অসম

assam

লালপুলত বুজন পৰিমাণৰ গাঞ্জাসহ দুই সৰবৰাহকাৰী আটক

By

Published : Aug 8, 2021, 10:11 PM IST

Ganja With Two Paddlers Arrested By Police At lalpul,Udalguri District

ওদালগুৰিৰ লালপুলত বুজন পৰিমাণৰ গাঞ্জাসহ দুজন সৰবৰাহকাৰীক আটক (Paddlers Arrest) কৰে আৰক্ষীয়ে ৷ ধৃত সৰবৰাহকাৰী দুটাৰ ভিতৰত এগৰাকী মহিলাও আছে ৷

ৰৌতা, 8 আগষ্ট : ড্ৰাগছ, (Drugs) ভাং, চুলাই মদ আদি বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে ৷ সমান্তৰালকৈ ওদালগুৰি জিলা আৰক্ষীয়েও ইয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ ইমানৰ মাজতো জিলাখনত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ ৷

ইফালে এক গোপন সূত্ৰৰ পম খেদি দেওবাৰে ওদালগুৰি জিলা (Udalguri District)ৰ লালপুলত এটা অভিযান চলায় ৷ উক্ত অভিযানত আৰক্ষীয়ে গাঞ্জাসহ দুজন সৰবৰাহকাৰীক আটক কৰে । ওদালগুৰিৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত লালপুল আৰক্ষী চকীৰ নাকা তালাচীত গাঞ্জাসহ সৰবৰাহকাৰী দুজনক আটক কৰিবলৈ সক্ষম হয় ।

লালপুলত বুজন পৰিমাণৰ গাঞ্জাসহ দুই সৰবৰাহকাৰী আটক

লালপুল আৰক্ষী চকী (Lalpul Police Station)ৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন চন্দ্ৰ বৰ্মনৰ নেতৃত্বত আৰক্ষীৰ দলে চলাইছিল এই অভিযান । ধৃত সৰবৰাহকাৰী দুজনৰ পৰা প্ৰায় ১৫ কিলোগ্ৰাম গাঞ্জাসহ, দুটা মোবাইল ফোন আৰু ৩১২০ টকা জব্দ কৰে আৰক্ষীয়ে ।

আটকাধীন সৰবৰাহকাৰী জন মৃদুল আলী বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিছে । ইফালে ধৃত সৰবৰাহকাৰীকেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত গাঞ্জাখিনি ওদালগুৰিৰ পৰা গুৱাহাটী (Guwahati) লৈ যোৱা বুলি জানিব পৰা গৈছে ৷ তাত অন্য সৰবৰাহকাৰীক গাঞ্জা বিক্ৰী কৰে ৷ ইফালে ধৃত মহিলা সৰবৰাহকাৰীটো কেইবাবাৰো আৰক্ষীয়ে আটক কৰিছিল বুলি সদৰি কৰে ৷

এই সন্দৰ্ভত লালপুল আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । অৱশ্যে আৰক্ষীৰ তদন্তৰ অন্ততহে ওলাই পৰিব গাঞ্জা সৰবৰাহত আৰু কোনো কোন লোক জড়িত হৈ আছে ৷ ইতিমধ্যে জিলাখনত লাখ লাখ টকাৰ ড্ৰাগছকে আদি কৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী জব্দ (Seized) কৰা হৈছে ৷ লগতে গ্ৰেপ্তাৰ কৰা হৈছে বহুকেইজন ড্ৰাগছ মাফিয়াক ৷

যেতিয়ালৈ নিচাজাতীয় সামগ্ৰী সৰবৰাহ বন্ধ নহব, তেতিয়ালৈ তীব্ৰৰ পৰা তীব্ৰতৰ অভিযান অব্যাহত থাকিব বুলি সকীয়াই দিয়ে আৰক্ষীয়ে ৷

লগতে পঢ়ক -লক্ষাধিক টকাসহ গ্ৰেপ্তাৰ বনকৰা মহিলা

ABOUT THE AUTHOR

...view details