অসম

assam

কোটি টকীয়া ৰ’পেস্ক কিয় বন্ধ হৈ আছে: উত্তৰ লাগে মন্ত্ৰী পৰিমল শুক্লবৈদ্যক

By

Published : Jul 11, 2022, 7:36 PM IST

জাহাজৰ যাত্ৰীয়ে লাইফ জেকেট পৰিধান কৰাটো বাধ্যতামূলক (Life jacket compulsory for passengers in ferry)। কোনো যাত্ৰীয়ে যদি লাইফ জেকেট পৰিধান নকৰে, তেন্তে জাহাজ কৰ্তৃপক্ষক নিলম্বন কৰাৰ সকীয়নী দিয়ে মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই । সোমবাৰে আভ্যন্তৰিণ জল পৰিবহন বিভাগৰ কাৰ্যালয়ত চাডেন ভিজিট দিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷

Minister Parimal Shuklabaidya paid a sudden visit
Minister Parimal Shuklabaidya paid a sudden visit

গুৱাহাটী, ১১ জুলাই : মহানগৰীৰ উলুবাৰীস্থিত আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কাৰ্যালয়, মহানগৰীৰ লাচিত ঘাট, কাছমাৰি ঘাট, ৰজাদুৱাৰকে ধৰি আটাইকেইটা ঘাটতে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ চাডেন ভিজিট (Minister Parimal Shuklabaidya paid a sudden visit to IWT) ৷ জাহাজৰ বিষয়া-কৰ্মচাৰীক চাডেন ভিজিট দি জবাবদিহী কৰিলে মন্ত্ৰীয়ে । কোটি টকীয়া ৰ’পেস্ক কিয় বন্ধ হৈ আছে তাৰ উত্তৰ লাগে মন্ত্ৰীক ৷ আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কৰ্মচাৰীৰ কৰ্ম-কাণ্ডক লৈ মুঠেও সন্তুষ্ট নহয় মন্ত্ৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য (IWT minister Parimal Shuklabaidya sudden visit)।

মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ চাডেন ভিজিট

মন কৰিবলগীয়া যে মন্ত্ৰীৰ পৰিদৰ্শন কালত কৰ্মস্থলীত প্ৰায় ভাগ কৰ্মচাৰীয়েই আছিল অনুপস্থিত (Employees in IWT office absent during minister visit)। কাম নকৰি দৰমহা লোৱা কৰ্মচাৰীৰ বিৰুদ্ধে বিভাগ কঠোৰ হ’ব বুলি জনালে মন্ত্ৰী শুক্লবৈদ্যই । কৰ্মস্থলীত কৰ্মচাৰীসকল উপস্থিত নাথাকিলে কৰ্মসংস্কৃতি ক’ৰ কৰা আহিব বুলি প্ৰশ্ন কৰে মন্ত্ৰীগৰাকীয়ে । বিভিন্ন অজুহাত দেখুৱাই একাংশ কৰ্মচাৰী অনুপস্থিত থকা বুলি জানিব পৰা গৈছে ।

ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে কয় যে জাহাজৰ যাত্ৰীয়ে লাইফ জেকেট পৰিধান কৰাটো বাধ্যতামূলক (Life jacket compulsory for passengers in ferry)। কোনো যাত্ৰীয়ে যদি লাইফ জেকেট পৰিধান নকৰে, তেন্তে জাহাজ কৰ্তৃপক্ষক নিলম্বন কৰাৰ সকীয়নি দিয়ে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ।

যদি কোনো যাত্ৰীয়ে যাত্ৰা সময়ত লাইফ জেকেট পৰিধান কৰিব অমান্তি হয়, তেন্তে সেই সকলক জাহাজত নুঠাবলৈ নিৰ্দেশ মন্ত্ৰীগৰাকীৰ । আসোঁৱাহসমূহ দূৰ কৰি তৎকালীনভাৱে ৰাইজৰ বাবে সেৱা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে পৰিমল শুক্লবৈদ্যই । কম দিনৰ ভিতৰতে পুনৰ তেওঁ নদীৰ ঘাট পৰিদৰ্শন কৰিব বুলিও জানিবলৈ দিয়ে ।

আনহাতে, উলুবাৰীস্থিত কাৰ্যালয়ত চাডেন ভিজিত দি কাৰ্যালয়টোৰ কদৰ্যময় পৰিবেশক লৈ অসন্তুষ্টি প্ৰকাশ কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ কাৰ্যালয়টোত কাম কম বিশ্ৰাম বেছি বুলিও তেওঁ মন্তব্য কৰে । মন্ত্ৰীৰ এই নিৰ্দেশে এইসকল কৰ্মচাৰীৰ গা লৰাব পাৰে নে নোৱাৰে সেয়া অৱশ্যেই লক্ষ্যনীয় হ’ব ৷

লগতে পঢ়ক:Selection Examination of Health department: বতৰ ভাল হ’লেহে স্বাস্থ্য বিভাগৰ বাচনি পৰীক্ষা অনুষ্ঠিত হ’ব !

ABOUT THE AUTHOR

...view details