অসম

assam

নগাঁৱৰ শেনছোৱাত দুৰ্ঘটনাত পতিত যাত্ৰীবাহী ট্ৰেভেলাৰ

By

Published : Jun 25, 2022, 11:00 PM IST

নগাঁৱৰ শেনছোৱাত শনিবাৰে নিশা সংঘটিত হয় এক পথ দুৰ্ঘটনা (Road accident in Nagaon) ৷ গুৱাহাটীৰ পৰা নগাঁও অভিমুখে আহি থকা এখন যাত্ৰীবাহী ট্ৰেভেলাৰ বাহনখনে পথৰ মাজৰ ডিভাইডাৰত খুন্দিওৱাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনা ।

Road accident in Nagaon Many people injured in Road accident
নগাঁৱৰ শেনছোৱাত দুৰ্ঘটনাত পতিত যাত্ৰীবাহী ট্ৰেভেলাৰ

নগাঁও, 25 জুন: শনিবাৰে নিশা নগাঁৱৰ শেনছোৱাত সংঘটিত হয় এক পথ দুৰ্ঘটনা ( Road accident in Nagaon) । গুৱাহাটীৰ পৰা নগাঁও অভিমুখে আহি থকা এখন যাত্ৰীবাহী ট্ৰেভেলাৰ বাহন পতিত হয় দুৰ্ঘটনাত । তীব্ৰবেগী ট্ৰেভেলাৰ বাহনখনে পথৰ মাজৰ ডিভাইডাৰত খুন্দিওৱাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনা ।

নগাঁৱৰ শেনছোৱাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজৰ ডিভাইডাৰত খুন্দিয়াই পথৰ ওপৰতে বাগৰি পৰে ট্ৰেভেলাৰখন । দুৰ্ঘটনাৰ ফলত ট্ৰেভেলাৰখনৰ বহুগৰাকী যাত্ৰী আহত হয় (Many people injured in Road accident) । এই আহতসকলক শেনছোৱাত স্থানীয় আৰক্ষীৰ লগতে নগাঁৱৰ যান বাহন আৰক্ষীও উপস্থিত হৈ উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসাৰ বাবে শেনছোৱাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ যদিও আহত ৬ গৰাকী যাত্ৰীক নিশাই ভৰ্তি কৰোৱা হয় নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ।

নগাঁৱৰ শেনছোৱাত দুৰ্ঘটনাত পতিত যাত্ৰীবাহী ট্ৰেভেলাৰ

এই আহত লোকসকল ডবকাৰ শংকৰ দাস, হোজাই শংকৰ নগৰৰ বিশ্বজিৎ দাস, নগাঁৱৰ ৰাঙলুৰ আব্দুল হান্নান, জুৰীয়া কলনি জলাহৰ জালাল উদ্দিন, ডবকাৰ দিলোৱাৰ হুছেইন আৰু হোজাই মুৰাঝাৰৰ জমিল হুছেইন বুলি জানিব পৰা গৈছে ৷ ইয়াৰে দুগৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হোৱা বুলি জনায় নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ (Nagaon Bhogeswari Phukanani Civil Hospital) কৰ্তব্যৰত চিকিৎসকে ।

সম্প্ৰতি আটাইকেইজনকে নগাঁৱৰ চিকিৎসালয়তে চিকিৎসা প্ৰদান কৰা হৈছে । ইতিমধ্যে দুর্ঘটনাত পতিত হোৱা ট্ৰেভেলাৰ বাহনখনো জব্দ কৰে নগাঁৱৰ যান বাহন আৰক্ষীয়ে ।

লগতে পঢ়ক:অমৰনাথ যাত্ৰাই এই বছৰ অধিক ভাবুকিৰ সৃষ্টি কৰিছে : জ্যেষ্ঠ সেনা বিষয়া

ABOUT THE AUTHOR

...view details