অসম

assam

গোৰেশ্বৰৰ থাউখ্ৰি নগৰ ৰেল ক্ৰচিঙত উত্তপ্ত পৰিস্থিতি

By

Published : Sep 25, 2020, 5:40 PM IST

গোৰেশ্বৰৰ ১নং বালাহাটী থাউখ্ৰি নগৰৰ ৰেল ক্ৰচিঙত উত্তপ্ত পৰিস্থিতি ৷ ৰেল ক্ৰচিংৰ পদপথ বন্ধ কৰাত উত্তপ্ত কৰি তোলে স্থানীয় ৰাইজে

Baksha protest
গোৰেশ্বৰৰ থাউখ্ৰি নগৰ ৰেল ক্ৰচিংত উত্তপ্ত পৰিস্থিতি

গোৰেশ্বৰ, ২৫ ছেপ্টেম্বৰ: গোৰেশ্বৰৰ ১নং বালাহাটী থাউখ্ৰি নগৰ ৰেল ক্ৰচিংত উত্তপ্ত পৰিস্থিতি ৷ ৰেল ক্ৰচিঙৰ পদপথ বন্ধ কৰাত উত্তপ্ত পৰিস্থিতি কৰি তোলে স্থানীয় ৰাইজে ৷ ঘটনাস্থলীত ৰেলৱে আৰক্ষী উপস্থিত হয় যদিও ৰাইজে জৱাবদিহি কৰে আৰক্ষীক ৷ ঘটনাস্থলীত কোনো ধৰণৰ সুদুত্তৰ দিব নোৱাৰি ৰেল বিভাগৰ বৰমুৰীয়াসকলক ঘটনা সম্পৰ্কে জনোৱাৰ আহ্বান ৰাইজক জনায় ৰেল আৰক্ষীয়ে ৷

গোৰেশ্বৰৰ থাউখ্ৰি নগৰ ৰেল ক্ৰচিংত উত্তপ্ত পৰিস্থিতি

উল্লেখ যে গোৰেশ্বৰৰ ১নং বালাহাটী থাউখ্ৰি নগৰ ৰেল ক্ৰচিঙত আজি ৰেল বিভাগৰ লোকে দীৰ্ঘদিন ধৰি ৰাইজে অহা যোৱা কৰা পদপথটিৰ দুইকাষে গাত খান্দি দিয়ে ৷ যাৰ ফলত অঞ্চলটোৰ ৰাইজে ওলাই আহে আৰু ৰেল বিভাগৰ লোকে খান্দি দিয়া গাতটি বন্ধ কৰে ৷ ইয়াকে লৈ ৰাইজ আৰু ৰেল আৰক্ষীৰ মাজত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হয় ৷ ৰাইজৰ অভিযোগ মতে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে স্কুল কলেজ অফিচ কাছাৰী আৰু হাত বজাৰ আদিত পথটিৰে অহা যোৱা কৰিছিল আৰু বিভাগীয় কৰ্তৃপক্ষকো এটা ৰেলৱে ক্ৰচিং ব্যৱস্থা কৰাৰ বাবে ২০১৩ বৰ্ষতে ৰাইজে এখন আবেদন দিছিল যদিও আজিকোপতি কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে ৰাইজে ৷ ফলত আজি এক অনাহুত পৰিৱেশৰ সৃষ্টি হয় ৷

ইপিনে,স্থানীয় ৰাইজৰ দাবী শীঘ্ৰে গোৰেশ্বৰৰ ১নং বালাহাটী থাউখ্ৰি নগৰৰ ৰেল ক্ৰচিং এটি নিৰ্মাণ কৰক অন্যথা ৰাইজক অহা যোৱা কৰাৰ কিছু সুবিধা প্ৰদান কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : বন বিভাগৰ অভিযানত কাঠৰ কুণ্ডাভৰ্তি ট্ৰাক জব্দ

ABOUT THE AUTHOR

...view details