অসম

assam

ড্ৰাগছ সেৱনৰ বাবে ধন নাই: চুৰি কৰি ধৰা পৰিল যুৱক

By

Published : Sep 13, 2022, 10:15 AM IST

ধৃত চোৰটোৰ নাম আলাল উদ্দিন ৷ ঘৰ - শিমলুগুৰিত ৷ সোণাইঘাট হাইস্কুল আৰু নিৰ্মীয়মান ছোৱালী আৱাসগৃহত আমিৰ আলি নামৰ আন এটা গভাইত চোৰৰ লগত মিলি সংঘটিত কৰিছিল চুৰি কাণ্ড ৷

ড্ৰাগছ সেৱনৰ বাবে ধন নাই
ড্ৰাগছ সেৱনৰ বাবে ধন নাই

নগাঁও, 13 ছেপ্টেম্বৰ:নগাঁৱত চুৰি সামগ্ৰীসহ এটা গভাইত চোৰক আটক কৰিলে গাঁওৰক্ষী বাহিনীয়ে ৷ সোণাইঘাট হাইস্কুলৰ (Sonaighat High School) পৰা সামগ্ৰী চুৰি কৰোতেই গাঁওৰক্ষী বাহিনীয়ে কৰায়ত্ত কৰে চোৰটোক ৷

ধৃত চোৰটোৰ নাম আলাল উদ্দিন ৷ ঘৰ - শিমলুগুৰিত ৷ সোণাইঘাট হাইস্কুল আৰু নিৰ্মীয়মান ছোৱালী আৱাসগৃহত আমিৰ আলি নামৰ আন এটা গভাইত চোৰৰ লগত মিলি সংঘটিত কৰিছিল চুৰি কাণ্ড ৷

চলচলি কাতিমাৰী গাঁওৰক্ষী বাহিনীয়ে আলাল উদ্দিনক কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়ে যদিও বৰ্তমান পলাতক আনটো চোৰ আমিৰ ৷ ড্ৰাগছ সেৱনৰ বাবে প্ৰয়োজনীয় ধনৰ অভাৱ ঘটাৰ বাবেই আলাল আৰু আমিৰে চুৰি কাণ্ড সংঘটিত কৰা বুলি স্বীকাৰ কৰিছে ৷

লগতে পঢ়ক:নগাঁৱৰ বতাহত পুনৰ বিয়পিছে নিচা

ABOUT THE AUTHOR

...view details