অসম

assam

মহাৰাষ্ট্ৰৰ বিধায়কৰ দল হোটেলত থাকিলে আমাৰ চৰকাৰে GST পাব: মুখ্যমন্ত্ৰী

By

Published : Jun 22, 2022, 2:37 PM IST

মুখ্যমন্ত্ৰীৰ মন্তব্য - মই বিচাৰো আৰু মানুহ বিভিন্ন ৰাজ্যৰ পৰা বা বিদেশৰ পৰা অসমলৈ আহক ৷ হোটেলত থাকক ৷ বানপানীৰ এই জটিল সময়ত চৰকাৰৰ হাতলৈ অলপ ৰাজহ আহিব ৷ ঘৰলৈ লক্ষ্মী আহিছে ৷ ঘৰলৈ অহা লক্ষ্ণীক ঘুৰাই পঠিয়াব নাপায় ৷

মহাৰাষ্ট্ৰৰ বিধায়কৰ দল হোটেলত থাকিলে আমাৰ চৰকাৰে GST পাব: মুখ্যমন্ত্ৰী
মহাৰাষ্ট্ৰৰ বিধায়কৰ দল হোটেলত থাকিলে আমাৰ চৰকাৰে GST পাব: মুখ্যমন্ত্ৰী

নিউজ ডেস্ক, 22 জুন: যিসময়ত সমগ্ৰ দেশৰ ৰাজনীতিত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে গুৱাহাটী মহানগৰ, মহাৰাষ্ট্ৰৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰি 41 গৰাকী বিসম্বাদী বিধায়কে অসমৰ শাসনাধীস্থ বিজেপি দল আৰু চৰকাৰৰ আতিথ্যত গুৱাহাটীৰ তাৰকাযুক্ত হোটেলত বাহৰ পাতিছে, সেই সময়তে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে এক আশ্চৰ্যকৰ মন্তব্য (CM Himanta Biswa Sarma react on MAHA political crisis) ৷

দেশজুৰি জোকাৰণি তোলা এই নতুন ৰাজনৈতিক বাতাবৰণ প্ৰসংগত আজি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে ক'লে - 'ঘৰলৈ লক্ষ্মী আহিছে ৷ ঘৰলৈ অহা লক্ষ্ণীক ঘুৰাই পঠিয়াব নাপায় ৷' মুখ্যমন্ত্ৰীয়ে কয় যে এই সময়ত অসমত কেউদিশে বান ৷ গতিকে এনে সময়ত বেলেগ ৰাজ্যৰ পৰা কোনোবা আহি হোটেলত থকা মানে জি এছ টিৰ জড়িয়তে চৰকাৰৰ ৰাজকোষলৈ ৰাজহ অহা ৷

Himanta on MAHA মহাৰাষ্ট্ৰৰ বিধায়কৰ দল হোটেলত থাকিলে আমাৰ চৰকাৰে GST পাব: মুখ্যমন্ত্ৰী

40 জনকৈ লোক আহি হোটেলত থাকিলে চৰকাৰে ৰাজহ পাব ৷ মুখ্যমন্ত্ৰীৰ মন্তব্য - 'মই বিচাৰো আৰু মানুহ বিভিন্ন ৰাজ্যৰ পৰা বা বিদেশৰ পৰা অসমলৈ আহক ৷ হোটেলত থাকক ৷ বানপানীৰ এই জটিল সময়ত চৰকাৰৰ হাতলৈ অলপ ৰাজহ আহিব ৷' স্বাভাৱিকতে মুখ্যমন্ত্ৰীগৰাকীৰ এনে চাতুৰ্যভৰা মন্তব্যই আমোদ দিছে বহুতকে ৷ গুৱাহাটীৰ হোটেল ৰেডিশ্বন ব্লুত মহাৰাষ্ট্ৰৰ 41 জনকৈ বিসম্বাদী বিধায়কে বাহৰ পাতি থকা সন্দৰ্ভত বিশেষ একো নাজানে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

লগতে পঢ়ক:মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ চিন্দেৰ নতুন দল গঠনৰ প্ৰস্তুতি !

ABOUT THE AUTHOR

...view details