অসম

assam

Kangana Ranaut instagram: দীপাৱলীত কংগনা ৰাণাৱটৰ ভয়ংকৰ স্বীকাৰোক্তি

By

Published : Oct 24, 2022, 5:15 PM IST

অভিনেত্ৰী কংগনা ৰাণাৱটে দেৱালীত তেওঁৰ বলীউড বন্ধুসকলৰ বাবে উদ্দেশ্যি এটা 'স্বীকাৰোক্তি' দিছে । থালাইভি অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা মিম শ্বেয়াৰ কৰি এই স্বীকাৰোক্তি দিছে (Kangana Ranaut instagram) ৷ কিনো ক’লে কংগনাই জানো আহকচোন-

Kangana Ranaut
দীপাৱলীত কংগনা ৰাণাৱটৰ ভয়ংকৰ স্বীকাৰোক্তি

চিটাৰা ডেস্ক, 24 অক্টোবৰ : দীপাৱলীত বলীউডৰ বন্ধুসকলৰ বাবে এক ‘কনফেচন’ পোষ্ট কৰিছে অভিনেত্ৰী কংগনা ৰাণাৱটে । 'থালাইভি' অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট'ৰীত এটা মিম শ্বেয়াৰ কৰে য'ত লিখা আছিল, "যিসকল ব্যক্তিক, মই এই বছৰ আঘাত কৰিছো আপোনালোক ইয়াৰ যোগ্য আছিল"। এই মিমৰ জৰিয়তে কংগনাই নিজৰ বাৰ্তাত এটা টুইষ্ট দি লিখিছে, "এই বছৰটো শেষ হ’বলৈ গৈ আছে তাৰ লগে লগে মই মোৰ বলীউডৰ বন্ধুসকলৰ বাবে কিবা এটা স্বীকাৰ কৰিব বিচাৰিছো" (Kangana Ranaut instagram) ৷

ইয়াৰ পূৰ্বে, 'কুইন' অভিনেত্ৰীগৰাকীয়ে চোটি দেৱালী উপলক্ষে তেওঁ নতুনকৈ পুনৰ নিৰ্মাণ কৰা মন্দিৰৰ এখন ফটো পোষ্ট কৰিছিল । তেওঁ ক্ৰীম-বেইজ ৰঙৰ চুট পিন্ধিছিল আৰু মন্দিৰৰ এজন পুৰোহিতৰ কাষত বহি থকা দেখা গৈছিল । তেওঁৰ সন্মুখত ভগৱান গণেশৰ এটা মূৰ্তি ৰখা হৈছিল আৰু মূৰ্তিটোৰ পিছফালে ৰঙীন দেৱাল এখনত ভৰ দি এখন ডাঙৰ ফ্ৰেমযুক্ত Pichwai painting আছিল । পোষ্টটো শ্বেয়াৰ কৰি তেওঁ লিখিছিল, "এই উৎসৱৰ বতৰতে ঘৰৰ মন্দিৰটো পুনৰ নিৰ্মাণ কৰা হয়" ৷

কংগনাৰ আহিবলগীয়া প্ৰকল্পসমূহৰ বিষয়ে ক'বলৈ গ'লে, তেওঁক 'টিকু ৱেডছ শ্বেৰু'ত দেখা যাব যিখন কংগনাৰ প্ৰযোজনা গৃহ মণিকৰ্ণিকা ফিল্মছৰ দ্বাৰা প্ৰযোজিত প্ৰথম প্ৰকল্প । সাই কবিৰৰ দ্বাৰা পৰিচালিত এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে নৱাজুদ্দিন ছিদ্দিকী আৰু অৱনীত কৌৰে । চলচ্চিত্ৰখন আমাজন প্ৰাইম ভিডিঅ'ত প্ৰিমিয়াৰ হ’বলৈ সাজু । নিৰ্মাতাসকলৰ পৰা আনুষ্ঠানিক মুক্তিৰ তাৰিখৰ বাবে এতিয়াও অপেক্ষা কৰি থকা হৈছে ।

দীপাৱলীত কংগনা ৰাণাৱটৰ ভয়ংকৰ স্বীকাৰোক্তি

তাৰ বাহিৰেও তেওঁৰ হাতত আছে পিৰিয়ড ড্ৰামা ‘Emergency’ য’ত তেওঁক প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰা দেখিবলৈ পোৱা যাব । ‘ইমাৰ্জেন্সী’ কংগনাৰ প্ৰথম একক পৰিচালনামূলক ছবি । কংগনাৰ উপৰিও ছবিখনত বিশিষ্ট চৰিত্ৰত অভিনয় কৰিছে অনুপম খেৰ, মহিমা চৌধুৰী, বিশক নায়ৰ আৰু শ্ৰেয়াস তালপাড়েই ।

লগতে পঢ়ক :Salman Khan news: বিগ বছ 16 ত ঘোষক হিচাপে কৰণ জোহৰ, ডেংগুত আক্ৰান্ত ছলমান খান

ABOUT THE AUTHOR

...view details