অসম

assam

ভাগিনৰ পৰা ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত মামা

By

Published : Aug 18, 2022, 10:04 PM IST

ধুবুৰীৰ এখন শিক্ষানুষ্ঠানত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান (Operation against corruption)। উৎকোচ লোৱাৰ অভিযোগত হদুৰহাট ধৰ্মশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চ বৰ্গৰ সহায়কক গ্ৰেপ্তাৰ । নিজৰ ভাগিনৰ পৰা ঘোচ লওঁতেই আটক যতীন্দ্ৰ নাথ ৰয় ৷

Operation against corruption
Operation against corruption

ধুবুৰী, 18 আগষ্ট:ৰাজ্যৰ বিভিন্ন বিভাগত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে এক প্ৰকাৰ জেহাদ আৰম্ভ কৰিছে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই (Assam police against corruption) ৷ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন জিলাৰ বহু কেইজন বিষয়া-কৰ্মচাৰীক উৎকোচ লোৱা অৱস্থাতে হাতে-লোটে ধৰিছে দুৰ্নীতি নিবাৰক শাখাৰ দলে ৷ বৃহস্পতিবাৰে দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে ধুবুৰীৰ হদুৰহাট ধৰ্মশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ উৎকোচ লোৱাৰ অভিযোগত এগৰাকী উচ্চ বৰ্গৰ সহায়কক গ্ৰেপ্তাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে (Government employee caught red handed in Dhubri)।

অভিযোগ অনুসৰি বিদ্যালয় খনৰ পৰা বদলি হোৱা দেৱী বৰ্মন নামৰ এগৰাকী শিক্ষয়িত্ৰীৰ পৰা চাৰ্ভিছ বুকৰ কাম সম্পন্ন কৰাৰ বাবদ উচ্চ বৰ্গৰ সহায়ক যতীন্দ্ৰ নাথ ৰয়ে উৎকোচ বিচাৰিছিল । তাৰ পিছতেই আজি দুহেজাৰ টকা উৎকোচ হিচাপে আদায় দিয়ে দেৱী দেৱী ৰায়ে । লগে লগে দুৰ্নীতি নিবাৰক শাখাৰ দল এটাই অতৰ্কিতে বিদ্যালয়খনত উপস্থিত হৈ হাতে-লোটে গ্ৰেপ্তাৰ কৰে উচ্চ বৰ্গৰ সহায়ক গৰাকীক ।

ভাগিনৰ পৰা ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত মামা

লগতে পঢ়ক:Operation against corruption: ঘোচ লৈ হাতে-লোটে ধৰা পৰিল ৰেঞ্জাৰ-লাট মণ্ডল

ইয়াৰ লগতে দুৰ্নীতি নিবাৰক শাখাই আন বিভিন্ন সামগ্ৰী জব্দ কৰি লৈ যায় বুলি জানিব পৰা গৈছে (CM vigilance operation in Dhubri)।

প্ৰাপ্ত তথ্য মতে, উচ্চ বৰ্গৰ সহায়ক গৰাকীক গ্ৰেপ্তাৰ কৰি গুৱাহাটী লৈ নি অধিক তথ্য উদ্ঘাটনৰ বাবে জেৰা কৰা হ’ব (Anti corruption arrests corrupted employee in Dhrubri) । চাঞ্চল্যকৰ বিষয় যে, ধৃত যতীন্দ্ৰ নাথ ৰয় আৰু অভিযোগকাৰী শিক্ষয়িত্ৰী দেৱী বৰ্মন সম্পৰ্কত মামা-ভাগিন । ইপিনে এই ঘটনাৰ পিছতেই দুখ প্ৰকাশ কৰে বিদ্যালয়ৰ অধ্যক্ষ গৰাকীয়ে ।

ইয়াৰ পূৰ্বেও ৰাজ্যৰ কেইবাটাও স্থানৰ পৰা দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে লাট মণ্ডল, বন বিষয়া, আবকাৰী বিষয়া, শিক্ষা বিষয়াৰ লগতে আন কেইবাজনো চৰকাৰী কৰ্মচাৰীক ৷ তথাপিও যেন খোচ খাই খাই অভ্যস্ত হৈ পৰা একাংশ বিষয়া-কৰ্মচাৰীয়ে আওকাণ কৰি আহিছে এই দুৰ্নীতি বিৰোধী অভিযানক ৷ মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ (Zero tolerance against corruption) কথা কোৱাৰ সময়তে এনে একাংশ কৰ্মচাৰীয়ে এই আহ্বানক অংগুষ্ঠ প্ৰদৰ্শন কৰি টেবুলৰ তলেৰে সংগ্ৰহ কৰি আহিছে বৃহৎ পৰিমাণৰ ধন ৰাশি ৷

বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে জনোৱা মতে, বৰ্তমানলৈকে 20 দিনত 11 গৰাকী দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীক হাতে-লোটে ধৰিছে দুৰ্নীতি নিবাৰক শাখাই ৷ দুৰ্নীতিৰ বিৰুদ্ধে এই অভিযান কেতিয়াও স্থৱিৰ নহয় বুলিও উল্লেখ কৰে জ্যেষ্ঠ আৰক্ষী বিষয়াগৰাকীয়ে ৷ প্ৰশ্ন হয়, কেতিয়া গা লৰিব এনে ঘোচখোৰ কৰ্মচাৰীৰ আৰু কেতিয়া দুৰ্নীতি মুক্ত হ’ব ৰাজ্যৰ চৰকাৰী বিভাগসমূহ ৷

লগতে পঢ়ক:Anti corruption Mission: 10 দিনত দুৰ্নীতি নিবাৰক শাখাৰ জালত 7 বিষয়া

ABOUT THE AUTHOR

...view details