ETV Bharat / bharat

#Budget2022 : ক্ৰিপ্ত কাৰেঞ্চিৰ আয়ৰ ওপৰত থাকিব ৩০ শতাংশ কৰ

author img

By

Published : Feb 1, 2022, 5:16 PM IST

ঘোষণা হ’ল বহু প্ৰত্যাশিত 2022-23 বৰ্ষৰ বাজেট (Union Budget 2022) ৷ এইবাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকে নিজেই ডিজিটেল কাৰেঞ্চী প্ৰবৰ্তন কৰিব ৷ লগতে ক্ৰিপ্ত কাৰেঞ্চিৰ আয়ৰ ওপৰত থাকিব ৩০ শতাংশ কৰ(#criptocurrency) ৷ পঢ়ক সবিৱেশ...

30-per-cent-tax-on-earnings-from-crypto-currency-finance-minister
ক্ৰিপ্ত কাৰেঞ্চিৰ আয়ৰ ওপৰত থাকিব ৩০ শতাংশ কৰ

নতুন দিল্লী, ১ ফেব্ৰুৱাৰী : কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে (Union Finance minister Nirmala Sitharaman) আজি ২০২২-২৩ বৰ্ষৰ বাজেট দাখিল কৰি কয় যে, ক্ৰিপ্ত কাৰেঞ্চি জৰিয়তে হোৱা আয় অথবা ভাৰ্চুৱেল সম্পদৰ ওপৰত ৩০ শতাংশ আয়কৰ আৰোপৰ বাবে প্ৰস্তাৱ দাখিল কৰে (#criptocurrency) ।

তেওঁ লগতে কয় যে ৰিজাৰ্ভ বেংকে ২০২২-২৩ বৰ্ষৰ ভিতৰত ব্লক ছেইন তথা আন আন প্ৰযুক্তিৰ সহায়ত প্ৰবৰ্তন কৰিব ডিজিটেল টকা, যিয়ে সমগ্ৰ দেশৰ অৰ্থনীতিক প্ৰভাৱিত কৰিব । "মই ভাবো যে ভাৰ্চুৱেল বা ডিজিটেল সম্পদৰ স্থানান্তৰৰ পৰা হোৱা যিকোনো আয়ৰ ক্ষেত্ৰত ৩০ শতাংশ কৰ আৰোপ কৰা উচিত । এনে ধৰনৰ আয়ৰ ক্ষেত্ৰত ৩০ শতাংশ কৰ প্ৰযোজ্য হোৱাটো বাঞ্চনীয় ," তেওঁ বাজেট দাখিল কৰি সংসদত কয় ।

ৰিজাৰ্ভ বেংকে যিহেতু নিজেই ডিজিটেল কাৰেঞ্চী প্ৰবৰ্তন কৰিব (Digital rupee to be introduced by RBI) সেয়ে ই হ’ব দেশৰ অৰ্থনীতিৰ বাবে ভাল খবৰ , তেওঁ কয় ।

২০২২-২৩ বৰ্ষৰ বাজেটত থকা আন কিছু উল্লেখনীয় বিষয় হ’ল যে, বাজেটত এবছৰৰ ভিতৰত 25 হাজাৰ কিলোমিটাৰ পথ নিৰ্মাণৰ লক্ষ্য স্থিৰ কৰা হৈছে আৰু দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৯.২ শতাংশ কৰাৰ লক্ষ্য ধাৰ্য্য কৰা হৈছে । সীতাৰমনে কয় যে, এই বাজেটত ডিজিটেল বিশ্ববিদ্যালয় স্থাপনৰ লক্ষ্য আগত ৰখা হৈছে আৰু আই টি খণ্ডক দিয়া হ’ব বিশেষ গুৰুত্ব ।

৬০ লাখ অতিৰিক্ত সংস্থাপন সৃষ্টিৰ চিন্তা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধিনত চিনাক্ত হোৱা হিতাধিকাৰীসকলৰ বাবে ৮০ লাখ ঘৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য়ই দেশৰ জনসাধাৰণক উপকৃত কৰিব বুলি ভবাৰ যথেষ্ট ঠল আছে এই বাজেটত ।

লগতে পঢ়ক : #Budget2022: কৃষিখণ্ডৰ বাবে দহটা গুৰুত্বপূৰ্ণ খবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.