অসম

assam

অখিল গগৈৰ বাবেই থাওৰাত জয়ী হ’ব বিজেপি !

By

Published : Sep 14, 2021, 2:15 PM IST

Minister Pijush Hazarika talking about Raijor Dol and Congress of Thowra Constituency

উপ নিৰ্বাচনক লৈ এতিয়া ৰাজ্যৰ ৰাজনৈতিক নেতাসমূহৰ মাজত চলিছে বোকা ছটিওৱাৰ ৰাজনীতি ৷ কংগ্ৰেছ দল আৰু ৰাইজৰ দলে এই নিৰ্বাচনত একলগে প্ৰতিদ্বন্দ্বিতা কৰাৰ আশা কৰা হৈছিল ৷ কিন্তু শেষ মূহুৰ্তত দল দুটাৰ মাজত মিত্ৰতা নোহোৱাত থাওৰাত অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লয় ৰাইজৰ দলে ৷ আনহাতে সুশান্ত বৰগোঁহায়ে বিজেপিত যোগদান কৰাৰ পাছত থাওৰাত এতিয়া নাই কংগ্ৰেছৰ কোনো ধৰণৰ নিৰ্বাচনী কুচকাৱাজ ।

মৰাণ, 14 ছেপ্টেম্বৰ : উপ নিৰ্বাচনত কংগ্ৰেছ আৰু ৰাইজৰ দলে একেলগে নিৰ্বাচন খেলাৰ বিষয়টোৱে উপ-নিৰ্বাচনৰ ৰাজনৈতিক পৰিৱেতশ কিছু সলনি কৰিব বুলি সকলোৱে আশা কৰিছিল । কিয়নো উজনিৰ থাওৰা আৰু মৰিয়নিত কংগ্ৰেছ দলৰ সমান্তৰালভাৱে ৰাইজৰ দলে নিজৰ সাংগঠনিক ভেটি সুদৃঢ় কৰিবলৈ সক্ষম হৈছে ।

কিন্তু অখিল গগৈয়ে কংগ্ৰেছৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় নেতৃত্বৰ লগত আলোচনা কৰিও মিত্ৰতাৰ ক্ষেত্ৰত কোনো ধৰণৰ সিদ্ধান্তত উপনীত হ'ব নোৱাৰিলে । যাৰ বাবে থাওৰাত ৰাইজৰ দলে অকলে নিৰ্বাচন খেলাৰ কথা ঘোষণা কৰিলে অখিল গগৈয়ে । কংগ্ৰেছ দল আৰু অখিল গগৈৰ ৰাইজৰ দলে একলগে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ বাবে উৎসাহিত হৈছে থাওৰাৰ বিজেপি ।

মন্ত্ৰী পীযুষ হাজৰিকাৰ অখিল গগৈক চেলেঞ্জ !

থাওৰাৰ এক ৰাজনৈতিক সভাত অংশ ল'বলৈ আহি এই কথা স্বীকাৰ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই । কংগ্ৰেছ আৰু অখিল গগৈৰ মাজত মিত্ৰতা নোহোৱাৰ বাবে অখিল গগৈয়ে কংগ্ৰেছৰ ভোট ভাঙি বিজেপিক জয় হোৱাত সহায় কৰিব বুলি উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ।

তেওঁ লগতে কয় যে, কিছুলোকে চেষ্টা কৰিছে বিজেপিৰ মাজত বিভাজন আনিবলৈ কিন্তু এয়া সম্ভৱ নহয় । কাৰণ থাওৰাত শক্তিশালী স্থিতিত আছে বিজেপি । মন্ত্ৰী হাজৰিকাই লগতে এইবাৰ থাওৰা সমষ্টিত ১৫ হাজাৰ ভোটত জয়ী হৈ অভিলেখ গঢ়িব বুলি দাবী কৰে ।

উল্লেখ্য যে, থাওৰাত এতিয়া কংগ্ৰেছৰ কোনো ধৰণৰ নিৰ্বাচনী কুচকাৱাজ নাই ৷ এনে পৰিস্থিতিত অৱশেষত ৰাইজৰ দলৰ প্ৰাৰ্থীকে কংগ্ৰেছ দলে সমৰ্থন জনালে ইয়াত আচৰিত হ'ব লগা কোনো নাথাকিব । কিয়নো সুশান্ত বৰগোঁহায়ে বিজেপিত যোগদান কৰাৰ লগে লগেই থাওৰাত কংগ্ৰেছ দলৰ ভেটি দুৰ্বল হৈ পৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক :তৃণমূল, চিপিআইএমে সাম্প্ৰদায়িকতা বিয়পাইছে : বিপ্লৱ দেৱ

ABOUT THE AUTHOR

...view details