Remember Menthel Light: সময়ৰ সোঁতত অতীত হোৱা তাহানিৰ মেন্থেল লাইট

author img

By

Published : Jul 14, 2022, 1:57 PM IST

Use of menthal light

মেন্থেল লাইট ৷ এসময়ত পোহৰ যোগানৰ এক নিৰ্ভৰযোগ্য আহিলা ৷ এতিয়া এচুকত পৰি ৰৈছে সোণালী দিনৰ এই আহিলাবিধ (Golden days of Menthel light in our society) ৷ পুৰণি দিনক ৰোমন্থন কৰি আজি এই বিশেষ প্ৰতিবেদন...

কলিয়াবৰ, 14 জুলাই : তাহানিৰ গাঁওবোৰত নাছিল বিজুলী সংযোগৰ কোনো ব্যৱস্থা ৷ চাকি, লেম্প আদিৰ পোহৰতে সকলোৱে কৰি গৈছিল নিজৰ নিত্য-নৈমিতিক কাম-কাজ ৷ নগৰবোৰত বিজুলীৰ সুবিধা আছিল যদিও সিও নিৰ্দিষ্টসংখ্যক লোকৰ মাজতে সীমাবদ্ধ আছিল ৷ অৱশ্যে তাতো যদি বিজুলী যোগানত ব্যাঘাত জন্মে, তেতিয়া মেন্থেল লাইটৰ বাহিৰে বিকল্প কোনো ব্যৱস্থাই নাছিল (Use of menthel light)।

Use of menthal light
মেন্থেল লাইট এসময়ত পোহৰ যোগানৰ এক নিৰ্ভৰযোগ্য আহিলা

বিয়া-সবাহ, ভাওনা আদিত মেন্থেল লাইটৰ আছিল অ-ঘোষিত দপ-দপনি । পাছলৈ গাঁওসমূহতো বিজুলী যোগানৰ ব্যৱস্থা হ'ল যদিও অনিময়ীয়া বিজুলী যোগানে এই আহিলাবিধক জীৱনৰ এক অবিচ্ছেদ্য অংগ কৰি তুলিছিল । বিজুলী সংযোগ নথকা তাহানিৰ দিনত গাঁও অঞ্চলবোৰত কেৰাচিন তেল চাকি-লেম্পৰ প্ৰচলন অধিক আছিল (Golden days of Menthel light in our society) ।

সময়ৰ সোঁতত অতীত হোৱা তাহানিৰ মেন্থেল লাইট

কিন্তু সেই পোহৰ বিয়া-সবাহৰ বাবে পৰ্যাপ্ত নাছিল ।

লগতে পঢ়ক : বিশ্বত জিলিকিব বীৰ লাচিতৰ মৈদাম

সেয়ে জোঁৰ জ্বলাই ভাওনা সবাহ অনুষ্ঠিত কৰিছিল গঞা ৰাইজে । অৱশ্যে পাছলৈ সেই অভাৱ পুৰণ কৰিছিল মেন্থেল লাইটে । নাটক-ভাওনাত এতিয়াৰ দৰে অত্যাধুনিক আলোক সম্পাতৰ বিপৰীতে তেতিয়াৰ দিনত মেন্থেল লাইটটো হৈ পৰিছিল নাটক-ভাওনাৰ আলোক-সম্পাতৰ লগৰী ।

সময় বাগৰিল ৷ লাহে লাহে সলনি হ’ল সময়ৰ সেই গতি ৷ সময়ৰ গতিত গাঁও অঞ্চলসমূহতো বিজুলী যোগান নিয়মীয়া হৈ পৰিল । বিজুলী সংযোগ নথকা সময়ৰ সমস্যা নোহোৱা কৰিবলৈ জেনেৰেটৰৰ ব্যৱস্থা কৰা হ'ল । আৰু ক্ৰমাৎ সময়ৰ সোঁতত হেৰাই গ'ল মেন্থেল লাইট ।

নব্বৈ দশকৰ প্ৰথম ভাগলৈকে অসমীয়া সমাজত এক সুকীয়া পৰিচয় থকা এই পোহৰ যোগানৰ সঁজুলি এতিয়া অনাদৃত । সেই মেন্থেল লাইটৰ আছে এক সোণালী ইতিহাস (Nostalgia of Menthel light) । তেতিয়াৰ সোণালী ইতিহাস এতিয়া আন্ধাৰৰ এচুকত ধূলি-মাকতি, এলান্ধুৰে সৈতে পৰি ৰোৱা এক আৱৰ্জনা । বৰ্তমান নৱ প্ৰজন্মৰ বাবেও মেন্থেল লাইট ফটোত দেখা এক আহিলালৈহে পৰিণত হ’ল ৷

লগতে পঢ়ক : Self reliant Story : কথাৰে নহয়, কামেৰে নিজৰ পৰিচয় দিয়া বিহালীৰ এজন যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.