অসম

assam

অসম চুক্তি, NRC প্ৰসংগ : আছুৰে বৈঠক কেবিনেট উপ-সমিতিৰ

By

Published : Mar 24, 2022, 7:59 PM IST

Updated : Mar 24, 2022, 8:16 PM IST

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, আধাৰ কাৰ্ড আৰু অসম চুক্তি কাৰ্যকৰীকৰণ(Implementation of Clauses of Assam Accord) প্ৰসংগত সদৌ অসম ছাত্ৰ সন্থাৰ (All Assam Students' Union) লগতে ২৭ টাকৈ সংগঠনৰ সৈতে আলোচনাত মিলিত কেবিনেট উপ-সমিতি । অসম চুক্তিৰ আটাইকেইটা দফা কাৰ্যকৰীকৰণৰ বিষয়ে আছুৰ নেতৃবৃন্দৰ সৈতে সুকীয়াকৈ আলোচনাত বহে মন্ত্ৰী অতুল বৰা আৰু পীযুষ হাজৰিকা ।

AASU meeting with cabinet sub committee
আছুৰে বৈঠক কেবিনেট উপ-সমিতিৰ

গুৱাহাটী, ২৪ মাৰ্চ :ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, আধাৰ কাৰ্ড আৰু অসম চুক্তি কাৰ্যকৰীকৰণ(Implementation of Clauses of Assam Accord) প্ৰসংগত বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ(All Assam Students' Union) উপৰিও ৰাজ্যৰ মুঠ ২৭ টাকৈ সংগঠনৰ সৈতে আলোচনাত মিলিত হয় ৰাজ্য চৰকাৰ । প্ৰথমে আধাৰ কাৰ্ডৰ জটিলতা আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত ২৭ টা সংগঠনৰ সৈতে অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত আলোচনাত বহে ৰাজ্য চৰকাৰৰ তিনি মন্ত্ৰী অতুল বৰা, পীযুষ হাজৰিকা আৰু যোগেন মহন ।

অসম চুক্তি, NRC প্ৰসংগ : আছুৰে বৈঠক কেবিনেট উপ-সমিতিৰ

ইয়াৰ পিছতে অসম চুক্তিৰ আটাইকেইটা দফা কাৰ্যকৰীকৰণৰ বিষয়ে আছুৰ নেতৃবৃন্দৰ সৈতে সুকীয়াকৈ আলোচনাত বহে মন্ত্ৰী অতুল বৰা আৰু পীযুষ হাজৰিকা।উল্লেখযোগ্য যে, অসম চুক্তি ৰূপায়ন সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিছিল মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ আৰু পীযুষ হাজৰিকাক লৈ এখন কেবিনেট উপ সমিতি ।

আছুৰে হোৱা এই বৈঠকৰ অন্তত মন্ত্ৰী অতুল বৰাই কয় যে, আজি ছয় নম্বৰ দফা সন্দৰ্ভত আলোচনা হৈছে আৰু আলোচনা ইতিবাচক দিশেৰে আগবাঢ়িছে । খুব সোনকালেই কেবিনেট উপ সমিতিয়ে প্ৰতিবেদন দাখিল কৰিব । আনহাতে, ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটিয়ে ইতিমধ্যে দাখিল কৰা অসম চুক্তিৰ ছয় নং দফা সম্পৰ্কীয় প্ৰতিবেদনৰ পৰামৰ্শৱলী কাৰ্যকৰী কৰিব লাগিব বুলি মন্তব্য কৰে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে ।

আনহাতে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত অনুষ্ঠিত বৈঠকৰ অন্তত মন্ত্ৰী অতুল বৰাই কয় যে যিখন নাগৰিকপঞ্জী ইতিমধ্যে প্ৰস্তুত কৰা হ'ল সেইখন যথেষ্ঠ আসোঁৱাহপূৰ্ণ । সেয়েহে ৰাজ্য চৰকাৰৰ ফালৰ পৰা অনতিপলমে ইয়াৰ পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনোৱা হ’ব । একেদৰে, অসমত এতিয়াও বহু লোকৰ আধাৰ কাৰ্ড প্ৰস্তুত হৈ নুঠা বাবে তেনে লোকসকল বিভিন্ন চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে ।

২৭ টা সংগঠনৰ সৈতে এই সন্দৰ্ভত বৈঠকত মিলিত হোৱাৰ পিছত মন্ত্ৰী বৰাই কয় যে, আধাৰ কাৰ্ডৰ নাগৰিকত্বৰ লগত কোনো সম্পৰ্ক নাই । অসমত আধাৰ কাৰ্ডৰ বিষয়টোৱে জটিলতাৰ সৃষ্টি কৰা প্ৰসংগত ৰাজ্য চৰকাৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলিও মন্ত্ৰী বৰাই প্ৰকাশ কৰে । ইপিনে ২৭ টা জনগোষ্ঠীয় সংগঠনে আজিৰ বৈঠকত চৰকাৰক স্পষ্ট কৰি দিয়ে যে আধাৰ কাৰ্ডৰ নামত যাতে অসমৰ কোনো খিলঞ্জীয়া জাতি জনগোষ্ঠীক হাৰাশাস্তি কৰা নহয় ।

লগতে পঢ়ক :টেট শিক্ষকৰ প্ৰতিবাদ : মুখ্যমন্ত্ৰীক ৩১ মাৰ্চলৈকে সময়সীমা দিলে টেট শিক্ষকে

Last Updated : Mar 24, 2022, 8:16 PM IST

ABOUT THE AUTHOR

...view details