নিদিয়ালৈকে ছবিখন নেপালত চলিবলৈ দিয়া নহ’ব বুলি কৈ মেয়ৰে ছবিখন নিষিদ্ধ কৰিছিল।

লগতে পঢ়ক: Adipurush : আদিপুৰুষক সমৰ্থন কৃতি সেননৰ মাতৃৰ, ব্যৱহাৰকাৰীয়ে ক’লে - প্ৰথমে আপোনাৰ ছোৱালীক শিকাওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.