অসম

assam

চান্দাৰ নামত ক্ষুদ্ৰ ব্যৱসায়ীক হাৰাশাস্তি নকৰিবলৈ ৰাজহুৱাকৈ আহ্বান মুখ্যমন্ত্ৰীৰ

By

Published : Sep 30, 2022, 7:55 PM IST

CM Himanta urge to stop Shun Culture of Donations

দুৰ্গা পূজাৰ চান্দাৰ নামত ক্ষুদ্ৰ ব্যৱসায়ীক হাৰাশাস্তি নকৰিবলৈ পুনৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) ৷ বৃহস্পতিবাৰে টুইটযোগে এই আহ্বান জনোৱাৰ পাছত শুকুৰবাৰে পুনৰ ৰাজহুৱাকৈ পূজা সমিতিৰ আয়োজকসকলক আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে ৷

গুৱাহাটী, 30 ছেপ্টেম্বৰ : দুৰ্গা পূজাৰ চান্দাৰ নামত ক্ষুদ্ৰ মধ্যমীয়া ব্যৱসায়ীক হাৰাশাস্তি নকৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । শুকুৰবাৰে মহানগৰৰ গড়ভঙা পথৰ আৰ্য নগৰ চাৰিআলিৰ উৰণীয়া সেতুখন মুকলি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ সেতুখন মুকলি কৰি সাংবাদিকৰে বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে এই আহ্বান জনায় ৷

মুখ্যমন্ত্ৰীয়ে কয় যে, চান্দা সংস্কৃতিৰ বিৰুদ্ধে সকলোৱে মাত দিব লাগে (Shun Culture of Donations) । এবাৰ যদি দোকানে দোকানে চান্দা বিচাৰি যোৱা পৰম্পৰা বন্ধ হৈ যায় দুখীয়া মানুহৰ বহু লাভ হ’ব । তেওঁ লগতে কয় যে, পূজা বিহুৰ নামত চান্দা উঠোৱা পৰম্পৰাৰ পৰা ওলাই আহিব লাগে । যিসকলে পূজা পাতিব তেওঁলোকে নিজৰ পইচাই দি পাতিব ।

তেওঁ আৰু কয় যে, মূৰ্তি ভোগ দিয়া দাতা আছে । এইবাৰ বিহুত চান্দা লোৱা পৰম্পৰা কমি গৈছে । দুৰ্গা পূজাও নিজৰ পৰা কৰিব লাগে বেলেগৰ পৰা চান্দা লৈ দুৰ্গা পূজা কৰিব নালাগে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে(CM Himanta urge to stop Shun Culture of Donations) । উল্লেখ্য যে ৰাজ্য চৰকাৰে বিহুৰ সময়ৰ দৰে এইবাৰ দুৰ্গা পূজাৰ সময়তো চান্দা তোলা কাৰ্যৰ বিৰোধিতা কৰিছে ।

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক পোষ্টযোগে এই অনুৰোধ কৰাৰ পিছতে আজি ৰাজহুৱাভাৱে চান্দা পৰম্পৰা বিৰোধিতা কৰি চান্দা তুলি ক্ষুদ্ৰ ব্যৱসায়ীক হাৰাশাস্তি নকৰিবলৈ আহ্বান জনায় । বিহুৰ সময়ত চৰকাৰে চান্দা সংস্কৃতি পৰিহাৰৰ আহ্বান জনাই ১০ বছৰ পুৰণি বিহু কমিটিক চৰকাৰৰ ফালৰ পৰা অনুদান দিছিল ।

লগতে পঢ়ক :চান্দা অপসংস্কৃতি সম্পূৰ্ণ পৰিহাৰ কৰাৰ আহ্বান মুখ্যমন্ত্রীৰ

ABOUT THE AUTHOR

...view details