অসম

assam

আলোচনাৰ মেজলৈ আহিব নিষিদ্ধ ঘোষিত সংগঠন কে এল অ’

By

Published : Dec 2, 2021, 10:00 PM IST

শীঘ্ৰেই মূল সূঁতিলৈ ঘূৰি আহিব নিষিদ্ধ ঘোষিত সংগঠন কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন চমুকৈ কে এল অ’ (Banned KLO to join peace process soon) ৷

Banned KLO to join peace process soon
Banned KLO to join peace process soonBanned KLO to join peace process soon

নিউজ ডেস্ক, 2 ডিচেম্বৰ : হিংসাৰ পথ পৰিহাৰ কৰি শীঘ্ৰেই মূল সূঁতিলৈ ঘূৰি আহিব নিষিদ্ধ ঘোষিত সংগঠন কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন চমুকৈ কে এল অ’ (Banned KLO to join peace process soon) ৷ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে প্ৰকাশ কৰিছে এই কথা ৷ লগতে সংগঠনটোক মূলসূঁতিলৈ উভতি আহি ৰাজনৈতিক তথা শান্তিপূৰ্ণ পদ্ধতিৰে সমস্যা সমাধানৰ বাবে আদৰণি জনায়(Assam CM welcomes KLO to Main stream) ৷

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ‘‘উত্তৰ-পূৱত শান্তি প্ৰতিষ্ঠাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অব্যাহত ৰখা প্ৰচেষ্টাৰ মাজতে মই কে এল অ’ৱে মূল সূঁতিলৈ আহিবলৈ লোৱা সিদ্ধান্তক আদৰণি জনাইছোঁ ৷ অসম চৰকাৰে তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াব’’ ৷

শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নিষিদ্ধ ঘোষিত সংগঠন সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা স্বাধীনক শান্তি আলোচনাৰ মেজলৈ আনিবলৈ কৰ্তৃত্ব প্ৰদান কৰে (Peace talk with ULFA I) ৷ নগা শান্তি চুক্তিৰ সৈতেও জড়িত হৈ আছে হিমন্ত বিশ্ব শৰ্মা ৷ এই ক্ষেত্ৰত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ৱেও হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মিলি এন এছ চি এনৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হৈছে ৷

কে এল অ’ হৈছে পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত গঠিত উত্তৰ-পূৱৰ এটা নিষিদ্ধ ঘোষিত সংগঠন ৷ অসমৰ কোকৰাঝাৰ, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা আৰু পশ্চিম বংগৰ কোচবিহাৰ, দাৰ্জিলিং, জলপাইগুৰি, উত্তৰ আৰু দক্ষিণ দিনাজপুৰ আৰু মাণ্ডালা জিলাক সামৰি এই পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবী উত্থাপন কৰি আহিছে কে এল অ’ৱে ৷

লগতে পঢ়ক :Assam honours Ratan Tata: ৰতন টাটালৈ অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান

ABOUT THE AUTHOR

...view details