অসম

assam

প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাই সামৰি লৈছে অসমৰ ২৭ লাখ দুখীয়া পৰিয়ালক

By

Published : Sep 25, 2021, 6:55 PM IST

Updated : Sep 25, 2021, 7:06 PM IST

প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাই সামৰি লৈছে অসমৰ ২৭ লাখ দুখীয়া পৰিয়ালক

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সংবাদমেল । আয়ুষ্মান ভাৰতৰ কাৰ্ড যাতে হিতাধিকাৰীয়ে ঘৰৰ ওচৰতে পাব পাৰে তাৰবাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে । যোগ্য প্ৰতিটো পৰিয়ালে ঘৰৰ ওচৰতে পাব আয়ুষ্মান ভাৰতৰ কাৰ্ড। ১৫৫ কোটি টকা তালিকাভুক্ত চিকিৎসালয়সমূহক আঁচনিখনৰ অধীনত চিকিৎসা ব্যয় হিচাপে প্ৰদান কৰা হৈছে ।

গুৱাহাটী, ২৫ ছেপ্তেম্বৰ: প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ সুবিধা যোগ্যজনে সহজতে পোৱাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । আঁচনিখনৰ কাৰ্ড যাতে হিতাধিকাৰীয়ে ঘৰৰ ওচৰতে পাব পাৰে তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে ।

শনিবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ গুৱাহাটীস্থ ৰাজ্যিক কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । তেওঁ কয় যে, এতিয়াৰে পৰা ঘৰৰ ওচৰলৈ যাব আয়ুষ্মান ভাৰত ।

আনহাতে আৰোগ্য মিত্ৰৰ ডেক্স প্ৰতিখন হাস্পতালতে থাকিব বুলি উল্লেখ কৰি তেওঁ কয় যে, আঁচনিখনৰ নগদ বিহীন চিকিৎসা যোগ্য হিতাধিকাৰীয়ে যাতে নিশ্চিত ভাৱে লাভ কৰিব পাৰে তাৰবাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

মন্ত্ৰী গাৰীকয়ে কয় কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ্মান ভাৰত কাৰ্যসূচীৰ অধীনৰ 'প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা' হৈছে বিশ্বৰ সৰ্বৃহৎ স্বাস্থ্য নিশ্চয়তা আঁচনি । দেশৰ আন ৰাজ্যৰ লগতে অসমতো ২০১৮ চনৰ ২৩ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আঁচনিখন শুভাৰম্ভ কৰিছিল ।

প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাই সামৰি লৈছে অসমৰ ২৭ লাখ দুখীয়া পৰিয়ালক

লগতে পঢ়কঃ পুনৰ অনুষ্ঠিত হ’ব APDCL ৰ পৰীক্ষা: ড৹ হিমন্ত বিশ্ব শৰ্মা

আঁচনিখনৰ জৰিয়তে দেশৰ দৰিদ্ৰ-পীড়িত পৰিয়ালৰ লোক সকলেও যাতে ব্যয়বহুল জটিল ৰোগৰ উচ্চস্তৰীয় চিকিৎসা সেৱা লাভ কৰিব পাৰে, তাৰ বাবে এনে প্ৰতিটো পৰিয়াললৈ প্ৰতি বছৰে ৫ লাখ টকা পৰ্যন্ত চিকিৎসা সাহাৰ্য আগবঢ়োৱাৰ নিশ্চিতি প্ৰদান কৰা হৈছে আঁচনিখনত । তেওঁ লগতে কয়, অসমতো আৰ্থ সামাজিক শ্ৰেণী জনগণনা ২০১১ ৰ ওপৰত ভিত্তি কৰি প্ৰায় ২৭ লাখ দুখীয়া পৰিয়ালক আয়ুষ্মান ভাৰত আঁচনিখনে সামৰি লৈছে ।

ইয়াৰ দ্বাৰা প্ৰায় ১.৩৫ কোটি লোক উপকৃত হৈছে । আঁচনিখনৰ অধীনত নগদবিহীন লেনদেনৰ জৰিয়তে দেশৰ যিকোনো ঠাইৰে তালিকাভুক্ত চৰকাৰী তথা বেচৰকাৰী চিকিৎসালয়ত হিতাধিকাৰীয়ে চিকিৎসা সেৱা গ্ৰহণ কৰিব পাৰে ।

এতিয়ালৈকে আঁচনিখনৰ অধীনত হিতাধিকাৰী ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে ৩৩৫ খন চিকিৎসালয়ক তালিকাভুক্ত কৰা হৈছে । ইয়াৰে ৫৩ খন ভাৰত চৰকাৰৰ চিকিৎসালয়, ১৬২ খন অসম চৰকাৰৰ চিকিৎসালয় আৰু ১৫২খন ব্যক্তিগত খণ্ডৰ চিকিৎসালয় ।

অসমত এইপৰ্যন্ত ১,৭৭,১১৮ গৰাকী হিতাধিকাৰীয়ে চিকিৎসা লাভ কৰিছে । এতিয়ালৈকে ১৫৫ কোটি টকা তালিকাভুক্ত চিকিৎসালয়সমূহক আঁচনিখনৰ অধীনত চিকিৎসা ব্যয় হিচাপে প্ৰদান কৰা হৈছে । সংবাদমেলত মন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ শংকৰদেৱ নেত্ৰালয় আৰু ডিব্ৰুগড়ৰ আই কেয়াৰ হোমক এবিপিএমজে এ ৱাইৰ মানদণ্ডত প্ৰাপ্তিৰ প্ৰমাণত্ৰ প্ৰদান কৰে ।

লগতে পঢ়কঃ শৰ্মা উপাধিৰ বিৰুদ্ধে কাপোৰ ফালিছো : ভূপেন বৰা

Last Updated :Sep 25, 2021, 7:06 PM IST

ABOUT THE AUTHOR

...view details