অসম

assam

কংগ্ৰেছে ৰাজ্যপালক দিলে দুখনকৈ স্মাৰক পত্র

By

Published : Jun 16, 2022, 7:44 PM IST

ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতি আৰু দিল্লীৰ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ কাৰ্যালয়ত পুলিচ বাহিনীয়ে অনাধিকাৰ প্ৰৱেশৰ ঘটনা সম্পৰ্কত ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰি বৃহস্পতিবাৰে কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে (Assam Pradesh Congress Committee) ৰাজ্যপালক দুখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰে ৷

Assam Congress seeks Governor’s intervention to find solution
প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দলে ৰাজ্যপালক সাক্ষাৎ কৰি দিলে দুখনকৈ স্মাৰক পত্র

গুৱাহাটী,১৬ জুন: প্ৰদেশ কংগ্ৰেছৰ (Assam Pradesh Congress Committee) সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে বৃহস্পতিবাৰে ৰাজ্যপাল জগদীশ মুখীক (Governor Jagdish Mukhi ) দুখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰে ৷ এই স্মাৰক পত্ৰ দুখনৰ এখন স্মাৰক পত্ৰযোগে গুৱাহাটীৰ লগতে ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতিৰে মোকাবিলা কৰাত ৰাজ্য চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা সম্পৰ্কত ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰে (Assam Congress seeks Governor’s intervention to find solution) ।

প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দলে ৰাজ্যপালক সাক্ষাৎ কৰি দিলে দুখনকৈ স্মাৰক পত্র

আন এখন স্মাৰক পত্ৰ যোগে দিল্লীৰ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ কাৰ্যালয় আৰু গুৱাহাটীৰ ৰাজীৱ ভৱনত পুলিচ বাহিনীয়ে অনাধিকাৰ প্ৰৱেশ কৰি বিষয়ববীয়াসকলক শাৰীৰিকভাৱে অপদস্থ কৰা আৰু চূড়ান্ত উদ্ভণ্ডালি চলোৱা কাৰ্যৰ বিষয়ে দৃষ্টিগোচৰ কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায় কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে ।

সভাপতি ভূপেন কুমাৰ বৰাৰ উপৰিও বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইন, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, সাংসদ আব্দুল খালেক, বিধায়ক প্ৰদীপ সৰকাৰ, সাধাৰণ সম্পাদকদ্বয় অপূৰ্ব কুমাৰ ভট্টাচাৰ্য আৰু ববিতা শৰ্মাই ৰাজ্যপালক সাক্ষাৎ কৰি এই স্মাৰক পত্ৰ দুখন প্ৰদান কৰে ।

লগতে পঢ়ক:ননচেঞ্চ কথা নক’ব; অধ্যক্ষক ধমক শিক্ষামন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details