ETV Bharat / state

নগাঁৱৰ বতাহত পুনৰ বিয়পিছে নিচা

author img

By

Published : Sep 12, 2022, 7:34 PM IST

আকৌ ড্ৰাগছৰ ঘাটিত পৰিণত নগাঁও (Drug smuggling in Nagaon) ৷ পুনৰ নগাঁৱৰ বতাহত বিয়পিছে নিচা ৷ ড্ৰাগছ নিয়ন্ত্ৰণত ব্যৰ্থ নগাঁও আৰক্ষী ৷ আকৌ আৰম্ভ হৈছে বৰবিহৰ বেপাৰ ৷ অতিষ্ঠ ৰাইজে বহুৱালে মেল (Public meeting against Drugs) ৷

Nagaon again going to become hub of drugs
নগাঁৱৰ বতাহত পুনৰ বিয়পিছে নিচা

নগাঁও, 12 ছেপ্টেম্বৰ: কিছুমাহ আগলৈকে নগাঁও আৰক্ষীৰ নাম শুনিলেই ভয়ত কঁপিছিল ড্ৰাগছ বেপাৰী (Anti drug operation in Nagaon) ৷ ত্ৰাসিত হৈছিল ড্ৰাগছ,জুৱা আদিৰ লগত জড়িত চক্ৰটো ৷ কিন্তু লাহে লাহে যেন পৰিৱেশ পুনৰ সলনি হ’বলৈ ধৰিছে ৷ আকৌ নগাঁৱত আৰম্ভ হৈছে বৰবিহৰ বেপাৰ ৷ আৰক্ষীক আওকাণ কৰি একাংশই পুনৰ নৱ প্ৰজন্মৰ মাজত মেলি দিছে ড্ৰাগছৰ নিচা ৷ যি নিচাই ক্ৰামৎ পংগু কৰি আনিছে নগাঁৱৰ এটা চামক (Drug smuggling in Nagaon) ৷

নগাঁও আৰক্ষীৰ ওপৰত যেন এতিয়া ভৰষাই নোহোৱা হৈছে নগঞা সচেতন লোকৰ । নগাঁৱৰ ড্ৰাগছৰ ঘাটিৰ বিৰুদ্ধে এইবাৰ আৰক্ষীৰ বিপৰীতে ওলাই আহিল সাধাৰণ জনতা (Public meeting against Drugs)। নগাঁও চহৰৰ অন্যতম ড্ৰাগছৰ ঘাটি হিচাপে পৰিগণিত মৰিকলংস্থিত নগাঁও ৰে’ল ষ্টেচনৰ সমীপত ৰাইজে হাতে লোটে আটক কৰে দুই ড্ৰাগছ আসক্ত যুৱকক (Drug addicted youth detained) ।

ড্ৰাগছ আসক্ত আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ অত্যাচাৰত অতিষ্ঠ অঞ্চলটোৰ শতাধিক পুৰুষ মহিলা ওলাই আহি অনুষ্ঠিত কৰে ড্ৰাগছ বিৰোধী ৰাইজমেল (Drugs in Nagaon) । ৰাইজমেলত অংশগ্ৰহণ কৰে অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিও ।

নগাঁৱৰ বতাহত পুনৰ বিয়পিছে নিচা

দেওবাৰে বিয়লি নগাঁও ৰেল ষ্টেচনৰ সমীপত ৰাইজ মেল অনুষ্ঠিত কৰি ড্ৰাগছকে ধৰি অন্যান্য অপৰাধৰ ক্ষেত্ৰত নগাঁও আৰক্ষীৰ ভূমিকাক সমালোচনা কৰে সচেতন নাগৰিকে (Public meeting against Drugs)। ড্ৰাগছৰ বেহা বন্ধ কৰাত নগাঁও আৰক্ষী ব্যৰ্থ হোৱাৰো অভিযোগ উত্থাপন কৰি নগাঁও আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে অসম ছাত্ৰ পৰিষদৰ নেতা কাশ্যপ ফুকনে ।

লগতে বিয়াগোম আৰক্ষী থকাৰ পিছতো ড্ৰাগছৰ বিৰুদ্ধে ৰাইজ এইদৰে ওলাই অহাটো দুৰ্ভাগ্যজনক বুলিও মন্তব্য কৰে কাশ্যপ ফুকনে । ড্ৰাগছৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা ৰাইজমেলত নগাঁও আৰক্ষীক আমন্ত্ৰণ জনোৱাৰ পিছতো উপস্থিত নথকাত অসন্তুষ্টি ব্যক্ত কৰে একাংশই । আনকি ড্ৰাগছৰ অবাধ প্ৰচলন হোৱা এলেকাত আৰক্ষীয়ে কোনো সজাগতামূলক অনুষ্ঠানৰ আয়োজন নকৰাৰো অভিযোগ ছাত্ৰ সংগঠনটোৰ ।

ইপিনে দেওবাৰেই ড্ৰাগছৰ বিৰুদ্ধে নগাঁও এন এছ ইউ আইৰ উদ্যোগত আয়োজিত এক সজাগতামূলক দৌৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে । দৌৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি নগাঁৱত এতিয়া হাৰ্ড ড্ৰাগছৰ ব্যৱহাৰ আৰম্ভ হোৱা বুলি মন্তব্য কৰে সাংসদ গগৈয়ে । লগতে চৰকাৰ তথা আৰক্ষীয়ে ড্ৰাগছৰ বিশাল ছিণ্ডিকেট চলোৱাসকলক গ্ৰেপ্তাৰ নকৰাৰো অভিযোগ উত্থাপন কৰে গৌৰৱ গগৈয়ে ।

লগতে পঢ়ক: ভিক্টৰ দাসৰ ঘৰত অভিযান চলাই লেপটপ জব্দ কৰিলে আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.