ETV Bharat / city

নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰণৰ ক্ষেত্ৰত বিমোৰত আৰ এছ এছ

author img

By

Published : Feb 1, 2022, 7:07 AM IST

চৰম দোধোৰ-মোধোৰত পৰিছে বিজেপি তথা আৰএছএছ । ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত এইদৰে এতিয়া দোধোৰ-মোধোৰ অৱস্থা হৈছে বিজেপি তথা আৰএছএছৰ ( Implementation of CAA in assam) ৷

caa-dilema-for-rss-and-bjp
নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰণৰ ক্ষেত্ৰত বিমোৰত আৰ এছ এছ

গুৱাহাটী, 1 ফেব্ৰুৱাৰী : শেহতীয়াভাৱে ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ( Implementation of CAA in assam) চৰম দোধোৰ-মোধোৰত পৰিছে বিজেপি তথা আৰএছএছ । মনকৰিবলগীয়া যে, সম্মুখত মণিপুৰ আৰু তাৰ পিছত ত্ৰিপুৰাৰ বিধানসভাৰ নিৰ্বাচন । দুবছৰ পিছত অনুষ্ঠিত হ'ব লোকসভাৰ নিৰ্বাচন।

এনে সময়তে, নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সংশোধনীক কেন্দ্ৰ কৰি এতিয়া বিমোৰত পৰিছে চৰকাৰ। কেৱল সেয়ে নহয়, বিষয়টোক লৈ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক দিক নিদৰ্শনা দি অহা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নেতৃত্বও ইয়াকলৈ বিমোৰত পৰা বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে(RSS being confused of CAA) ।

উল্লেখ্য যে, যোৱা দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰধান মোহন ভাগৱতক সাক্ষাৎ কৰিছিল (CM Himanta meets RSS chief Mohan Bhagwat) ) ।

শিলচৰত মোহন ভাগৱত আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন ৰাজনৈতিক বিষয় লৈ বৈঠক অনুষ্ঠিত হৈছিল । মুখ্যমন্ত্ৰীৰ টুইটাৰত এই বৈঠকৰ কোনো কথা উল্লেখ কৰা নাই। সুত্ৰৰ পৰা জানিব পৰা মতে মোহন ভাগৱত আৰু হিমন্ত বিশ্ব শৰ্মাৰ শিলচৰৰ বৈঠকত নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সংশোধনীক কেন্দ্ৰ কৰি গুৰুত্বপূৰ্ণ আলোচনা হৈছিল ।

লক্ষনীয় যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই আৰম্ভণিতে নাগৰিকত্ব সংশোধনী আইনকলৈ বিভিন্ন ৰাজনৈতিক সমীকৰণ (Political equations based on CAA) কৰিছিল যদিও পৰৱৰ্তী সময়ত উত্তৰ-পূৰ্বাঞ্চলত এই আইনখন কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত দোধোৰ মধোৰত পৰিছে । ইপিনে, ৰাজ্যত এন আৰ চি সংশোধনীক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই বিভিন্ন শংকাত ভূগি আছে ।

কাৰণ নাগৰিকত্ব সংশোধনী আইনক কাৰ্যকৰী কৰা এন আৰ চি সংশোধনীক লৈ ৰাজ্য তথা সমু উত্তৰ-পূৰ্বাঞ্চলত ভোট বেংকৰ ৰাজনীতি জড়িত হৈ আছে । পূৰ্বতে পূব পাকিস্তানৰ পৰা অসমত আহি ভাৰতৰ নাগৰিকত্ব পোৱা অসমৰ বাংলাভাষী ভাৰতীয় নাগৰিকে নাগৰিকত্ব সংশোধনী আইনৰ সহায়ত ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিব বিচৰা বাংলাদেশৰ হিন্দু নাগৰিকক গ্ৰহণ নকৰাৰ সম্ভাৱনা প্ৰায় প্ৰকট হৈ পৰিছে ।

আনহাতে, ৰাজ্যৰ জনজাতীয় লোকসকলে বাংলাদেশৰ হিন্দু নাগৰিকৰ আগ্ৰাসন গ্ৰহণ কৰা সম্ভাৱনা কম । এনেদৰে ৰাজ্যৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত বাংলাদেশী হিন্দু নাগৰিকৰ প্ৰতি সুদৃষ্টিভংগী নাই । উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য বিশেষকৈ ত্ৰিপুৰাত বাংলাদেশী আগ্ৰাসণৰ বাবে থলুৱা লোকৰ মাজত বিষেধগাৰ আছে । এনেবোৰ ৰাজনৈতিক কাৰণতে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইনখন কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত পিছহুহকি আছে ।

যাৰ বাবে ভাৰতৰ সংসদৰ দ্বাৰা ২০১৯ চনৰ ১১ ডিচেম্বৰত গৃহীত নাগৰিকত্ব সংশোধনী আইনখন নিৰ্দ্ধাৰিত সময়ত কেন্দ্ৰীয় চৰকাৰে কাৰ্যকৰী কৰা নাই। যোৱা ১০ জানুৱাৰীত নাগৰিকত্ব সংশোধনী আইনখন দেশত কাৰ্যকৰী কৰাৰ সময় নিৰ্দ্ধাৰণ কৰা হৈছিল।

কিন্তু ৰহস্যজনকভাৱে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইনখন কাৰ্যকৰী কৰণৰ ক্ষেত্ৰত কোনো নিৰ্দেশনা জাৰী কৰা নাই । সেয়েহে হয়তো ভোট বেংকৰ ৰাজনীতিৰ বাবে নাগৰিকত্ব সংশোধনী আইন অনাৰ ক্ষেত্ৰত এসময়ত উঠি পৰি লগা বি জে পি চৰকাৰ আৰু আৰ এছ এছ নেতৃত্ব এতিয়া ভোট বেংকৰ ৰাজনীতিৰ বাবে আকৌ নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰণৰ ক্ষেত্ৰত বিমোৰত পৰিছে।
লগতে পঢ়ক : ৰাজ্যত আৰক্ষীৰ এনকাউণ্টাৰ হোৱা নাই, পুলিচৰ এক্সনহে হৈছে: ভাস্কৰজ্যোতি মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.