দুহাত ৰঙীন কৰি বিশ্বত সমন্বয়-সম্প্ৰীতি-চেনেহৰ বাণী বিলাইছে শিল্পী পৰেশ ভূঞাই

author img

By

Published : Aug 9, 2022, 9:22 PM IST

Updated : Aug 9, 2022, 9:40 PM IST

artist Paresh Bhuyan

বিদেশৰ মাটিত জিলিকি উঠিছে এগৰাকী অসমীয়া শিল্পী ৷ সীমাৰ পৰিধি ভাঙি দুচকুত হাজাৰ সপোন আৰু কান্ধত ৰঙৰ টোপোলাটো লৈ ৰং-তুলিকাৰে মেলিছে পোহাৰ ৷ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পীগৰাকী হৈছে লখিমপুৰৰ পৰেশ ভূঞা (Internationally acclaimed artist Paresh Bhuyan) ৷ শিল্পী পৰেশ ভূঞাৰ গাঁথাৰে আজিৰ এই প্ৰতিবেদন...

লখিমপুৰ, 9 আগষ্ট: সীমাৰ পৰিধি ভাঙি দুহাতত ৰঙৰ পোহাৰ লৈ দেশ দেশান্তৰ ঢপলিয়াই ফুৰিছে এগৰাকী অসমীয়া শিল্পীয়ে ৷ শেহতীয়াকৈ তেওঁ ভিয়েটনামত ৰঙৰ পাচুৰ্যতাৰ মেলিছে পোহাৰ ৷ আমি কৈ থকা এই অসমীয়া আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন শিল্পী হৈছে লখিমপুৰৰ পৰেশ ভূঞা (Internationally acclaimed artist Paresh Bhuyan) ৷

ভিয়েটনামৰ হো চি মিন চিটিত ভাৰতৰ চেনেহ এনাজৰীৰ ৰহন সানি দুহাত ৰঙীন কৰিলে লখিমপুৰৰ শিল্পী পৰেশ ভূঞাই । এটি উৰণীয়া মনেৰে দুহাতত ৰঙৰ সম্ভাৰ লৈ দেশ দেশান্তৰ ঘূৰি ফুৰিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন শিল্পী পৰেশ ভূঞাই । চীন, ইজিপ্ত, মালয়েচিয়া, মালদ্বীপ আদি বিভিন্ন দেশত ৰঙৰ পোহাৰ মেলি দেশে দেশান্তৰে খ্যাতি লাভ কৰিছে এইগৰাকী শিল্পীয়ে ৷

যাৰ বাবে তেওঁ ইতিমধ্যে বহু দেশৰ পৰা ৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷

সমন্বয়-সম্প্ৰীতি-চেনেহৰ বাণী বিলাইছে শিল্পী পৰেশ ভূঞাই

কিছু দিন পূৰ্বে মালদীপ চৰকাৰে ৰাষ্ট্ৰীয় শান্তি বঁটা প্ৰদান কৰিছিল শিল্পী পৰেশ ভূঞাক । শেহতীয়াকৈ শিল্পীগৰাকীয়ে ভিয়েটনামতো ৰঙেৰে তেওঁৰ সৃষ্টিশীলতাৰ পোহাৰ মেলিছে । ভাৰতক প্ৰতিনিধিত্ব কৰি বিশ্ব ভ্ৰমি ঘূৰি ফুৰা এইগৰাকী শিল্পীয়ে শেহতীয়াকৈ ভিয়েটনামৰ হো চি মিন চিটিত দুহাতেৰে ৰং বিলাই মেলিলেগৈ এক অনাবিল সৌন্দর্যৰ পোহাৰ ৷

ভিয়েটনামৰ ফাইন আৰ্ট চ’ছাইটিৰ আহ্বান ক্ৰমে সমন্বয়, সম্প্ৰীতি আৰু চেনেহৰ জৰী মজবুত কৰাৰ লক্ষ্যৰে ভাৰতৰ পৰা যোৱা সাতজনীয়া শিল্পীৰ দলটোৰ অন্যতম আছিল লখিমপুৰৰ এইগৰাকী পৰেশ ভূঞা (Artist Paresh Bhuyan in Vietnam) । ভিয়েটনামৰ হো চি মিন চিটিৰ ফাইন আৰ্ট মিউজিয়ামত(Vietnam National Fine Arts Museum) যোৱা ২ আৰু ৩ আগষ্টত দুয়ো দেশৰ শিল্পীৰ মাজত কলা বিনিময়, কলাৰে চেনেহৰ বান্ধোন দৃঢ় কৰাৰ এক কৰ্মশালা আৰু প্ৰদৰ্শনী অনুষ্ঠিত হৈ যায় । এই অনুষ্ঠানত দুয়োখন দেশৰ শিল্পীসকলে ৰং তুলিকাৰে দাঙি ধৰিলে সমন্বয়ৰ এক অনুপম বাৰ্তা ৷

ভিয়েটনামৰ শিল্পীসকলকো আমাৰ দেশলৈ একে উদ্দেশ্যৰে আমন্ত্ৰণ কৰিছে ভাৰতীয় শিল্পীৰ দলটোৱে । ৰঙৰ ৰঙীন আভাৰে বিশ্বক উজ্বলাই বিশ্ব মানৱক একতাৰ এনাজৰীৰে গঢ়িব খোজা শিল্পীসকলৰ মাজৰে এইগৰাকী লখিমপুৰীয়া শিল্পী পৰেশ ভূঞাৰ প্ৰচেষ্টা সঁচাই প্ৰশংসনীয় । দুবাহুত ৰঙৰ মোনাটো লৈ এখন ৰঙীন পৃথিৱীৰ সন্ধানত দেশ দেশান্তৰ ভ্ৰমি ফুৰা অসমৰ গৌৰৱ এইগৰাকী শিল্পীলৈ আমাৰো থাকিল অলেখ শুভেচ্ছা ।

লগতে পঢ়ক : Cleanliness village of Assam : সুৰা নিষিদ্ধ জনজাতীয় গাঁও বাপুৰাম টকবিলৈ গৈছেনে ?

Last Updated :Aug 9, 2022, 9:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.