গুৱাহাটী, ৫ ছেপ্টেম্বৰ: বি টি আৰৰ বাবে আজি এক ঐতিহাসিক দিন । মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁশবাৰীত নিৰ্মাণ হ’ব সেউজ হোটেল প্ৰকল্প(Manas National Park) । ৩.২৫ একৰ ভূমিত নিৰ্মাণ হ’ব এই প্ৰকল্প । হোটেল প্ৰকল্পক লৈ সোমবাৰে অসম পৰ্যটন উন্নয়ন নিগম(Assam Tourism Development Corporation) আৰু ইণ্ডিয়ান হোটেল কোম্পানীৰ মাজত স্বাক্ষৰ হয় এক চুক্তি(MoU Signing between ATDC and IHCL) । ৰাজ্যৰ পৰ্যটন আৰু দক্ষতা বিকাশ দপ্তৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সোমবাৰে সংবাদমাধ্যমৰ আগত সদৰী কৰে এই তথ্য ৷
অসম জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত সোমবাৰে অসম পর্যটন উন্নয়ন নিগম (ATDC) আৰু ইণ্ডিয়ান হোটেল কোম্পানীৰ(Indian Hotel Company Limited) মাজত স্বাক্ষৰ কৰা হয় এই বুজাবুজি চুক্তি(MoU) ৷ বুজাবুজি চুক্তি সম্পন্ন হোৱাৰ পিছতে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে, তাজ গ্রুপৰ এই কোম্পানীয়ে বি টি আৰত নিৰ্মাণ কৰিব জিঞ্জাৰ ব্ৰেণ্ডৰ বিলাসী হোটেল(Ginger by IHCL) ।