ETV Bharat / state

New state coordinator of NRC : পাৰ্থ প্ৰতিম মজুমদাৰক এন আৰ চিৰ গুৰু দায়িত্ব

author img

By

Published : Jul 28, 2022, 10:11 PM IST

এন আৰ চিৰ নতুন ৰাজ্যিক সমন্বয়ক নিযুক্তি (New state coordinator of NRC) ৷ আই এ এছ বিষয়া পাৰ্থ প্ৰতিম মজুমদাৰক (IAS Partha Pratim Mazumdar) এন আৰ চি ৰাজ্যিক সমন্বয়কৰ দায়িত্ব অৰ্পন ৷ অহা 31 জুলাইত কাৰ্যকাল অন্ত পৰিব বৰ্তমানৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ ৷ এন আৰ চিৰ প্ৰথম গৰাকী ৰাজ্যিক সমন্বয়কৰ পদত আছিল প্ৰতীক হাজেলা ৷

New state coordinator of NRC
New state coordinator of NRC

নিউজ ডেস্ক, 28 জুলাই: আই এ এছ বিষয়া পাৰ্থ প্ৰতিম মজুমদাৰক এন আৰ চি ৰাজ্যিক সমন্বয়কৰ দায়িত্ব অৰ্পন (New state coordinator of NRC) ৷ অহা 31 জুলাইত কাৰ্যকাল অন্ত পৰিব বৰ্তমানৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ (NRC state coordinator Hitesh Dev Sharma) ৷ তেওঁৰ অৱসৰৰ পাচতেই পাৰ্থ প্ৰতিম মজুমদাৰ এই পদত অধিষ্ঠিত হ’ব ৷ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগ(ক)ৰ সচিব যাদৱ শইকীয়াই এক নিদেৰ্শনা যোগে এই কথা জানিবলৈ দিয়ে ৷

New state coordinator of NRC
এন আৰ চিৰ নতুন সমন্বয়ক নিযুক্তি

এন আৰ চিৰ প্ৰথম গৰাকী ৰাজ্যিক সমন্বয়কৰ পদত আছিল প্ৰতীক হাজেলা ৷ কিন্তু প্ৰতীক হাজেলাৰ অধীনতে প্ৰকাশ পোৱা এন আৰ চিত ব্যাপক বিসংগতি থকাৰ অভিযোগ উঠে ৷ বৰ্তমানৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাই কেইবাটাও গোচৰ তৰিছে প্ৰতীক হাজেলাৰ বিৰুদ্ধে ৷ জালিয়াতি আৰু অনিয়মেৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি) উন্নীত কৰাৰ অভিযোগ তুলি এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমম্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে বৰ্তমানৰ এন আৰ চিৰ ৰাজ্যিক সমম্বয়ক হিতেশ দেৱ শৰ্মাই অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাত এক গোচৰ তৰিছিল (NRC state coordinator Hitesh Dev Sharma file case against Pratik Hajela) ।

এন আৰ চি উন্নীত কৰাৰ ক্ষেত্ৰত প্ৰাক্তন ৰাজ্যিক সমম্বয়ক হাজেলাই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰাৰ অভিযোগ তুলি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাত এই গোচৰ তৰিছিল হিতেশ দেৱ শৰ্মাই ।

এন আৰ চিৰ ৰাজ্যিক সমম্বয়ক হিতেশ দেৱ শৰ্মাই এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমম্বয়ক প্ৰতীক হাজেলাৰ লগতে সেইসময়ৰ কেইবাগৰাকী বিষয়া আৰু ডাটা এন্ট্ৰী অপাৰেটৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত আপোচ কৰাৰ অভিযোগ তুলি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাত গোচৰ তৰিছে । অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমম্বয়ক প্ৰতীক হাজেলাৰ লগতে সেইসময়ৰ কেইবাগৰাকী বিষয়া আৰু ডাটা এন্ট্ৰী অপাৰেটৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি ১২০(বি), ১৬৬(এ), ১৬৭, ১৮১,২১৮,৪২০,৪৬৬ আৰু R W 34 ধাৰাত গোচৰ ৰুজু কৰিছে ।

এন আৰ চিৰ ৰাজ্যিক সমম্বয়ক হিতেশ দেৱ শৰ্মাই এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমম্বয়ক প্ৰতীক হাজেলাৰ লগতে সেইসময়ৰ কেইবাগৰাকী বিষয়া আৰু ডাটা এন্ট্ৰী অপাৰেটৰৰ বিৰুদ্ধে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাত দাখিল কৰা ৬ পৃষ্ঠাৰ অভিযোগ পত্ৰত উল্লেখ কৰা মতে এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমম্বয়ক প্ৰতীক হাজেলাই বিশেষ ছফটৱেৰৰ জৰিয়তে এন আৰ চিত সন্দেহজনক নাগৰিকৰ নাম অন্তৰ্ভুক্ত কৰিছিল । আকৌ এন আৰ চি উনীতকৰণত বংশবৃক্ষৰ সঠিক পৰীক্ষণ হোৱা নাছিল বুলি অভিযোগ পত্ৰত উল্লেখ কৰা হৈছে ।

ইফালে আসাম পাব্লিক ৱৰ্কছে এন আৰ চি প্ৰাক্তন মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে এক গুৰুতৰ অধিযোগ উত্থাপন কৰিছিল ৷ অভিযোগ অনুসৰি হাজেলাই তালিকাৰ পৰা দুজন লোকক বাদ দি চূড়ান্ত এন আৰ চি তালিকাৰ তথ্য সলনি কৰিছে ৷ ৰাজ্যিক চিআইডিক প্ৰদান কৰা এক গোচৰত এ পি ডাব্লিউয়ে এই অভিযোগ উত্থাপন কৰে হাজেলাৰ বিৰুদ্ধে ৷

লগতে পঢ়ক : প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ এন আৰ চিৰ ৰাজ্যিক সমম্বয়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.