ETV Bharat / state

BREAKING NEWS: মাজুলীৰ শালমৰাত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Sep 5, 2022, 7:20 AM IST

Updated : Sep 5, 2022, 8:26 AM IST

দেওবাৰে নিশা মাজুলীৰ শালমৰাত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড (Majuli fire incident) ৷ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত দপ-দপাই জ্বলি উঠিল এখন ঘৰ (House burnt for Electric short circuit) ৷ নিশা প্ৰায় 12:30 বজাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো ৷

Fire breakout at Salmora in Majuli
মাজুলীৰ শালমৰাত ভয়ংকৰ অগ্নিকাণ্ড

মাজুলী, 5 ছেপ্তেম্বৰ: মাজুলীৰ শালমৰাত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা (Fire breakout at Salmora) ৷ দেওবাৰে নিশা শালমৰাৰ বাসিন্দা থগেশ্বৰ দাসৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো (Majuli fire incident) ৷ মাজনিশা প্ৰায় 12:30 বজাত সংঘটিত হয় এই অগ্নিকাণ্ড ৷

পৰিয়াল তথা স্থানীয় ৰাইজে সন্দেহ কৰা অনুসৰি বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ বাবেই জুইৰ সূত্ৰপাত ঘটিছিল ৷ ইয়াৰ পাছতে মুহূৰ্ততে জুইয়ে ছানি ধৰে ঘৰটো (House burnt for Electric short circuit) ৷ ফলত নিমিষতে লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত জাহ যায় ৷ লগে লগে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হয় যদিও পথৰ সু-ব্যৱস্থা নথকাৰ বাবেই ঘটনাস্থলীত উপস্থিত হ’ব লোৱাৰিলে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ৷

মাজুলীৰ শালমৰাত ভয়ংকৰ অগ্নিকাণ্ড

ইফালে স্থানীয় লোকৰ তৎপৰতাত জুই নিৰ্বাপনৰ চেষ্টা কৰিও নুমোৱাব নোৱাৰিলে জুই ৷ অৱশ্যে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটোৰ পৰা কথমপি প্ৰাণৰক্ষা পৰে পৰিয়ালটোৰ সদ্যস্যসকল ৷

লগতে পঢ়ক: কাৰ্যকৰ্তাৰ আৰ্শীবাদৰ বাবেই দলৰ সৰ্বোচ্চ সমিতিত অন্তর্ভুক্ত হ’লো: সোণোৱাল

Last Updated :Sep 5, 2022, 8:26 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.