অসম

assam

Sankardev Sangha: সামৰণি পৰিল শংকৰদেৱ সংঘৰ কলিয়াবৰ জিলা শাখাৰ বাৰ্ষিক অধিৱেশন

By

Published : Feb 1, 2022, 6:37 PM IST

সোমবাৰে সামৰণি পৰিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কলিয়াবৰ জিলা শাখাৰ ত্ৰিশ সংখ্যক বাৰ্ষিক অধিৱেশন (Kaliabor district Sankardev Sangha)। সামৰণি অনুষ্ঠানত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ অংশগ্ৰহন ৷

kaliabor-30th-srimanta-sankardev-sangha-adhibeshan-concluded-on-monday
সামৰণি পৰিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ত্ৰিশ সংখ্যক বাৰ্ষিক অধিৱেশন

কলিয়াবৰ, 1 ফেব্ৰুৱাৰী : সামৰণি পৰিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কলিয়াবৰ জিলা শাখাৰ ত্ৰিশ সংখ্যক বাৰ্ষিক অধিৱেশন (Annual conference of Kaliabor district Sankardev Sangha concludes)। বিগত তিনিদিন ধৰি হৰিগুণ-নাম কীৰ্তন ধ্বনিৰে ধৰাৰ কল্যাণৰ অৰ্থে হৰিনামৰ অমিয়া ৰসেৰে মুখৰিত হৈ আছিল কলিয়াবৰৰ নলতলি ধৰমপুৰ সোণাৰীহোলা হৰিনামঘৰ ৷ ভকত-বৈষ্ণৱৰ সমাগমেৰে, সমাজক ধৰ্মীয় বান্ধোনেৰে শান্তি-সম্প্ৰীতিৰ ধাৰা বোৱাই একত্ৰিত কৰাৰ আহ্বানেৰে শনিবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কলিয়াবৰ অধিৱেশন ৷

সামৰণি পৰিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ত্ৰিশ সংখ্যক বাৰ্ষিক অধিৱেশন

সোমবাৰে অধিৱেশনৰ অন্তিম দিনা অধিৱেশনস্থলীত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকি (Health Minister Keshab Mahanta at Kaliabor) শ্ৰীমন্ত শংকৰদেৱ সংঘই অসমৰ সমাজ জীৱনলৈ আগবঢ়োৱা মহান অৱদানৰ বিষয়ে উল্লেখ কৰে । তদুপৰি, কলিয়াবৰ জিলা শাখাৰ সকলো কাৰ্যতে সহায়-সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিলে মন্ত্ৰীগৰাকীয়ে ।

ইফালে অধিৱেশনৰ অন্তিমদিনা এক আকৰ্ষণীয় ভাগৱত শোভাযাত্ৰা উলিওৱা হয় ৷ লগতে বিয়লিৰ ভাগত এখন মুকলি সভা আয়োজন কৰাৰ লগতে নিশাৰ ভাগলৈ "কুমৰ হৰণ" অংকীয়া ভাওনাখন প্ৰদৰ্শন কৰা হয় ৷

লগতে পঢ়ক :#Budget2022 : ক্ৰিপ্ত কাৰেঞ্চিৰ আয়ৰ ওপৰত থাকিব ৩০ শতাংশ কৰ

ABOUT THE AUTHOR

...view details