অসম

assam

ধুবুৰীত আৰক্ষীৰ জালত দুই তালিবানী সমৰ্থক

By

Published : Aug 21, 2021, 10:52 PM IST

Updated : Aug 22, 2021, 6:27 AM IST

সুদীৰ্ঘ ২০ বছৰৰ পিছত আফগানিস্তানত পুনৰ আধিপত্য বিস্তাৰ কৰিছে তালিবানে । অনাগত দিনৰ ভয়াৱহতাৰ কথা ভাৱি শংকিত হৈ পৰিছে দেশখনৰ সাধাৰণ নাগৰিক । লগতে তালিবানৰ উত্থানে চিন্তিত কৰিছে দেশবাসীক । কিন্তু ইয়াৰ মাজতো একাংশ লোকে তালিবান সমৰ্থন জনোৱা দেখা গৈছে ।

tow-talibani-supporters-arrested-by-police-in-dhuburi-district
ধুবুৰীত আৰক্ষীৰ জালত দুটা তালিবানি সমৰ্থক

ধুবুৰী,21 আগষ্ট :তালিবানৰ সমৰ্থনত ফেচবুকত পোষ্ট দি আৰক্ষীৰ জালত পৰিছে ৰাজ্যৰ বিভিন্ন জিলাৰ চৈধ্য জনকৈ সমৰ্থক । ইয়াৰে ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাৰ তিনিজনকৈ যুৱক গ্ৰেপ্তাৰ হোৱা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ । প্ৰাপ্ত তথ্য অনুসৰি আফগানিস্থানত তালিবান উগ্ৰপন্থীয়ে দখল কৰাৰ পিছতেই তালিবানে ত্ৰাসৰ সৃষ্টি কৰিছে আফগানিস্থানত । তালিবানৰ এনে বৰ্বৰতাই সমগ্ৰ বিশ্ব জোকাৰি গৈছে । সকলো পক্ষই তালিবানৰ বৰ্বৰতাক তীব্ৰ ভাষাৰে গৰিহণা দি আহিছে ।

কিন্তু তেনে সময়তে একাংশ লোকে তালিবানৰ সমৰ্থনত সামাজিক মাধ্যমত বিভিন্ন পোষ্ট কৰা আৰম্ভ কৰিছে । ইপিনে পূৰ্বৰে পৰা সামাজিক মাধ্যমত চোকা দৃষ্টি ৰখা অসম আৰক্ষীয়ে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা চৈধ্যজনকৈ লোকক গ্ৰেপ্তাৰ কৰে । ধুবুৰী আৰক্ষীয়ে ধুবুৰীৰ এ এম কোঃ ৰোডৰ পৰা ছৈয়দ আহমেদ নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰমান হুছেইন নামৰ ধুবুৰীৰ আন এজন যুৱকক ।

ধুবুৰীত আৰক্ষীৰ জালত দুটা তালিবানি সমৰ্থক

লগতে পঢ়কঃ কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল

গ্ৰেপ্তাৰ হোৱা যুৱকদ্বয়ৰ পৰা অধিক তথ্য উদ্ঘাটনৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । ছৈয়দ আহমেদ নামৰ যুৱকজনে নিজৰ ফেচবুক একাউন্টত তালিবানক সমৰ্থন সংক্ৰান্তীয় এটা পোষ্ট শ্বেয়াৰ কৰাৰ বিপৰীতে আৰমান হুছেইন নামৰ আনজনে যুৱকে নিজৰ এটা ফেচবুক পেইজত শ্বেয়াৰ কৰে তালিবানক সমৰ্থন সংক্ৰান্তীয় এটা বিতৰ্কিত পোষ্ট ।

সামাজিক মাধ্যমত তালিবানক সমৰ্থন সংক্ৰান্তীয় পোষ্ট শ্বেয়াৰ কৰি ধুবুৰী আৰক্ষীৰ হাতত দুই যুৱক গ্ৰেপ্তাৰ হোৱাৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ খন্দকাৰ নুৰ আলম নামৰ আন এজন যুৱক তালিবানক সমৰ্থন সংক্ৰান্তীয় পোষ্ট ফেচবুকত শ্বেয়াৰ কৰি আৰক্ষীৰ জালত পৰে । উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা তালিবানক সমৰ্থনত একাংশ লোকে ওলাই অহাৰ বিপৰীতে সামাজিক মাধ্যম ব্যৱহাৰ কৰা ঘটনাই সচেতন মহলক চিন্তিত কৰি তুলিছে ।

লগতে পঢ়কঃ সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে সোচ্চাৰ থাওৰাৰ কংগ্ৰেছ নেতৃত্ব

Last Updated :Aug 22, 2021, 6:27 AM IST

ABOUT THE AUTHOR

...view details