অসম

assam

Prestigious President Police Medal: এডিজিপি হীৰেন চন্দ্ৰ নাথলৈ ৰাষ্ট্ৰপতিৰ পুলিচ মেডেল

By

Published : Jan 25, 2022, 5:32 PM IST

অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেন চন্দ্ৰ নাথসহ 13 গৰাকী আৰক্ষী বিষয়া-জোৱানলৈ আগবঢ়োৱা হৈছে উৎকৃষ্ট সেৱাৰ পুলিচ মেডেল ( President Police Medal)। আগন্তুক গণৰাজ্য দিৱসৰ দিনা প্ৰাদান কৰা হ’ব এই সন্মান ৷

adgp-hiren-nath-to-get-presidents-police-medal
অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন চন্দ্ৰ নাথলৈ ৰাষ্ট্ৰপতিৰ পুলিচ মেডেল

গুৱাহাটী, 25 জ‍ানুৱাৰী : অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেন চন্দ্ৰ নাথলৈ আগবঢ়োৱা হৈছে বিশিষ্ট সেৱাৰ ৰাষ্ট্ৰপতিৰ পুলিচ মেডেল (ADGP Hiren Chandra Nath named for Prestigious President Police Medal)। গণৰাজ্য দিৱসৰ প্ৰাকঃমূহুৰ্তত মঙলবাৰে অৰ্থাৎ আজি দেশৰ বিভিন্ন ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে বিশিষ্ট সেৱাৰ ৰাষ্ট্ৰপতিৰ পুলিচ মেডেলৰ বাবে বাচনি লাভ কৰা আৰক্ষী বিষয়া-জোৱানসকলৰ তালিকা ঘোষণা কৰে ৷ এই তালিকামৰ্মে এইবাৰ 13 গৰাকী অসম আৰক্ষী বিষয়া-জোৱানলৈ আগবঢ়োৱা হৈছে উৎকৃষ্ট সেৱাৰ পুলিচ মেডেল (13 other Assam Police officials have been named for Police Medal) ।

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন চন্দ্ৰ নাথলৈ ৰাষ্ট্ৰপতিৰ পুলিচ মেডেল

2022 চনৰ উৎকৃষ্ট সেৱাৰ পুলিচ মেডেল লাভ কৰা অসমৰ বিষয়া-জোৱানসকল ক্ৰমে, দেৰগাঁৱৰ আৰ টি এছৰ অধিনায়ক হৰেন টকবি, এ পি আৰ অ'ৰ পৰিদৰ্শক ছমেজ উদ্দিন, উত্তৰ গুৱাহাটীৰ কামাণ্ডো বেটেলিয়ানৰ পৰিদৰ্শক (এবি) জয় দীপ শৰ্মা, সহকাৰী উপ পৰিদৰ্শক নুৰুল ইছলাম ৷

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন চন্দ্ৰ নাথলৈ ৰাষ্ট্ৰপতিৰ পুলিচ মেডেল

লগতে সহকাৰী উপ পৰিদৰ্শক অচ্যুত দত্ত, হাবিলদাৰ সুনীল মিলি, কনিষ্টবল (ইউ বি) মুজাম্মিল হ'ক, মহিলা কনিষ্টবল (ইউ বি) ৰঞ্জুমণি শইকীয়া, কনিষ্টবল (ইউ বি) বিপুল বৰা, কনিষ্টবল (এবি) হীৰেন হাজৰিকা, কনিষ্টবল (ইউ বি) বুলন গোহাঁই, কনিষ্টবল (ইউ বি) অলক পাল আৰু কনিষ্টবল (এবি) জগত তামাঙকো এইবাৰ প্ৰদান কৰা হ’ব উৎকৃষ্ট সেৱাৰ পুলিচ মেডেল (President Police Medal) ।

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন চন্দ্ৰ নাথলৈ ৰাষ্ট্ৰপতিৰ পুলিচ মেডেল

উল্লেখ যে প্ৰত্যেক বছৰেই গণৰাজ্য দিৱসৰ সময়ত আৰক্ষীৰ লোকসকলক বিভিন্ন ক্ষেত্রত আগবঢ়োৱা সেৱাৰ বাবে কেইবাটাও শিতানত মেডেল প্ৰদান কৰি সন্মানিত কৰা হয় ।

লগতে পঢ়ক :Alleged scam in OIL bid: গাড়ীৰ নিবিদাৰ নামত অইলৰ বিৰুদ্ধে ব্যাপক কেলেংকাৰীৰ অভিযোগ

ABOUT THE AUTHOR

...view details