অসম

assam

সোৱণশিৰীৰ জলপৃষ্ঠ বৃদ্ধিয়ে কঢ়িয়াব নেকি অধিক বিপদ ?

By

Published : Aug 28, 2021, 6:19 PM IST

ব্ৰহ্মপুত্ৰ নদীৰ সমান্তৰালভাৱে সোৱণশিৰীৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলতেই ওফন্দি উঠিছে ব্ৰহ্মপুত্ৰ আৰু জীয়া ভৰলী নদীৰ জল পৃষ্ঠ । জীয়াভৰলীৰ বান আৰু খহনীয়াই তেজপুৰত ভয়ংকৰ ৰূপ ধাৰণ কৰিব বুলি আশংকা কৰা হৈছে ৷ সবিশেষ জানো আহক ৷

flood situation in sonitpur
সোৱণশিৰীৰ জলপৃষ্ঠ বৃদ্ধিয়ে কঢ়িয়াব নেকি অধিক বিপদ ?

তেজপুৰ, ২৮ আগষ্ট :যোৱা কেইবাদিনো ধৰি ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ নদী সমূহ ফেনে ফুটুকাৰে উফন্দী উঠিছে । ইয়াৰ ফলত জীয়াভৰলী নদীৰ বাঢ়নী পানীয়ে তেজপুৰ ৰাজগড়ৰ মথাউৰি প্ৰায় ২০০ মিটাৰ ভাঙি প্লাবিত কৰিলে বৃহত্তৰ ৰাজগড় অঞ্চল । ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ দ্বাৰা নিৰ্মাণ কৰা জিঅ’ বেগৰ বান্ধো উটুৱাই নিয়ে এই বাঢ়নী পানীয়ে ।

ক্ৰমাগতভাৱে বৰষুণৰ পৰিমাণ বৃদ্ধিৰ লগে লগেই এই বান্ধ সমূহ এতিয়া বিপদ সংকুল হৈ পৰিছে । গাঁওবাসীক এই বিপদৰ সময়ত পুনৰ প্ৰতিৰোধ কৰিব পৰা বান্ধৰ তদাৰক কৰা তেজপুৰ জলসম্পদ বিভাগৰ কাৰ্যকৰী অভিযন্তা গৰাকীয়ে সাংবাদিকৰ আগত কয় যে, বৃহৎ নদী বান্ধৰ ফলস্বৰূপে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহ উফন্দি অহাৰ বাবে এটা প্ৰচণ্ড হেঁচাৰ সৃষ্টি হৈ গাইড বান্ধ আৰু মথাউৰি বানে ধুই নিছে । ইয়াৰ লগতে, জীয়া ভৰলী নদীৰ ওপৰত চৌকিঘাত দলঙৰ কামত মাত্ৰ এটা পাৰ বন্ধ কৰাৰ বাবেও এই পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি তেওঁ উল্লেখ কৰে ৷

সোৱণশিৰীৰ জলপৃষ্ঠ বৃদ্ধিয়ে কঢ়িয়াব নেকি অধিক বিপদ ?

সম্প্ৰতি, তেজপুৰত জীয়াভৰলীৰ বান আৰু খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিব বুলি আশংকা কৰা হৈছে ৷ ইফালে, তেজপুৰ বিধান সভা সমষ্টি অন্তৰ্গত কৰৈয়নি নেপালী আৰু গড়ছিঙা বিহিয়া গাঁৱত বহুসংখ্যক অঞ্চল জলমগ্ন হোৱাৰ লগতে খহনীয়াও আৰম্ভ হৈছে ৷

দীৰ্ঘদিন ধৰি প্ৰবল গৰাখহনীয়াৰ সন্মূখীন হোৱা আৰু ইতিমধ্যেই বৃহৎ পৰিমানৰ কৃষিভূমি, বিদ্যালয়কে ধৰি বহু পৰিয়ালৰ মাটি খহনীয়াত জাহ যোৱা কৰৈয়নি নেপালী অঞ্চলৰ প্ৰতি জীয়াভৰলীৰ জলস্তৰ বৃদ্ধিয়ে পুনৰ ভাবুকি কঢ়িয়াই আনিছে৷ জীয়া ভৰলী ৰাষ্ট্ৰীয় ঘাই পথৰ বিপদ সীমা 77.00 মিলি মিটাৰ পৰিবৰ্তে 78.02 মিলি মিটাৰ ওপৰেৰে আৰু ব্ৰহ্মপুত্ৰ গণেশ ঘাটত বিপদ সীমাৰ 65.25 ৰ পৰিবৰ্তে 65.00 মিলি মিটাৰ ওপৰেৰে বৈ আছে ।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে ইয়াত হোৱা প্ৰৱল খহনীয়া প্ৰতিৰোধৰ বাবে বিভাগীয়ভভাৱে কিছুসংখ্যক জিঅ’ বেগ আৰু বালি মাটিৰ বস্তা পেলোৱাৰ লগতে কাষৰ মথাউৰিটোৰ পৰাই কিছু মাটি খান্দি খহনীয়াই বিধ্বংসী ৰূপ লোৱা অংশত পেলোৱা হৈছিল৷ বাঁহৰ বান্ধ আৰু জিঅ’বেগ একাধিকবাৰ খহাই নিয়া এই অংশত বৰ্তমান কিছুসংখ্যক জিঅ’বেগ আৰু মাটিৰ বস্তাহে ওলাই থকাৰ সময়ত জীয়াভৰলীৰ জলস্তৰ বৃদ্ধিত অঞ্চলটোত সৰ্বসাধাৰণ ৰাইজ চিন্তিত হৈ পৰিছে ৷

ভদীয়া বানৰ প্ৰকোপত অস্থায়ী বান্ধটো খহাই নিয়াৰ আশংকাত জলসম্পদ বিভাগে ইয়াত পুনৰ কাষৰ মাটি খান্দি কৰৈয়নি নেপালীৰ লগতে কাষৰীয়া অঞ্চলত যাতে জীয়াভৰলীৰ বাঢ়নিপানী প্ৰৱেশ কৰিব নোৱাৰে তাৰ চেষ্টা চলাইছে ৷ য’দিও এই দুৰ্বল ব্যৱস্থাই খৰস্ৰোতা নদীখনক কিমানদূৰ ভেটিবলৈ সক্ষম হ’ব তাৰ প্ৰতি সন্দেহ ব্যক্ত কৰিছে স্থানীয় ৰাইজে৷ উপায়হীন হোৱা নৈপৰীয়া ৰাইজে এতিয়া অঞ্চলটোত আগন্তুক সময়ত খহনীয়া প্ৰতিৰোধৰ বাৰে স্থায়ী বান্ধৰ ব্যৱস্থা কৰিবলৈ জলসম্পদ বিভাগৰ অভিযন্তাক আহ্বান জনাইছে ৷

লগতে পঢ়ক :অসমত আৰম্ভ হ'ল ভিষ্টাড'ম ৰে’ল সেৱা

ABOUT THE AUTHOR

...view details