ETV Bharat / city

Assam cabinet decisions: তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান-গণিতৰ মাধ্যম হ’ব ইংৰাজী

author img

By

Published : Jul 28, 2022, 10:39 PM IST

Assam cabinet decisions
Assam cabinet decisions

কেবিনেটৰ সিদ্ধান্ত অনুসৰি তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিজ্ঞান আৰু গণিতৰ পাঠ্যক্ৰম ইংৰাজী মাধ্যমৰ হ'ব (Assam cabinet decisions for education sector)। কেবিনেটত শিক্ষা বিভাগৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় । মাতৃভাষাতে বিদ্যালয় থাকিব যদিও গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজীত পঢ়োৱা হ'ব ।

গুৱাহাটী, ২৮ জুলাই : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত আজি জনতা ভৱনত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় (Assam govt new cabinet decisions) । বৈঠকৰ অন্তত সংবাদমেল যোগে কেবিনেটৰ সিদ্ধান্তসমূহ অৱগত কৰে মন্ত্ৰী কেশৱ মহন্ত, ডাঃ ৰণোজ পেগু আৰু জয়ন্ত মল্ল বৰুৱাই (Assam cabinet decisions) ।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিজ্ঞান আৰু গণিতৰ পাঠ্যক্ৰম ইংৰাজী মাধ্যমৰ হ'ব (Assam cabinet decisions for education sector)। কেবিনেটত শিক্ষা বিভাগৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় । মাতৃভাষাতে বিদ্যালয় থাকিব যদিও গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজীত পঢ়োৱা হ'ব । নিৰ্বাচিত কিছু বিদ্যালয়ত মাতৃভাষাৰ সমান্তৰালকৈ ষষ্ঠ ক্লাছলৈ ইংৰাজী ভাষাত অধ্যয়নৰ ব্যৱস্থা থাকিব (English medium for government schools in Assam)।

আনহাতে সমাজ অধ্যয়ন বিষয়টো মাধ্যমিক পৰ্যায়ত নাথাকিব । তাৰ ঠাইত দুটা নতুন বিষয় ভূগোল আৰু বুৰঞ্জী পঢ়োৱা হ'ব । অংগনবাড়ীৰ দুটা শ্ৰেণী আৰু প্ৰাথমিকৰ তিনিটা শ্ৰেণীৰ পাঠদান কৰা হ'ব মাতৃভাষাত । ঐতিহ্যমণ্ডিত ছোৱালী বিদ্যালয়ৰ বাহিৰে ৰাজ্যত নাথাকিব কোনো ছোৱালী বিদ্যালয় ।

আনহাতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে ফী-ৰেগুলেটৰি অথৰিটিত পঞ্জীয়ন নকৰিলে দহ হাজাৰ টকাৰ জৰিমনা ভৰিব লাগিব । প্ৰাইভেট বিদ্যালয়ৰ ক্ষেত্ৰত থকা ৰেগুলেটৰি আইনৰ সংশোধন কৰা হৈছে । বৰ্তমানলৈ ৬০০০ ব্যক্তিগত বিদ্যালয়ৰ ভিতৰত ১৮০০ বিদ্যালয়ে পঞ্জীয়ন কৰিছে । বাকী সকলক ৰেজিষ্টাৰ কৰিবলৈ আহ্বান কেবিনেটৰ ।

আজিৰ কেবিনেটত অসমৰ নতুন পর্যটন পলিছি গ্ৰহণ কৰা হৈছে (Assam cabinet decisions for tourism)। সেই অনুসৰি ৫০খন চাহ বাগানক পৰ্যটন ক্ষেত্ৰলৈ উন্নত কৰা হ'ব । ইয়াৰ বাবে প্ৰতিখন বাগানক ২ কোটি টকালৈ ৰাজসহায্য দিয়া হ'ব । কেবিনেটত মানাহত জিঞ্জাৰ ব্ৰেণ্ডৰ হোটেল খোলাৰ সিদ্ধান্ত লোৱা হয় ।

তাৰোপৰি কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা অ'বিচি প্ৰমাণ পত্ৰ অসম মৰাণ সভাই দিব পাৰিব । কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি জলাহ সম্প্ৰদায়ে অ'বিচি প্ৰমাণ পত্ৰ লাভ কৰিব । পূৰ্বৰ দৰে এম অ' বি চিৰ প্ৰমাণ পত্ৰ দিয়া নহয় ।

আনহাতে ৰাজ্যৰ মেডিকেল কলেজ সমূহৰ চৌপাশ সেউজীয়া কৰাৰ লক্ষ্যৰে প্ৰতিখন মেডিকেল কলেজলৈ অতিৰিক্ত ধন আৱন্টন দিয়াৰ ব্যৱস্থা কৰা হয় কেবিনেটত । সেইদৰে গুৱাহাটী বিল্ডিং কনষ্ট্ৰাকচন আইনখন অসম বিল্ডিং কনষ্ট্ৰাকচন আইন (Assam building construction act) হিচাপে নামাকৰণ কৰা হয় । ৫ আগষ্টৰ দিনটো লোক কল্যাণ দিৱস হিচাপে পালন কৰা হ'ব । লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতিত এই দিৱস পালন কৰিব ৰাজ্য চৰকাৰে ।

লগতে পঢ়ক : New state coordinator of NRC : পাৰ্থ প্ৰতিম মজুমদাৰক এন আৰ চিৰ গুৰু দায়িত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.