Anti corruption Mission: 10 দিনত দুৰ্নীতি নিবাৰক শাখাৰ জালত 7 বিষয়া

author img

By

Published : Aug 9, 2022, 10:13 PM IST

7 officers caught in anti corruption branch in 10 days

ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষপে গ্ৰহণ কৰাৰ সময়তে ৰাজ্যৰ বিভিন্ন স্থানত নিতৌ গ্ৰেপ্তাৰ হৈছে দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া কৰ্মচাৰী ৷ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা বিগত ১০ দিনত ৭ জন বিষয়া কৰ্মচাৰী উৎকোচ লৈ দুৰ্ণীতি নিবাৰক শাখাৰ জালত পৰিছে (7 officers caught in anti corruption branch in 10 days )।

গুৱাহাটী, ৯ আগষ্ট: ৰাজ্যত অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান (Anti corruption branch raid in Assam) ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) নেতৃত্বাধীন বিজেপি চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষপে গ্ৰহণ কৰাৰ সময়তে ৰাজ্যৰ বিভিন্ন স্থানত নিতৌ গ্ৰেপ্তাৰ হৈছে দুৰ্নীতিপৰায়ণ চৰকাৰী বিষয়া-কৰ্মচাৰী ৷

ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা বিগত ১০ দিনত ৭ জন বিষয়া-কৰ্মচাৰী উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে (7 officers caught in anti corruption branch in 10 days) । ইয়াৰে ভিতৰত ৩ জন চৰকাৰী বিষয়া উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে বুলি সামাজিক মাধ্যমত প্ৰকাশ কৰে অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে (Special DGP GP Singh)৷ ইয়াৰ ভিতৰত ১৩ গৰাকী চৰকাৰী বিষয়া আছে । ইপিনে চলিত বৰ্ষত ২১ জন বিষয়া-কৰ্মচাৰী উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে ।

শেহতীয়াকৈ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ গুৰু প্ৰসাদ খাটনিয়াৰে ৫০ হাজাৰ টকা উৎকোচ লোৱা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই ৷ এজন ঠিকাদাৰে বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ চৌহদত ৩২ লাখ টকাৰ মাটি পেলোৱা কাম কৰিছিল ৷ পঞ্জীয়ক ড৹ গুৰুপ্ৰসাদ খাটনিয়াৰে বিনা কাৰণত দীৰ্ঘদিন ধৰি ঠিকাদাৰজনৰ বিল আৱদ্ধ কৰি ৰাখে ৷

ইয়াৰ পিছতে বিল অনুমোদন দিয়াৰ নামত পঞ্জীয়ক ড৹ গুৰুপ্ৰসাদ খাটনিয়াৰে ঠিকাদাৰজনৰ পৰা প্ৰাৰম্ভিক অৱস্থাত এক লাখ টকা উৎকোচ বিচাৰে । পৰৱৰ্তী পৰ্যায়ত পঞ্জীয়ক গুৰুপ্ৰসাদ খাটনিয়াৰে ঠিকাদাৰজনৰ পৰা ৫০ হাজাৰ টকা উৎকোচ বিচাৰে ৷

ইয়াৰ পাচতে গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ গেষ্ট হাউছৰ সমীপৰ বাসভৱনত পঞ্জীয়ক ড৹ গুৰুপ্ৰসাদ খাটনিয়াৰে উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ কৰে ৷ ইপিনে এজন অভিযুক্তৰ গোচৰ মীমাংসাৰ বাবদ ২৫ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে গোৱালপাৰাৰ মাটিয়া থানাৰ সহকাৰী উপ-পৰিদৰ্শক চবিন পল দাস ৷

আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে জনায় যে কোনোবা চৰকাৰী বিষয়াই উৎকোচ লওঁ বুলি ক’লে আপোনালোকে সময়টো ঠিক কৰি আহিব ৷ পৰৱৰ্তী পৰ্যায়ৰ ব্যৱস্থা আমি ল’ম ৷

লগতে পঢ়ক: দুহাত ৰঙীন কৰি বিশ্বত সমন্বয়-সম্প্ৰীতি-চেনেহৰ বাণী বিলাইছে শিল্পী পৰেশ ভূঞাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.