ETV Bharat / state

কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল

author img

By

Published : Aug 21, 2021, 10:11 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰৰ দিনত দেশবাসীয়ে চকুত লগা পৰিবৰ্তন দেখিবলৈ সক্ষম হৈছে ৷ অসমৰ বৰাক আৰু ব্ৰহ্মপুত্ৰক বঙ্গোপসাগৰৰ সৈতে যোগসূত্ৰ স্থাপন কৰি জলপথৰ যোগেদি আমদানি-ৰপ্তানি কৰাৰ পথ প্ৰশস্ত কৰা হ'ব ৷ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছত শনিবাৰে প্ৰথমবাৰৰ বাবে অসমৰ মাটি ভৰি থৈ সংবাদমেলৰ জৰিয়তে এই মন্তব্য কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

press-conference-by-union-minister-sarbananda-sonowal
কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল

গুৱাহাটী,21 আগষ্ট: কেন্দ্ৰীয় মন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হৈ প্ৰথমবাৰৰ বাবে গুৱাহাটীত উপস্থিত হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে এখন সংবাদমেল সম্বোধন কৰে ৷ গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত দলৰ ৰাজ্যিক কাৰ্যালয়ত আয়োজন কৰা সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰৰ দিনত দেশবাসীয়ে চকুত লগা পৰিবৰ্তন দেখিবলৈ সক্ষম হৈছে ৷ শাসন ব্যৱস্থাত মূল্যবোধ প্ৰতিষ্ঠা হৈছে ৷

লগতে সোণোৱালে কয় যে,কংগ্ৰেছৰ দীঘলীয়া শাসনকালত মূল্যবোধৰ শাসন ব্যৱস্থা নথকাৰ বাবেই দেশ বহু পিছ পৰি ৰ'ল ৷ কংগ্ৰেছৰ অপশাসন,দুৰ্নীতি আৰু মাহী আইৰ দৃষ্টিৰে চোৱা নীতিৰ বাবেই অসমসহ উত্তৰ-পূৰ্বাঞ্চল পিছ পৰি থাকিল ৷ কিন্তু মোদী চৰকাৰৰ দিনত এতিয়া সমগ্ৰ দেশে উন্নয়ণৰ পথত অগ্ৰসৰ হৈছে ৷ সকলো ক্ষেত্ৰতে উন্নয়ণ হৈছে আৰু ৰাইজে ইয়াৰ সোৱাদ পাইছে ৷ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলক গুৰুত্ব দিয়াৰ লগতে নতুন দৃষ্টিভংগীৰে আৱিষ্কাৰ কৰিছে ৷

কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল

উক্ত সংবাদমেলতে সোণোৱালে 100 দিন সম্পূৰ্ণ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক ভূয়সী প্ৰশংসা কৰে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত অসম উন্নতিৰ দিশত অগ্ৰসৰ বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷

ইয়াৰ ওপৰিও সোণোৱালে কয় যে,"কংগ্ৰেছৰ নীতি হৈছে বিভাজন কৰা আৰু শাসন কৰা ৷ মোডীয়ে দায়িত্ব লোৱাৰ পিছত প্ৰতিখন ৰাজ্যৰ সম উন্নয়ণ হৈছে ৷ মন্ত্ৰীসভাত পিছপৰা সম্প্ৰদায়ৰ প্ৰতিনিধিক স্থান দিয়া হৈছে ৷ আনহাতে মোডী মন্ত্ৰীসভাত উত্তৰ-পূৰ্বাঞ্চলৰ পাঁচজনক স্থান দিয়া হৈছে ৷ জন আশীৰ্বাদ যাত্ৰাৰে আমি অসমৰ 3.40 কোটি লোকৰ আশীৰ্বাদ বিচাৰি আহিছো ৷ ৰাইজৰ আশীৰ্বাদ অবিহনে গণতন্ত্ৰত পৰিবৰ্তন সম্ভৱ নহয় ৷"

লগতে পঢ়কঃ সোণোৱালৰ "আশীৰ্বাদ যাত্ৰাই" ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে

মোডীয়ে অসমৰ দুজন নেতাক গুৰুত্বপূৰ্ণ দপ্তৰ দিয়া সন্দৰ্ভত সোণোৱালে কয়-"অসমৰ জলপথক সুচল কৰি তোলা হ'ব ৷ অসমৰ বৰাক আৰু ব্ৰহ্মপুত্ৰক বঙ্গোপসাগৰৰ সৈতে যোগসূত্ৰ স্থাপন কৰি জলপথৰ যোগেদি আমদানি-ৰপ্তানি কৰাৰ পথ প্ৰশস্ত কৰা হ'ব ৷ ব্ৰহ্মপুত্ৰক লৈ বহু প্ৰকল্প গ্ৰহণ কৰা হৈছে ৷ সেইদৰে আয়ুসক লৈয়ো প্ৰকল্প লোৱা হৈছে ৷" উক্ত সংবাদমেলত উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা,সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু দিলীপ শইকীয়া ৷

লগতে পঢ়কঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক মাতৃভূমিত বিপুল আদৰণি

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.