তিনিচুকীয়া, 8 এপ্ৰিল :তিনিচুকীয়াৰ বিষ্ণু-জ্যোতি সংগীত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে ৰাইজৰ দলৰ তিনিচুকীয়া জিলা সমিতিৰ কৰ্মীসভা অনুষ্ঠিত হৈ যায় । উক্ত কৰ্মীসভাত ৰাইজৰ দলৰ সভাপতি তথা ঐতিহাসিক শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে উপস্থিত থাকি ৰাইজৰ দলৰ কৰ্মীসকলৰ লগত মত বিনিময় কৰে(Sivasagar MLA Akhil Gogoi Visits Tinsukia) ।
উল্লেখযোগ্য যে, অখিল গগৈয়ে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰি পোন প্ৰথমবাৰৰ বাবে উজনি অসমৰ তিনিচুকীয়া জিলালৈ ভ্ৰমণ কৰে । তিনিচুকীয়া জিলাৰ সাংবাদিকসকলৰ আগত তেওঁ বৰ্তমান নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি, লাইকা-দধীয়াৰ সমস্যা আদি বিষয়ৰ ওপৰত কেতবোৰ মন্তব্য আগবঢ়ায় (Akhil Gogoi Comments on Laika Dodhia ) ।