অসম

assam

সোণাৰিত ড্ৰাগছসহ তিনি ড্ৰাগছ আসক্ত যুৱক আটক

By

Published : Jul 20, 2021, 11:53 AM IST

শিৱসাগৰৰ ৰাইডঙীয়াত সোমবাৰে ড্ৰাগছসহ তিনিজন ড্ৰাগছ আসক্ত যুৱকক আটক কৰে সোণাৰি আৰক্ষীয়ে (Sonari Police) ৷ ইতিমধ্যে অধিক তথ্যৰ বাবে যুৱককেইজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

Drugs With Three Youth Arrested By Police At Sivsagar
সোণাৰিত ড্ৰাগছসহ তিনি ড্ৰাগছ আসক্ত যুৱকক আটক

শিৱসাগৰ, 20 জুলাই : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ (DRUGS) তথা নিচাজাতীয়া সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ (Assam Police) তীব্ৰ অভিযান ৷ সমান্তৰালকৈ শিৱসাগৰ আৰক্ষীয়ে (Sivsagar Police) ইয়াৰ বিৰুদ্ধে সস্তম হৈ পৰিছে ৷ সোমবাৰেও এটা গোপন সূত্ৰৰ পমখেদি শিৱসাগৰৰ সোণাৰি আৰক্ষীয়ে এটা অভিযান চলায় ৷ আৰক্ষীৰ অভিযানত তিনিজন ড্ৰাগছ আসক্ত যুৱক আটক (Arrest) কৰে ।

সোণাৰি আৰক্ষীৰ বিশেষ অভিযানত ৰজাপুখুৰীৰ ৰাইডঙীয়াত আটক কৰা হয় ড্ৰাগছ আসক্ত যুৱককেইজনক । আটকাধীন যুৱককেইজনে ব্যৱহাৰ কৰা AS 06G 0892 নম্বৰৰ টাটা ইণ্ডিকা বাহন এখনো জব্দ কৰে আৰক্ষীয়ে । ধৃত যুৱক কেইজন সোণাৰি ৰাইদঙীয়া অঞ্চলৰ জাকিৰ আহমেদ(বাবলী), ডিব্ৰুগড় জিলাৰ বাণীপুৰৰ আছিক আহমেদ আৰু ডিব্ৰুগড় জিলাৰ চাউলখোৱাৰ জয়নাল আলি বুলি জানিব পৰা গৈছে ।

সোণাৰিত ড্ৰাগছসহ তিনি ড্ৰাগছ আসক্ত যুৱকক আটক

ধৃত যুৱককেইজনে সোণাৰিত ড্ৰাগছ সৰবৰাহ কাৰ্যত আবিদ ৰহমান নামৰ আন এজন যুৱকো জড়িত থকাৰ কথা স্বীকাৰ কৰিছে ৷ ইতিমধ্যে উক্ত ঘটনাটোৰ বিৰুদ্ধে তদন্ত অব্য়াহত ৰাখিছে আৰক্ষীয়ে ৷

ঠিক একেদৰে লক ডাউন, সান্ধ্য আইনৰ মাজতে হোজাই জিলাৰ লংকা আৰক্ষীয়ে (Lanka Police) দেওবাৰে নিশা এক গোপন সূত্ৰৰ ভিত্তিত ড্ৰাগছ বিৰোধী অভিযান চলায় । এই অভিযানৰ সময়ত লংকা আৰক্ষীয়ে ৯ টা ড্ৰাগছ ভৰ্তি কন্টেনাৰসহ এজনক আটক কৰিবলৈ সক্ষম হয় । আটকাধীন সৰবৰাহকাৰীটো ৰাকেশ সিং বুলি জানিব পৰা হৈছে । জব্দকৃত ড্ৰাগছখিনি হেৰ'ইন অথবা ব্ৰাউন চুগাৰ বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

লংকা আৰক্ষীয়ে (Lanka Police) ৰাকেশ সিঙৰ পৰা প্ৰায় 34 গ্ৰাম ড্ৰাগছৰ লগতে নগদ ৪০,৫৫০ হাজাৰ টকা জব্দ কৰে ৷ উল্লেখ্য যে, দেওবাৰে হোজাই জিলাৰ শংকৰদেৱ নগৰৰ খেলপথাৰত জব্দকৃত ড্ৰাগছ বিনষ্টকৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) ৷ এই অনুষ্ঠানত 324.732 গ্ৰাম হেৰ'ইন, 1015 কিল’ 627 গ্ৰাম গাঞ্জা, 35,522 টা নিচাযুক্ত টেবলেট দাহ কৰা হৈছিল ৷

অনুষ্ঠানৰ ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীলতা অৱলম্বন কৰিছে ৷ ড্ৰাগছৰ কু-প্ৰভাৱৰ ফলত বহু যুৱক-যুৱতীৰ ভৱিষ্যতৰ প্ৰতি গুৰুতৰ ভাবুকি সৃষ্টি হোৱাৰ লগতে বহু পৰিয়াল ধ্বংস হৈছে ৷

লগতে পঢ়ক-ধন সংগ্ৰহৰ অভিযোগত পঞ্চায়ত সদস্যৰ বিৰুদ্ধে গোচৰ তৰিলে সচিবে

ABOUT THE AUTHOR

...view details