ননচেঞ্চ কথা নক’ব; অধ্যক্ষক ধমক শিক্ষামন্ত্ৰীৰ

By

Published : Jun 16, 2022, 6:48 PM IST

thumbnail

‘‘ননচেঞ্চ কথা নক’ব ৷ দুখীয়া হ’লে কি টেলেন্ট নাইকীয়া হয় নেকি ? স্কুল নহাকৈ থকা কিমান শিক্ষাৰ্থীৰ ঘৰলৈ আপুনি গৈছে ?’’ বৃহস্পতিবাৰে নগাঁৱৰ ডচন হায়াৰ চেকেণ্ডৰী স্কুলত চাডেন ভিজিট দি বিদ্যালয়খনৰ অধ্যক্ষ তপন কুমাৰ বৈদ্যক এই ধমক দিয়ে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ তথ্য অনুসৰি, সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত (HSLC exam result 2022) আশানুৰূপ ফলাফল লাভ কৰিব পৰা নাছিল নগাঁৱৰ ডচন হায়াৰ চেকেণ্ডৰী স্কুলখনে ৷ সেয়ে উক্ত স্কুলখনৰ সামগ্ৰিক পৰিৱেশ বুজ ল’বলৈ বৃহস্পতিবাৰে উপস্থিত হয় ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকী ৷ শিক্ষামন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ ফলাফল সন্দৰ্ভত অধ্যক্ষগৰাকীক বিভিন্ন প্ৰশ্ন কৰাত অধ্যক্ষগৰাকীয়ে গা-এৰা মন্তব্য প্ৰদান কৰে ৷ বিদ্যালয়খনৰ অধ্যক্ষগৰাকীৰ গা-এৰা মন্তব্যত ক্ষুব্ধ হৈ পৰে শিক্ষামন্ত্ৰীগৰাকী ৷ তাৰ পাচত শিক্ষামন্ত্ৰীগৰাকীয়ে নগাঁৱৰ ডচন হায়াৰ চেকেণ্ডৰী স্কুলৰ (Nagaon Dosson Higher Secondary School) তপন কুমাৰ বৈদ্যৰ ওপৰত চোকা দৃষ্টি নিক্ষেপ কৰিবলৈ নগাঁও জিলা উপায়ুক্তগৰাকীক নিৰ্দেশ প্ৰদান কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.