ETV Bharat / state

টেট শিক্ষকৰ প্ৰতিবাদ : মুখ্যমন্ত্ৰীক ৩১ মাৰ্চলৈকে সময়সীমা দিলে টেট শিক্ষকে

author img

By

Published : Mar 24, 2022, 6:47 PM IST

১ এপ্ৰিলত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ টেট শিক্ষকৰ (TET teachers sets a deadline for government) । হাজাৰ হাজাৰ ঠিকাভিত্তিক টেট শিক্ষকৰ প্ৰতিবাদত উত্তাল কাহিলীপাৰাস্থিত সৰ্বশিক্ষাৰ কাৰ্যালয়(Teachers Protest in Guwahati)। ঘণ্টাৰ পাছত ঘণ্টা ৰাজপথত আৱদ্ধ হৈ পৰে হাজাৰ হাজাৰ বাহন ৷ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে প্ৰথমটো বৃহৎ প্ৰতিবাদ ।

tet-teachers-in-the-state-set-a-deadline-of-march-31-for-assam-government
টেট শিক্ষকৰ প্ৰতিবাদ : মুখ্যমন্ত্ৰীক দিলে ৩১ মাৰ্চলৈকে সময়সীমা

গুৱাহাটী,২৪ মাৰ্চ : ৩১ মাৰ্চৰ ভিতৰত দাবীসমূহ পূৰণ নহ'লে ১ এপ্ৰিলৰ দিনা প্ৰায় ৪০ হাজাৰ টেট শিক্ষকক লৈ পুনৰ বিশাল ৰূপত ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দি আজিৰ প্ৰতিবাদী কাৰ্যসূচী সমাপ্ত কৰিলে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে(Teachers Protest in Guwahati) ।

টেট শিক্ষকৰ প্ৰতিবাদ : মুখ্যমন্ত্ৰীক দিলে ৩১ মাৰ্চলৈকে সময়সীমা

উল্লেখ্য যে, চাকৰি নিয়মীয়াকৰণ আৰু ৩০ মাহৰ বকেয়া আদায় দিয়াকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত আজি ৰাজ্যৰ হাজাৰ হাজাৰ টেট শিক্ষকে গুৱাহাটীৰ কাহিলীপাৰাস্থিত সৰ্বশিক্ষা অভিযান মিছনৰ সঞ্চালকৰ কাৰ্যালয়ৰ সন্মূখত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে । ৰাজ্যৰ হাজাৰ হাজাৰ ঠিকাভিত্তিক টেট শিক্ষকৰ প্ৰতিবাদত কঁপি উঠিল কাহিলীপাৰাস্থিত সৰ্বশিক্ষাৰ কাৰ্যালয় (TET teachers protest at Kahilipara) ।

প্ৰতিবাদৰ সময়ত বহু টেট শিক্ষকক আৰক্ষীয়ে আটক কৰাৰ ওপৰি ঠায়ে ঠায়ে প্ৰতিবাদকাৰী সকলক প্ৰতিবাদস্থলীলৈ অহাত আৰক্ষীয়ে বাধা প্ৰদান কৰে । তাৰ পাছতো পুৱাৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰ‍ান্তৰ পৰা অহা হাজাৰ হাজাৰ টেট শিক্ষকৰ প্ৰতিবাদত কাৰ্যতঃ অচল হৈ পৰে কাহিলিপাৰা পথ । ঘণ্টাৰ পাছত ঘণ্টা ৰাজপথত আৱদ্ধ হৈ পৰে হাজাৰ হাজাৰ বাহন ।

প্ৰায় পাঁচ ঘণ্টীয়া প্ৰতিবাদৰ অন্ত পৰে দিনৰ প্ৰায় দুই বজাত । প্ৰতিবাদস্থলীত ৰ‍াজ্য চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ বিশেষ আয়ুক্ত প্ৰীতম শইকীয়া উপস্থিত হৈ তেওঁলোকৰ দাবীসমূহ চৰকাৰৰ লগত আলোচনা কৰি মীমাংসা কৰাৰ আশ্বাস দিয়াৰ পাছত প্ৰতিবাদী কাৰ্যসূচীৰ অন্ত পৰে। ইফালে টেট শিক্ষকৰ সমস্যাসমূহৰ সমাধানৰ বাবে ৩১ মাৰ্চলৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সময়সীমা বান্ধি দিয়ে শিক্ষকসকলে । অন্যথা ১ এপ্ৰিলৰ পৰা পুনৰ আন্দোলনৰ হুংকাৰ দিয়ে টেট শিক্ষকসকলে (TET teachers sets a deadline for government) ।

উল্লেখ্য যে, ঠিকা ভিত্তিক টেট শিক্ষক সমাজৰ দাবী অনুসৰি ২০১৩ চনৰ পৰা লাভ কৰি থকা মৰগীয়া বানচ ২০১৯ চনৰ জুলাই মাহৰ পৰা ৰহস্যজনক কাৰণত বন্ধ কৰি দিয়া হৈছে । আনকি ৩০ মাহ ধৰি বঞ্চিত কৰি ৰাখি মাত্ৰ ৫ শতাংশ মৰগীয়া বানচ ২০২২ চনৰ জানুৱাৰী মাহৰ পৰা বকেয়াবিহীনভাৱে প্ৰদান নকৰাৰ লগতে ২০২১ চনৰ পৰা বৰ্ধিত ১১ শতাংশ আৰু ৩ শতাংশ মৰগীয়া বানচ আজিলৈকে আদায় নিদিয়াৰ বাবে সমগ্ৰ অসমৰ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকল ক্ষোভিত হৈ পৰিছে ।

যাৰ বিৰুদ্ধে টেট উত্তীৰ্ণ ৪০ হাজাৰ শিক্ষকে আজি ঐক্যবদ্ধ হৈ কাহিলীপাৰাৰ মিছন সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । আৰক্ষীৰ প্ৰৱল বাধাৰ পাছতো আজি কাহিলিপাৰাত হাজাৰ হাজাৰ টেট শিক্ষক সমবেত হৈ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। লক্ষণীয় বিষয় যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্ম‍া চৰকাৰৰ বিৰুদ্ধে আজিৰ টেট শিক্ষকৰ প্ৰতিবাদ আছিল বিশাল পৰিসৰৰ প্ৰথমটো বৃহৎ প্ৰতিবাদ ।

লগতে পঢ়ক : দিন দুপৰতে সোণাৰিত যুৱ ব্যৱসায়ীক চোকা অস্ত্ৰৰে আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.