অসম

assam

26 খন চাহ বাগিছাক এম্বুলেঞ্চ প্ৰদান মুখ্যমন্ত্ৰীৰ

By

Published : Apr 4, 2022, 9:47 AM IST

ডিব্ৰুগড়ত 26 খন চাহ বাগিছাক এম্বুলেঞ্চ বিতৰণ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (CM distributed ambulance to tea garden) ৷ লাহোৱালত অনুষ্ঠিত এক অনুষ্ঠানত 26 খন বাগিছাক একোখনকৈ এম্বুলেঞ্চ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ৷

CM distributed ambulance to tea garden
26 খন চাহ বাগিছাক এম্বুলেঞ্চ প্ৰদান মুখ্যমন্ত্ৰীৰ

মৰাণ, 4 এপ্ৰিল : দিনজোৰা কাৰ্যসূচীৰে দেওবাৰে পুৱাই ডিব্ৰুগড়ত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma visits Dibrugarh)৷ মোহনবাৰী বিমান বন্দৰত অৱতৰণ কৰি তাৰ পৰা পোনে পোনে শদিয়ালৈ ৰাওনা হয় মুখ্যমন্ত্ৰীগৰাকী ৷ শদিয়াত এখন বিশেষ সভাত অংশ গ্ৰহণ কৰি দুলীয়াজানলৈ আহে মুখ্যমন্ত্ৰী শৰ্মা ৷ দুলীয়াজান গেছ কোম্পানীৰ সোণালী জয়ন্তী অনুষ্ঠানত অংশ গ্ৰহণ কৰে ড৹ শৰ্মাই ৷

তাৰ পাচতে লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাৰ এলেকা উন্নয়ন পুঁজিৰে সমষ্টিটোৰ 26 চাহ বাগিছালৈ আগবঢ়োৱা হয় একোখনকৈ এম্বুলেঞ্চ (Himanta Biswa Sharma distributes ambulances)৷ লাহোৱালৰ কৰম ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই 26 খন বাগিছাৰ শ্ৰমিকসকল উপকৃত হোৱাকৈ এম্বুলেঞ্চ কেইখন প্ৰদান কৰে ৷

26 খন চাহ বাগিছাক এম্বুলেঞ্চ প্ৰদান মুখ্যমন্ত্ৰীৰ

এম্বুলেঞ্চ প্ৰদান কৰা চাহ বাগিছা কেইখনৰ ভিতৰত অন্যতম হৈছে মনোহৰী চাহ বাগিছা, বকুল চাহ বাগিছা, টিমনা চাহ বাগিছা, গনেশবাৰী চাহ বাগিছা, চেঁচা চাহ বাগিছা, মোহনবাৰী চাহ বাগিছা, বকপৰা চাহ বাগিছা আৰু মানকটা চাহ বাগিছা ৷

এই অনুষ্ঠানত উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক ক্ৰমে প্ৰশান্ত ফুকন, তৰংগ গগৈ, চক্ৰধৰ গগৈ ৷ প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ উপৰিও আন কেইবাগৰাকীও গণ্য মান্য় ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে ৷
লগতে পঢ়ক :শীঘ্ৰেই মহানগৰীত মুকলি হ'ব বিদ্যুৎচালিত বাছসেৱা : মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details