অসম

assam

কাকপথাৰত ব্ৰাউন চুগাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক

By

Published : May 6, 2022, 10:52 PM IST

শেহতীয়াকৈ ৰাজ্যত ধাৰাবাহিকভাৱে অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti drug mission in Assam) ৷ এইদৰে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান (Assam police raid against drugs) অব্যাহত থকাৰ সময়তে কাকপথাৰত আৰক্ষীয়ে দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে ব্ৰাউন চুগাৰ জব্দ কৰে ৷

Brown Sugar seized at Kakopathar
কাকপথাৰত ব্ৰাউন চুগাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক

শদিয়া, 6 মে’: ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti drug mission in Assam) ৷ শেহতীয়াকৈ তিনিচুকীয়াতো ড্ৰাগছৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আৰক্ষী ৷ শুকুৰবাৰে মাৰ্ঘেৰিটা আৰক্ষীয়ে কাকপথাৰত অভিযান চলাই দুজন ড্ৰাগছ সৰৱৰাহকাৰীক আটক কৰে ৷

কাকপথাৰত ব্ৰাউন চুগাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক

ঘটনা অনুসৰি, এক বিশেষ সূত্ৰৰ পম খেদি মাৰ্ঘেৰিটা আৰক্ষীয়ে কাকপথাৰ চেলেংগুৰীত অভিযান চলাই মটৰচাইকেলেৰে ড্ৰাগছ সৰবৰাহ কৰিবলৈ অহা দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷ লগতে ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ব্ৰাউন চুগাৰ জব্দ কৰাৰ লগতে এখন মটৰচাইকেল জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজন কৈলাশপুৰ মডাৰখাটৰ অঞ্জন গগৈ আৰু মৰাণৰ ঘৰ লিটঙৰ ৰিন্টু সিং বুলি জানিব পৰা গৈছে (Drugs peddler arrested by Margherita police) ৷ লগতে জব্দকৃত ব্ৰাউন চুগাৰখিনিৰ পৰিমাণ 8 গ্ৰাম (Brown Sugar seized at Kakopathar) ৷ এই ঘটনাৰ ফলত অঞ্চলটোত সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক:মানিকপুৰত তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰী আটক

ABOUT THE AUTHOR

...view details