ETV Bharat / state

মানিকপুৰত তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰী আটক

author img

By

Published : May 2, 2022, 10:57 PM IST

শেহতীয়াকৈ ৰাজ্যত ধাৰাবাহিকভাৱে অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti drug mission in Assam) ৷ এইদৰে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান (Assam police raid against drugs) অব্যাহত থকাৰ সময়তে মানিকপুৰত আৰক্ষীয়ে তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰে ৷

drugs-peddler-arrested-at-manikpur
মানিকপুৰত তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰী আটক

বঙাইগাঁও, 2 মে’ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti drug mission in Assam) ৷ শেহতীয়াকৈ মানিকপুৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ হেৰ’ইন সহ তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰী আটক কৰে ৷

এক গোপন সূত্ৰ অনুসৰি মানিকপুৰ আৰক্ষীয়ে নোৱাগাৱত অভিযান চলাই তিনিজন ড্ৰাগছ সৰবৰাহকাৰীয়ে হেৰ’ইন বিক্ৰী কৰিবলৈ আহোতে বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰাৰ লগতে দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে (Drugs peddler arrested at Manikpur) ৷ পিছে এজন ড্ৰাগছ সৰবৰাহকাৰী ঘটনাস্থলীৰ পৰা পলাই যায় ৷

মানিকপুৰত তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰী আটক

আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীকেইজন বেলৰটাৰী গাঁৱৰ জাকিৰ হুছেইন আৰু হালধীয়া গাঁৱৰ সাহাবুদ্দিন বুলি জানিব পাৰে৷ জব্দকৃত হেৰ’ইনখিনিৰ পৰিমাণ 45.83 গ্ৰাম বুলি জানিব পৰা গৈছে (Heroin seized by Manikpur police) ৷

ইফালে, মানিকপুৰ আৰক্ষীয়ে লুংঝাৰত অভিযান চলাই বাইকেৰে ড্ৰাগছ সৰবৰাহ কৰি পাতিলাদহা গৈ থকা অৱস্থাত এজন লোকক আটক কৰে (Drugs seized at Manikpur) ৷ আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীজন অনিল কোৰ বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে আৰক্ষীয়ে তিনিওজনকে আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক : Daylight Robbery in Guwahati: মাছ ব্যৱসায়ীৰ পৰা লুটিলে 28 লাখ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.