Cleanliness village of Assam : সুৰা নিষিদ্ধ জনজাতীয় গাঁও বাপুৰাম টকবিলৈ গৈছেনে ?

author img

By

Published : Aug 7, 2022, 6:37 PM IST

Cleanliness village of Assam
সুৰা নিষিদ্ধ স্বচ্ছ জনজাতীয় গাঁও বাপুৰাম টকবিলৈ গৈছেনে ? ()

স্বচ্ছ তথা মনোমোহা আৰু সুৰা নিষিদ্ধ এখন জনজাতীয় গাঁও (A tribal village at Bokakaht) ৷ যাৰ প্ৰাকৃতিক পৰিৱেশৰে হাত বাউল দি মাতে সকলোকে ৷ যিয়ে এই গাঁওখনলৈ আহে, দুনাই ঘূৰি যাবলৈ নিবিচাৰে এই গাঁৱৰ পৰা ৷ পিছে ক’ত আছে এই বিশেষ স্বচ্ছ গাঁওখন ? সবিশেষ আমাৰ এখ প্ৰতিবেদন...

বোকাখাত, 7 জুলাই : প্ৰকৃতিৰ ৰম্যভূমি কাৰ্বি আংলং ৷ কাৰ্বি আংলং আৰু গোলাঘাট জিলাৰ বোকাখাতৰ সীমান্ততে আছে কাৰ্বি জনগোষ্ঠীৰ এখনি সৰু গাঁও (A tribal village at Bokakaht) । নাম বাপুৰাম টকবি গাঁও । পাহাৰীয়া সৌন্দৰ্যৰ মাজত অৱস্থিত এই গাঁওখন । প্ৰকৃতাৰ্থত এখনি শুৱনি গাঁও হিচাবে পৰিচিত এই টকবি গাঁওখন বৰ্তমান সৰ্বত্ৰে চৰ্চা এই গাঁওখনৰ কথা ৷

গাঁওবাসী তথা ধৰ্মীয় গুৰুৰ প্ৰচেষ্টাৰ বাবে হৈ পৰিছে বৰ্তমান সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ উঠিছে ঠকবি গাঁওখন (Cleanliness tribal village of Assam) । গছ-লতা, ফুল-ফলেৰে জাতিষ্কাৰ এই গাঁওখনৰ প্ৰতিঘৰ মানুহৰ পদূলিত আছে একোটাকৈ বাঁহৰ জাৱৰদানি (Dustbin) । গাঁওখনৰ নিয়ম অনুসৰি পৰিস্কাৰ পৰিচ্ছন্নকৈ সকলো ৰাখিব লাগে নিজৰ নিজৰ পদূলিৰ লগতে ঘৰৰ চৌপাশ ৷

তাৰ বাবে প্ৰতিদিনে পুৱাই গাঁওখনৰ লোকসকলে একগোট হৈ এঘন্টাৰ পৰা আধাঘন্টা সময় চলাই এক চাফাই অভিযান । লক্ষণীয় বিষয়টো হ’ল যে, গাঁওখনত নিষিদ্ধ নিচাযুক্ত বা মাদক দ্ৰব্যৰ প্ৰয়োভৰ ।

লগতে পঢ়ক : Remember Menthel Light: সময়ৰ সোঁতত অতীত হোৱা তাহানিৰ মেন্থেল লাইট

এই অঞ্চলটোৰ কোনো দোকানতে বিক্ৰী নহয় নিচাজাতীয় দ্ৰব্য । আনকি যি লোকে এই নিয়ম নামানে তেওঁলোকক ধৰ্মগুৰু আৰু গাঁওবাসীয়ে শাস্তি প্ৰদান কৰে । চালে চকু ৰোৱা এই গাঁওখনত আছে এটা মন্দিৰ ৷ যিটো মন্দিৰৰ বাবেও বৃদ্ধি হৈছে গাঁওখনৰ সৌন্দৰ্য ।

কিন্তু গাঁওবাসীৰ একান্ত প্ৰচেষ্টাৰ ফলত আটক ধুনীয়া গাঁওখনৰ ৰাস্তা-পদূলিৰ অৱস্থা আজিও জৰাজীৰ্ণ ৷ বৰ্তমানলৈকে চৰকাৰী সুবিধা লাভ কৰা নাই এই গাঁওখনে ৷ যাক লৈ কিছু ক্ষোভ ব্যক্ত কৰিছে গঞা ৰাইজে ৷ গাঁওবাসীৰ প্ৰচেষ্টাত জিলিকি উঠা এই গাঁওখনৰ অৱস্থা সঁচাই শলাগ ল’বলগীয়া ।

চৰকাৰ তথা কাৰ্বি স্বায়ত্ব পৰিষদে যদি গাঁওখনক কিছু গুৰুত্ব দিয়ে, তেন্তে নিশ্চিতভাৱে এই টকবি গাঁওখন পৰ্যটনৰ কেন্দ্ৰলৈ পৰিণত হোৱাৰ লগতে এখন আদৰ্শ গাঁও হিচাপে পৰিগণিত হ’ব পাৰে ।

লগতে পঢ়ক : Wooden house in Majuli : অসমৰ সোণালী ইতিহাস বিজড়িত দুশবছৰ গৰকা এটা বিশেষ কাঠৰ ঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.