অসম

assam

কামাখ্যা মন্দিৰত মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ পূজা অৰ্চনা

By

Published : Jun 29, 2022, 2:38 PM IST

all the rebel mlas led by eknath shinde left for kamakhya

গুৱাহাটী এৰাৰ পূৰ্বে বুধবাৰে কামাখ্যাত উপস্থিত হয় একনাথ বাহিনী ৷ কামাখ্যাত পূজা অৰ্চনা আগবঢ়াই পুনৰ ৰেডিশ্বন ব্লুলৈ ওভতি আহে বিধায়কসকল ৷ ৰেডিশ্বনৰ পৰা বিয়লি 4 বজাত ছাৰ্টাৰ্ড বিমানেৰে গোৱালৈ যাব বিসম্বাদী বিধায়কসকল (Maharashtra rebel MLAs) ৷

গুৱাহাটী, 29 জুন :গুৱাহাটী ত্যাগ কৰি বুধবাৰ ওভতিব মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকল । গুৱাহাটী এৰাৰ পূৰ্বে একনাথ সিন্দেসহ ৰেডিশ্বন ব্লুত বাহৰ পাতি থকা 48 জন বিধায়কে বিশেষ বাছেৰে কামাখ্যা মন্দিৰলৈ যায় । মন্দিৰত তেওঁলোকে পূজা অৰ্চনা কৰি পুনৰ হোটেললৈ উভতি যায় ।

কামাখ্যা মন্দিৰত মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলৰ পূজা অৰ্চনা

আজি বিয়লি 4 বজাত গোৱালৈ যাব ৰেডিশ্বন ব্লুত বাহৰ পাতি থকা 48 জন বিধায়ক । ইতিমধ্যে বৰঝাৰ বিমানবন্দৰত কটকটীয়া নিৰাপত্তা বেষ্টনি গঢ়ি তোলা হৈছে । গোৱাৰ হোটেল তাজত বুকিং কৰা হৈছে ৭১ টা কোঠা । বৰঝাৰ বিমানবন্দৰত মোতায়েন কৰা হৈছে বিশাল আৰক্ষী বাহিনী, বান্ধি দিয়া হৈছে বেৰিকেড । পৰিস্থিতিৰ বুজ লৈ আছে আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই ।

উল্লেখ্য যে একনাথ সিন্দেসহ চাৰিজন বিসম্বাদী বিধায়ক বুধবাৰে পুৱা ৭.৪৫ বজাত হোটেল ৰেডিশ্বন ব্লুৰ পৰা কামাখ্যালৈ ওলাই গৈছিল । বিগত 20 জুনৰ পৰা হোটেলখনত বাহৰ পাতি আছিল মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকল । শিৱসেনাৰ 39 আৰু শিৱসেনা সমৰ্থিত 9 জন নিৰ্দলীয় বিধায়ক আছে এই দলটোত । বিধায়কসকল গোৱাৰ পৰা বৃহস্পতিবাৰে মুম্বাইলৈ যাব ।

লগতে পঢ়ক :গুৱাহাটীৰ পৰা ৩.৩০ বজাত গোৱালৈ উৰা মাৰিব বিসম্বাদী বিধায়কৰ দল

ABOUT THE AUTHOR

...view details