অসম

assam

কেন্দ্ৰীয় চৰকাৰে অনুমোদন কৰা আঁচনিৰ ধন খৰছ কৰাত ব্যৰ্থ সমাজ কল্যাণ বিভাগ

By

Published : Feb 1, 2022, 9:33 AM IST

কেন্দ্ৰীয় চৰকাৰে সমাজ কল্যাণ বিভাগৰ জৰিয়তে ৰাজ্যত কেতবোৰ আঁচনিৰ ব্যৱস্থা কৰিছে যদিও এইবোৰে মানুহক চুব পৰা নাই। ৰাজ্যৰ সমাজ কল্যাণৰ কেতবোৰ আঁচনি ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০২০-২১ চনৰ বাবে নিদিষ্ট ধন মুকলি কৰি দিছে যদিও ৰাজ্য চৰকাৰে ধন ব্যয় কৰিব পৰা নাই (Assam government being unable to spend funds by central ) । যাৰ বাবে বহু অভিলাষী আঁচনিবোৰ ৰূপায়ণ হোৱা নাই ৷

assam-government-being-unable-to-spend-funds-by-central-government-for-social-welfare
কেন্দ্ৰীয় চৰকাৰে অনুমোদন কৰা আঁচনিৰ ধন খৰছ কৰাত ব্যৰ্থ সমাজ কল্যাণ বিভাগ

গুৱাহাটী,1 ফেব্ৰুৱাৰী : সাধাৰণ আৰু আৰ্তজনৰ বাবে কেন্দ্ৰীয় চৰকাৰে সমাজ কল্যাণ বিভাগৰ জৰিয়তে ৰাজ্যত কেতবোৰ আঁচনিৰ ব্যৱস্থা কৰিছে যদিও এইবোৰে মানুহক চুব পৰা নাই । ৰাজ্যৰ সমাজ কল্যাণৰ কেতবোৰ আঁচনি ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০২০-২১ চনৰ বাবে নিদিষ্ট ধন মুকলি কৰি দিছে যদিও ৰাজ্য চৰকাৰে ধন ব্যয় কৰিব পৰা নাই(Assam government being unable to spend funds by central ) । যাৰ বাবে বহু অভিলাষী আঁচনিবোৰ ৰূপায়ণ হোৱা নাই ।

উদাহৰণস্বৰূপে ২০২০-২১ বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে National creche scheme ৰ বাবদ ৩৬০.০০ লাখ টকা, Swadhar Greh Scheme ৰ বাবদ ১৩৫.০০ লাখ টকা, National policy on prevention of alcoholism and drug abuse scheme ৰ বাবদ ০.০১ লাখ টকা সমাজ কল্যাণ বিভাগক মুকলি কৰি দিছে ।

কিন্তু আঁচনিকেইখন ৰূপায়ণত ব্যৰ্থ হোৱা সমাজ কল্যাণ বিভাগে আঁচনিকেইখনৰ বাবে মোকলায় দিয়া ধনৰ এক টকাও খৰছ কৰিব পৰা নাই । মনকৰিবলগীয়া যে ,মানৱ সৰবৰাহৰ চিকাৰ হোৱা লোকৰ তথা পৰিয়ালক সহায় কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সমাজ কল্যাণ বিভাগক ২০২০-২১ বিত্তীয় বৰ্ষত Ujjawala scheme ৰ বাবে মুকলি কৰি দিয়া ১৮০.০০ লাখ টকা ব্যৱহাৰ নোহোৱাকৈ পৰি আছে ।

সমাজ কল্যাণ বিভাগৰ তথ্য মতে এই আচঁনিখন গোৱালপাৰা, কামৰূপ মহানগৰ, ধেমাজী, হাইলাকান্দি, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, বৰপেটা, ওদালগুৰি, কৰিমগঞ্জ, হোজাই, লখিমপুৰ আৰু কাছাৰ, যোৰহাট, দৰং, দক্ষিণ শালমাৰা মানকাচাৰ আৰু শিৱসাগৰত ৰূপায়ণ কৰাৰ বাবে অনুমোদন বিচাৰি সমাজ কল্যাণ বিভাগে নতুন দিল্লীৰ MWCD লৈ প্ৰতিবেদন প্ৰেৰণ কৰিছে ।

মনকৰিবলগীয়া যে সমাজ কল্যাণ বিভাগৰ হেমাহিৰ বাবে মহিলা সৰাবৰাহ আৰু ডাইনী হত্যা ৰোধ কৰা আঁচনিখন আৰু মহিলাৰ সংঘটিত অপৰাধ ৰোধ কৰা আৰু মহিলাৰ সুৰক্ষা আঁচনিখন ৰাজ্যত ৰূপায়ন হোৱা নাই। কেন্দ্ৰীয় চৰকাৰে ২০১৯-২০ বিত্তীয় বৰ্ষতে দুয়োখন আঁচনি ৰূপায়ণৰ বাবে ১৬০ লাখ টকা মুকলি কৰি দিছিল। কিন্তু এই টকা সমাজ কল্যাণ বিভাগত ব্যৱহাৰ নোহোৱাকৈ পৰি আছে ।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ বেটি বাচাও বেটি পঢ়াও আঁচনিখন ৰাজ্যত ৰূপায়ণৰ ক্ষেত্ৰত বিশেষ সফল হ'ব পৰা নাই। ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ অধীনত ৰূপায়ণ কৰি থকা বেটি বাচাও বেটি পঢ়াও আঁচনিখনৰ নামত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰলৈ বিশেষ ধনো আগবঢ়োৱা নাই । ২০১৫ চনৰ ২৫ জানুৱাৰীত ৰাজ্যৰ কামৰূপ মহানগৰ জিলাত বেটি বাচাও বেটি পঢ়াও আঁচনিখন পৰীক্ষামূলকভাৱে (Beti Bachao Beti Padhao in Kamrup metro)আৰম্ভ কৰা হৈছিল ।

সমাজ কল্যাণ বিভাগৰ তথ্য মতে, বৰ্তমান ধেমাজী আৰু কাছাৰ জিলাত এই আচঁনিখন ৰূপায়ণ কৰি থকা হৈছে। বাকী জিলাত এই আচঁনিখনে সামৰি ল'ব পৰা নাই। কেন্দ্ৰীয় চৰকাৰে ২০২০-২১ চনৰ এই আচঁনিখনৰ বাবে ৰাজ্য চৰকাৰক মাত্ৰ ০.০১ লাখ টকা মুকলি কৰিছে। কিন্তু ৰাজ্য চৰকাৰে বৰ্তমানলৈকে এই টকাও খৰছ কৰিব পৰা নাই। ইয়াৰ পৰা দেখা যায় যে কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক কোনো এখন চৰকাৰৰে এই আচঁনিখন ৰূপায়ণৰ ক্ষেত্ৰত সদিচ্ছা নাই ।

লগতে পঢ়ক :নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰণৰ ক্ষেত্ৰত বিমোৰত আৰ এছ এছ

ABOUT THE AUTHOR

...view details