অসম

assam

Mismanagement in Dhubri ZP : জিলা পৰিষদত চৰম অৰাজকতাৰ অভিযোগ

By

Published : Jan 7, 2022, 2:02 PM IST

ধুবুৰীত চলিছে বিজেপিৰ মৈমতালি ৷ বৃহস্পতিবাৰে জিলা পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন গুৰুত্বপূৰ্ণ বৈঠকত ধুবুৰী জিলা পৰিষদৰ সভাপতি আছাদুৰ ইছলামে জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়াৰ একছত্ৰী ৰাজত্ব আৰু তেওঁৰ কৰ্মকাণ্ডৰ বিৰুদ্ধে তুলিলে অভিযোগ (Dhubri zilla parishad president addressing a press meet) ৷

dhubri-zilla-parishad's-president-organize-press-meeting-against-Chief-Executive-Officer
ধুবুৰী জিলা পৰিষদত চলিছে চৰম অৰাজকতা

ধুবুৰী, 7 জানুৱাৰী :ধুবুৰীত চলিছে ব্যাপক অনিয়ম ৷ ধুবুৰী জিলা পৰিষদ (Dhubri Zilla Parishad) ৰ মূখ্য কাৰ্যবাহী বিষয়াৰ একছত্ৰী ৰাজত্ব আৰু তেওঁৰ কৰ্মকাণ্ডই ক্ষোভিত কৰি তুলিছে জিলা পৰিষদৰ সভাপতি সহ নিৰ্বাচিত আন আন সদস্যসকলক । বৃহস্পতিবাৰে জিলা পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন গুৰুত্বপূৰ্ণ বৈঠকত ধুবুৰী জিলা পৰিষদৰ সভাপতি আছাদুৰ ইছলামে বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে জিলা পৰিষদৰ সভাপতি সহ আনসকল সদস্য সদস্যাৰ সৈতে কোনো ধৰণৰ আলোচনা কৰা নাই বুলি অভিযোগ উত্থাপন কৰে (mismanagement in dhubri zilla parishad alleged) ৷

ধুবুৰী জিলা পৰিষদত চলিছে চৰম অৰাজকতা

লগতে কংগ্ৰেছৰ নেতৃত্বত জিলা পৰিষদ গঠন হোৱাৰ বাবেই মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে জিলা পৰিষদৰ সভাপতি, উপ-সভাপতিকে ধৰি বাকী সদস্য সদস্যা সকলৰ পৰা দূৰত্ব বজাই ৰাখিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে সভাপতি গৰাকীয়ে ।

ধুবুৰী জিলা পৰিষদৰ সভাপতি আছাদুৰ ইছলামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই বৈঠকত উপস্থিত থকাৰ বাবে মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীক লিখিত ভাবে আমন্ত্ৰণ জনোৱা হয় ৷ যদিও উক্ত বৈঠকত উপস্থিত থাকিবলৈ অস্বীকাৰ কৰে মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে । উক্ত বৈঠকত মূখ্য কাৰ্যবাহী বিষয়া গোস্বামীৰ এনে ৰহস্যজনক ভূমিকাত সভাপতিকে ধৰি বিভিন্ন সদস্য সদস্যাই তীব্ৰ ক্ষোভ উজাৰি ভাষণ দিয়া পৰিলক্ষিত হয় ৷ লগতে বৈঠকৰ পিছত ধুবুৰী জিলা পৰিষদৰ তৰফৰ পৰা জিলা উপায়ুক্তক সাক্ষাৎ কৰি এই সংক্ৰান্তত এখন স্মাৰক পত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

এই বৈঠকৰ পাচতে জিলা পৰিষদৰ সভাপতিগৰাকীয়ে এখন সংবাদমেল অনুষ্ঠিত কৰি পঞ্চদশ বিত্তীয় বৰ্ষৰ বাবে চৰকাৰে আৱণ্টন দিয়া 5 কোটি 32 লাখ টকাৰ বিপৰীতে 84 টা আঁচনি ৰূপায়ণৰ কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত আজি পৰ্যন্ত এই ধন কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীয়ে মোকলাই দিয়া নাই বুলি অভিযোগ উত্থাপন কৰে সভাপতিগৰাকীয়ে ৷ ইফালে 2019 চনত কংগ্ৰেছৰ নেতৃত্ব গঠন হোৱা জিলা পৰিষদৰ সৈতে মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে ৰহস্যজনক ভাৱে দূৰত্ব বজাই ৰাখি কোনো উন্নয়ন মূলক কামত গুৰুত্ব দিয়া নাই বুলিও অভিযোগ উত্থাপন কৰিছে সভাপতিগৰাকীয়ে ।

এনে প্ৰসংগত জিলা উপায়ুক্তক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি কৈ প্ৰয়োজনত অভিভাৱক মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব বুলিও সংবাদমেলত উল্লেখ কৰে সভাপতি আছাদুৰ ইছলামে । আনকি প্ৰয়োজনত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে জিলা পৰিষদৰ সভাপতি গৰাকীয়ে ৷ আনহাতে, চৰকাৰে আৱণ্টন দিয়া ধনৰ 25 শতাংশ ধন মোকোলাই দিয়াৰ বাবে সভাপতি গৰাকীয়ে বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছে যদিও এই ক্ষেত্ৰত কোনো ধৰণৰ সঁহাৰি দিয়া নাই মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীয়ে ।

লগতে পঢ়ক :Deadline 31st January : সম্পত্তিৰ তালিকা দাখিলৰ বাবে ACS বিষয়াক চৰকাৰৰ "ডেডলাইন"

ABOUT THE AUTHOR

...view details