অসম

assam

কলিয়াবৰত পাঁচ শতাধিক কংগ্ৰেছৰ প্ৰতিনিধিৰ অগপত যোগদান

By

Published : Sep 5, 2022, 4:35 PM IST

কলিয়াবৰত পাঁচ শতাধিক কংগ্ৰেছৰ প্ৰতিনিধিৰ অগপত যোগদান (Congress Leaders To AGP Joining) ৷ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত কলিয়াবৰ অগপৰ মুখ্য কাৰ্যালয়ত কংগ্ৰেছ প্ৰতিনিধিসকলে যোগদান কৰে অগপত (Minister Keshab Mahanta at Kaliabor) ।

More than 5 hundred Congress member join agp in Nagaon
More than 5 hundred Congress member join agp in Nagaon

কলিয়াবৰ, 5 ছেপ্তেম্বৰ: লোকসভা নিৰ্বাচনলৈ মাজত কিছুদিন আছে যদিও অগপই এতিয়াৰে পৰাই আৰম্ভ কৰিছে কুচকাৱাজ (AGP joining meeting in Nagaon)। ইয়াৰে অংশ ৰূপে চামগুৰি আৰু ৰূপহীহাট বিধানসভা সমষ্টিত দেওবাৰে অনুষ্ঠিত হয় অনুষ্ঠিত হ'ল যোগদান সমাৰোহ ৷ প্ৰায় ৫০০ৰো অধিক কংগ্ৰেছৰ প্ৰতিনিধিয়ে কলিয়াবৰত একেদিনাই অগপত যোগদান কৰে (5 hundred Congress member join AGP) ৷

কলিয়াবৰ সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত কলিয়াবৰ অগপৰ মুখ্য কাৰ্যালয়ত কংগ্ৰেছ প্ৰতিনিধিসকলে যোগদান কৰে অগপত (Minister Keshab Mahanta at Kaliabor) । অসম গণ পৰিষদৰ নীতি আৰু আদৰ্শৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি চামগুৰি আৰু ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত, গাঁও পঞ্চায়তৰ প্ৰতিনিধিকে ধৰি কংগ্ৰেছ দলৰ বিষয়ববীয়া আৰু সদস্যই আনুষ্ঠানিকভাৱে অগপ দলত যোগদান কৰে ।

৫০০ৰো অধিক কংগ্ৰেছৰ প্ৰতিনিধিৰ অগপত যোগদান

কলিয়াবৰৰ বিধান পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই যোগদান কাৰ্যসূচীত সদস্যসকলক উষ্ম আদৰণী জনায় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । দীৰ্ঘসময় ধৰি কংগ্ৰেছ দলৰ হৈ কাম কৰা নিষ্ঠাৱান প্ৰতিনিধিসকলক বিগত সময়ছোৱাত কংগ্ৰেছ দলটোৰ ফালৰ পৰা অৱহেলিত হৈ আছিল ।

যাৰ পৰিণতিত দল এৰিবলৈ বাধ্য হয় এইসকল প্ৰাক্তন কংগ্ৰেছী । আনাগত পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত এইসকলৰ অনুপস্থিতিয়ে কংগ্ৰেছ দলত যথেষ্ট প্ৰভাৱ পেলাব সমষ্টি দুটাত । নতুনকৈ যোগদান কৰা এই প্ৰতিনিধিসকলে অগপৰ ভেটি মজবুত কৰিব বুলি আশাবাদী অগপ দলটোৰ কাৰ্যকৰ্তাসকল ।

লগতে পঢ়ক:BREAKING NEWS: মাজুলীৰ শালমৰাত ভয়ংকৰ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details