গুৱাহাটী, 29 জুন : বিসম্বাদী নেতা একনাথ সিন্দেসহ চাৰিজন বিসম্বাদী বিধায়কে(Maharashtra rebel MLAs) বুধবাৰে পুৱাই যায় কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে ৷ পুৱা প্ৰায় ৭.৪৫ বজাত হোটেল ৰেডিশ্যন ব্লুৰ পৰা ওলাই পোনে পোনে বিধায়কৰ দলটো উপস্থিত হয়গৈ কামাখ্যা মন্দিৰত (Kamakhya Temple at Guwahati) ৷ মন্দিৰত মা কামাখ্যাৰ আশীষ লোৱাৰ পাছত বিধায়কৰ দলটো পুনৰ উভতি আহে হোটেল ৰেডিশ্যন ব্লুলৈ ।
শেহতীয়া তথ্য মতে, বিসম্বাদী বিধায়কৰ দলটো আজি গুৱাহাটীৰ পৰা গোৱালৈ ৰাওনা হ’ব । অৱশ্যে বৃহস্পতিবাৰে শিৱসেনাৰ বিসম্বাদী বিধায়ককেইজন মুম্বাইত উপস্থিত থাকিব বুলি একনাথ সিন্দেই জানিবলৈ দিয়ে ৷ সিন্দেই উল্লেখ কৰা অনুসৰি, তেওঁ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ বৃহস্পতিবাৰে মুম্বাইলৈ যাব । মহাবিকাশ আঘাদী চৰকাৰে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব । তেওঁ মহাৰাষ্ট্ৰৰ শান্তি আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰিবলৈ কামাখ্যা দৰ্শন কৰাৰ কথা জানিবলৈ দিয়ে ৷
তেওঁ লগতে কয় য়ে, আমি এতিয়া শিৱ সৈনিক । আমি শিৱসেনাতে আছো । মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশিয়াৰীয়ে আমাক বিধানসভাত আস্থা ভোটৰ বাবে আহ্বান জনাইছে । বৃহস্পতিবাৰে বিধানসভাত আস্থা ভোট হ'ব । আমি কাইলৈৰ ভিতৰত মুম্বাইলৈ যাম আৰু সকলো প্ৰক্ৰিয়া অনুসৰণ কৰিম ।