ETV Bharat / state

Deadline 31st January : সম্পত্তিৰ তালিকা দাখিলৰ বাবে ACS বিষয়াক চৰকাৰৰ "ডেডলাইন"

author img

By

Published : Jan 6, 2022, 10:35 PM IST

৩১ জানুৱাৰীৰ ভিতৰত অসম অসামৰিক সেৱাৰ বিষয়াই দাখিল কৰিব লাগিব তেওঁলোকৰ সা-সম্পত্তিৰ তালিকা (ACS officers to submit property details) । সবিশেষ জানো আহক ৷

Deadline given to ACS officers for submitting property details
৩১ জানুৱাৰী : সম্পত্তিৰ তালিকা দাখিলৰ বাবে ACS বিষয়াক চৰকাৰৰ "ডেডলাইন"

গুৱাহাটী, ৬ জানুৱাৰী : ৰাজ্যত কৰ্মৰত হৈ থকা সকলো অসম অসামৰিক সেৱাৰ বিষয়াই দাখিল কৰিব লাগিব তেওঁলোকৰ সা-সম্পত্তিৰ তালিকা (ACS officers to submit property details) । এই তালিকা দাখিলৰ বাবে সকলো এ চি এছ বিষয়াক অন্তিম সময়সীমাও ধৰি দিয়া হৈছে । ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে শেহতীয়াকৈ জাৰি কৰা এক নিৰ্দেশনাত অসম অসামৰিক সেৱাৰ সকলো বিষয়াক ৩১ জানুৱাৰীৰ ভিতৰত সা-সম্পত্তিৰ তালিকা দাখিল কৰিবলৈ কোৱা হৈছে (Government asks Property details of ACS officers ) ।

মনকৰিবলগীয়া যে, পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালতো এই ব্যৱস্থা আছিল যদিও বিভিন্ন অজুহাত আৰু কৌশলেৰে বহু এ চি এছ বিষয়াই চৰকাৰৰ ঘৰত সম্পত্তিৰ তালিকা দাখিল নকৰাকৈয়ে সাৰি যাবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক : PM security breach : হিমন্তই ক’লে প্ৰধানমন্ত্ৰীক হত্যাৰ ষড়যন্ত্ৰ কৰিছিল কংগ্ৰেছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.