পুনৰ অনুষ্ঠিত হ’ব APDCL ৰ পৰীক্ষা: ড৹ হিমন্ত বিশ্ব শৰ্মা

By

Published : Sep 25, 2021, 5:45 PM IST

thumbnail

অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ সমানে ভয়ংকৰ APDCL ৰ নিযুক্তি কেলেংকাৰী ‍। APDCL ৰ নিযুক্তি কেলংকাৰীৰ লগত উচ্চ পদস্থ বিষয়াৰ পৰা আৰম্ভ কৰি ১১ জনকৈ লোক কেলেংকাৰীৰ লগত জড়িত থকা বুলি CM ভিজিলেন্সে প্ৰকাশ কৰিছে । কেলেংকাৰী সন্দৰ্ভত CM ভিজিলেন্সে অভিযান চলায় মহানগৰীৰ বিভিন্ন স্থানৰ পৰা ১০ জন লোকক গ্ৰেপ্তাৰ কৰিছে । ধৃতলোককেইজন APDCL ৰ OSD দিপাংকৰ দিহিঙীয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ শশাংক শইকীয়া, NEICOM ৰ কংকন শৰ্মা, কৌশিক দাস, বিশ্বজিত বৰ্মণ, দুলুমণি ডেকা, জয়ন্ত ডেকা, ফাৰহা আলম, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ত্ৰিদিব শৰ্মা আৰু বেবিলন কাকতিক গ্ৰেপ্তাৰ কৰে । ইপিনে কেলেংকাৰীৰ লগত জড়িত থকা APDCL ৰ CGM আতাউৰ ৰহমান পলাতক হৈ আছে । ঘটনা সন্দৰ্ভত CM vigilance য়ে 04/21 নম্বৰত এটি গোচৰ ৰুজু কৰিছে । আনহাতে ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে , বাতিল কৰা হ’ব এপিডিচিএলৰ পৰীক্ষা । OMR শ্বিটত পোৱা গৈছিল বিসংগতি । নতুনকৈ অনুষ্টিত হ’ব পৰীক্ষা । এটা মাহৰ ভিতৰত আৰু পোহৰলৈ আহিব এনে ধৰণৰ কেলেংকাৰী । ছমাহৰ ভিতৰত সকলো ঠিক কৰিব লাগিব, কাৰণ নতুনকৈ এক লাখ লোকক নিযুক্তি দিয়া হ’ব । ২৭৮ গৰাকী পৰীক্ষাৰ্থীক সহায় কৰিছিল গ্ৰেপ্তাৰ হোৱা লোককেইজনে । গ্ৰেপ্তাৰ হোৱা লোককেইজনৰ লগত প্ৰাৰ্থীসকলৰ সঘনাই টেলিফনত যোগাযোগ হৈ থকা বুলিও তেওঁ মন্তব্য কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.