Wooden house in Majuli : অসমৰ সোণালী ইতিহাস বিজড়িত দুশবছৰ গৰকা এটা বিশেষ কাঠৰ ঘৰ

author img

By

Published : Aug 5, 2022, 7:37 PM IST

Etv Bharat

অসমৰ ইতিহাসৰ পাতত আজিও লুকাই আছে বহু নজনা কথাৰ ভঁৰাল ৷ তাৰে মাজতে মাজুলীৰ এটা দুমহলীয়া কাঠৰ ঘৰে (Wooden house in Majuli) দিয়ে অতীতৰ সোণালী দিনৰ মধুৰ স্মৃতিৰ কিছু সুৱাস ৷ পিছে আজি কিয় চৰ্চাত এই কাঠৰ উৱলি যোৱা ঘৰটো ! সবিশেষ এই প্ৰতিবেদনত...

মাজুলী, 5 আগষ্ট : দুশ বছৰ গৰকা এটা বিশেষ কাঠৰ ঘৰ (Wooden house in Majuli for two hundred years old)৷ যিটো ঘৰৰ লগত জড়িত অসমৰ সোণালী ইতিহাস (Golden History of Assam) ৷ এই ঘৰটোৰ প্ৰতিটো কোণত আজিও পোৱা যায় পুৰণি অসমৰ ইতিহাসৰ কিছু সুৱাস ৷

আমি ক’বলৈ লোৱা এই ঘৰটো আছে মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰত ৷ দুশ বছৰ গৰকা মাজুলীৰ এই বিশেষ কাঠৰ ঘৰটোত আছে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ কিছু স্মৃতি (Some memories of Lokpriya Gopinath Bordoloi) ৷ মাজুলীৰ দক্ষিণপাট সত্ৰত শৰণ লৈ খুব সম্ভৱ তিনিবাৰকৈ মাজুলী ভ্ৰমণ কৰিছিল গোপীনাথ বৰদলৈয়ে ।

অসমৰ সোণালী ইতিহাস বিজড়িত দুশবছৰ গৰকা এটা বিশেষ কাঠৰ ঘৰ

মাজুলী ভ্ৰমণৰ সময়ত নৰদেৱ গোস্বামীয়ে বনোৱা এই কাঠৰ ঘৰটোতে সভা পাতিছিল, শয়ন কৰিছিল লোকপ্ৰিয়ই ৷

আনকি এই বিশেষ ঘৰটোতে আছে এটা বিশেষ কোঠা ৷ যিটো কোঠা লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিছিল । এই ঘৰটোতে বহি অসমৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীয়ে লেখা মেলাও কৰিছিল । পিছে আপুনি জানেনে কেনে অৱস্থাত আছে ইতিহাস বিজড়িত এই ঘৰটো ?

লগতে পঢ়ক : Remember Menthel Light: সময়ৰ সোঁতত অতীত হোৱা তাহানিৰ মেন্থেল লাইট

ইতিহাস বিজড়িত এই কাঠৰ ঘৰটোৰ বৰ্তমানৰ অৱস্থা অতি শোচনীয় ৷ মকৰা জাল, উঁইহাফলু আৰু এলান্ধুৰ মাজত পোত গৈছে এই ঘৰটো ৷ কাৰো যেন আহৰি নাই এই ঘৰটোৰ প্ৰতি সামান্যতম দৃষ্টি দিবলৈয়ো ৷ মাজুলীৰ সত্ৰৰ বৰ ভৰালী নৰেন কটকীয়ে উল্লেখ কৰা অনুসৰি, নৰদেৱ গোস্বামীয়ে সত্ৰলৈ অহা কোনো শিষ্যৰ লগত আলোচনা কৰি কলকাতাৰ ইঞ্জিনিয়াৰৰ লগত কথাপাতি এই ঘৰটো কলিকতাতেই বনাইছিল ৷

তাৰ পাচত জাহাজেৰে এই কাঠৰ ঘৰটো আনি মাজুলীৰ সত্ৰত সকলোৱে ব্যৱহাৰ কৰিব পৰাকৈ সংস্থাপন কৰি দিছিল ৷ ঘৰটো ফল্ডিং অৰ্থাৎ খোলা-মেলা কৰিব পাৰি । দুটা মহলা থকা এই ঘৰটোত আছে ৪ টাকৈ কোঠা । প্ৰথমাৱস্থাত ৰূপৰ টকা ৰখাৰ ভড়াল হিচাপে ব্যৱহাৰ কৰা ঘৰটো পিছলৈ সভা সমিতি তথা বিশেষ ব্যক্তিসকলৰ আবাসৰ স্থান হিচাপে ব্যৱহাৰ কৰা হৈছিল ।

কেৱল গোপীনাথ বৰদলৈয়ে নহয় এইটো ঘৰত আছিল দেশভক্ত তৰুণৰাম ফুকন, বহুকেইজন বৃটিছ চাহাব, প্ৰাক্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা, বেনুধৰ শৰ্মা, পৰাগধৰ চলিহা, দেৱেশ্বৰ শৰ্মা আদি । দুশ বছৰ গৰকা বহুতো ইতিহাসৰ সাক্ষী ঘৰটোৱে এতিয়া মৃত্যুৰ ক্ষণ গণিছে ।

উৱলি গৈছে ঘৰৰ ভিতৰৰ সামগ্ৰীৰ লগতে বৃটিছ যুগৰ বহু অমূল্য নথি-পত্ৰ । পৰ্যটন বিভাগ কিন্বা চৰকাৰী বৰমূৰীয়াসকলে যদিহে এই ঘৰটোৰ সংৰক্ষণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰে, তেন্তে এই কাঠৰ ঘৰটো হ’ব পাৰে অসমীয়া জাতিৰ ইতিহাসৰ এক মধুৰ স্মৃতি ৷

লগতে পঢ়ক : Chirki waterfall in Pasighat: পাচিঘাটৰ চিৰকি জলপ্ৰপাতে মন মুহিব আপোনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.