অসম

assam

Drugs Burnt in Jorhat : যোৰহাট আৰক্ষীয়ে জ্বলালে ড্ৰাগছ

By

Published : Dec 3, 2021, 7:57 PM IST

যোৰহাট মহবন্ধাৰ এটা ইটা ভাটাত আৰক্ষীয়ে জ্বলালে ড্ৰাগছ (Drugs burnt in Jorhat) ৷ প্ৰায় দুই লক্ষাধিক টকাৰ নিচাজাতীয় সামগ্ৰী দাহ কৰিছে যোৰহাট আৰক্ষীয়ে ৷

Drugs burnt in Jorhat
Drugs burnt in Jorhat

যোৰহাট, 3 ডিচেম্বৰ :আকৌ সংবাদত শিৰোনামত যোৰহাট (Jorhat news) ৷ এইবাৰ পিচে কোনো অপৰাধ সংঘটিত হোৱা নাই যোৰহাটত ৷ আন এক ঘটনাৰ বাবেহে বাতৰিৰ শিৰোনামলৈ আহিছে জিলাখনৰ নাম ৷ সৌ সিদিনা ড্ৰাগছৰ সৰবৰাহ ৰোধৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা বুলি সকলোৰে সমালোচনাৰ সন্মুখীন হোৱা যোৰহাট আৰক্ষীয়ে দাহ কৰিলে ড্ৰাগছসহ নিচাজাতীয় সামগ্ৰী (Jorhat police burnt drugs) ৷

যোৰহাট মহবন্ধাৰ এটা ইটা ভাটাত গাঞ্জা, হেৰ’ইনসহ বুজন পৰিমানৰ নিচাজাতীয় সামগ্ৰী দাহ কৰে যোৰহাট প্ৰসাশনে ৷ প্ৰায় দুই লক্ষাধিক টকাৰ নিচাজাতীয় সামগ্ৰী দাহ কৰিছে যোৰহাট আৰক্ষীয়ে ৷ যোৰহাটৰ বিশেষ ন্যায়ধীশৰ নিৰ্দেশত দাহন কৰা হয় এই নিচাজাতীয় সামগ্ৰীসমূহ ৷

যোৰহাট আৰক্ষীয়ে জ্বলালে ড্ৰাগছ

উল্লেখ্য যে, যোৰহাটৰ নিৰ্মল চাৰিআলিত ক’লা ল’ৰা আৰু তেওঁৰ একাংশ সতীৰ্থই অনিমেষ ভূঞা নামৰ আছু কৰ্মীগৰাকীক নিৰ্মমভাৱে গণ প্ৰহাৰ কৰি হত্যা কৰাৰ পাচতে চৰ্চিত হৈছিল যোৰহাটত চলি থকা ড্ৰাগছৰ বেহাৰ বিষয়টো (Drugs smuggling in Jorhat) ৷ বহুতেই অভিযোগ উত্থাপন কৰিছিল যে, মূল অভিযুক্ত ক’লা ল’ৰা ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত (Drugs smuggler Kola lora) ৷ যাৰ বিৰুদ্ধে আছিল ড্ৰাগছ সৰবৰাহসহ 90 টা গোচৰ ৷

ক’লা ল’ৰাক আটক কৰাৰ পাচতে জেৰাত ড্ৰাগছ সৰবৰাহৰ কেতবোৰ তথ্য দিছিল আৰক্ষীক (Police interrogation to Kola lora) ৷ সেই ড্ৰাগছৰ ঘাটি দেখুৱাবলৈ লৈ যাওঁতেই আৰক্ষীৰ বাহনৰ পৰা জপিয়াই পলাবলৈ চেষ্টা কৰিছিল ক’লা ল’ৰাই ৷ কিন্তু দুৰ্ভাগ্যবশঃ পাচে পাচে আহি থকা আৰক্ষীৰ আন এখন বাহনৰ খুন্দাত নিহত হয় ক’লা ল’ৰা (Kola lora death)৷

ইফালে শুকুৰবাৰে দৰং জিলাতো আৰক্ষীয়ে দাহ কৰিলে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷ মঙলদৈৰ চেৰেং চাপৰিত আৰক্ষীয়ে জ্বলালে ড্ৰাগছসহ নিচাযুক্ত সামগ্ৰী (Police burnt drugs in Mangaldoi) ৷ বিগত তিনিবছৰে দৰঙ জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰা বৃহৎ সংখ্যক নিচাযুক্ত সামগ্ৰী জ্বলাই দিয়া হয় শুকুৰবাৰে (Drugs seized by Darrang police)৷

লগতে পঢ়ক :Drugs Burnt in Darrang: আৰক্ষীয়ে জ্বলাই নষ্ট কৰিলে ড্ৰাগছ-গাঞ্জা

ABOUT THE AUTHOR

...view details