চান্দা অপসংস্কৃতি সম্পূৰ্ণ পৰিহাৰ কৰাৰ আহ্বান মুখ্যমন্ত্রীৰ

author img

By

Published : Sep 29, 2022, 10:18 PM IST

cm-himanta-biswa-sarma-urges-people-not-harass-business-owners-name-donation

দুৰ্গা পূজাত চান্দা সংগ্ৰহৰ পৰা বিৰত থকাৰ বাবে অনুৰোধ জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(CM Himanta Biswa Sarma) । সামাজিক মাধ্যমত দিলে পোষ্ট । পূজাৰ চান্দাৰ নামত টকা সংগ্ৰহ কৰি ব্যৱসায়ীক হাৰাশাস্তি কৰাটো সমাজ হিতকৰ কাৰ্য নহয় । সকলোৰে সহযোগিতাৰে এই অপসংস্কৃতিৰ পৰা চিৰদিনৰ বাবে মুক্তি লাভৰ সংকল্প গ্ৰহণ কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ ।

গুৱাহাটী, ২৯ ছেপ্টেম্বৰ: মাজত মাত্র দুটা দিন বাকী । সৰ্বত্র এতিয়া শাৰদীয় দুৰ্গোৎসৱৰ ব্যাপক প্ৰস্তুতি আৰু ব্যস্ততাৰ লগতে পূজাৰ অনাবিল আনন্দ । গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যজুৰি লাখ লাখ টকাৰ বিশাল বাজেটেৰে সহস্ৰাধিক পূজা মণ্ডপ সাজু হৈ উঠিছে । ৰাইজৰ পৰা সংগ্ৰহ কৰা দান-বৰঙণি তথা চান্দাৰ যোগেদিয়েই প্ৰতিখন ৰাজহুৱা পূজাৰ আয়োজন কৰা হৈছে ।

পূজাৰ এই ব্যাপক আয়োজনৰ মাজতে আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে জনায় এক বিশেষ আহ্বান জনায় । মুখ্যমন্ত্রীৰ এই আহ্বান চান্দাৰ প্ৰসংগত । পূৰ্বেও মুখ্যমন্ত্রীক চান্দাৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গৈছিল (Shun Culture of Donations) । এইবাৰ অৱশ্যে সামাজিক মাধ্যমযোগে এই আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে । বিহুৰ সময়ৰ দৰে দুৰ্গা পূজাৰ সময়তো চান্দা তোলা কাৰ্যৰ পৰা বিৰত থকাৰ অনুৰোধ জনাইছে মুখ্যমন্ত্ৰীয়ে (CM Himanta urge to stop Shun Culture of Donations) ।

  • Let’s Shun Culture of Donations!

    My request to all: let's put a full stop to the chanda culture in Assam this Puja festivities. Let's stop harassing business owners, big or small, by collecting money in name of Puja donations.

    Let’s get rid of donation culture, once & for all.

    — Himanta Biswa Sarma (@himantabiswa) September 29, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমযোগে কয়, ‘‘এই পূজাৰ বতৰত সকলোকে চান্দা অপসংস্কৃতি সম্পূৰ্ণ পৰিহাৰ কৰাৰ বাবে বিনম্ৰ অনুৰোধ জনালোঁ । পূজাৰ চান্দাৰ নামত টকা সংগ্ৰহ কৰি ব্যৱসায়ীক হাৰাশাস্তি কৰাটো সমাজ হিতকৰ কাৰ্য নহয় । সকলোৰে সহযোগিতাৰে এই অপসংস্কৃতিৰ পৰা চিৰদিনৰ বাবে মুক্তি লাভৰ সংকল্প গ্ৰহণ কৰোঁ আহক ।''

উল্লেখ্য যে, বিহুৰ সময়ত ৰাজ্য চৰকাৰ তৰফৰ পৰা চান্দা সংগ্ৰহ নকৰাৰ বাবে আহ্বান জনোৱাৰ লগতে ১০ বছৰ পুৰণি বিহু কমিটিক আৰ্থিক অনুদান দিয়া হৈছিল । এইবাৰ মুখ্যমন্ত্রীয়ে দুৰ্গা পূজাৰ ক্ষেত্রত চান্দা সংগ্ৰহ নকৰাৰ বাবে আহ্বান জনাইছে । অৱশ্যে ইতিমধ্যে পূজা কমিটীসমূহৰ চান্দা সংগ্ৰহৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে যদিও মুখ্যমন্ত্রীৰ এই আহ্বানক পূজা কমিটীসমূহে কিভাৱে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক: Durga puja 2022: ত্ৰিপুৰাতো পূৰ্ণোদ্যমে চলিছে দুৰ্গা পূজাৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.